এনাজৰী দুলেৰে বান্ধ খাই থকা
মৰম আৰু বিশ্বাসৰ বান্ধোনবোৰক
জীয়াই ৰখাটো যেন এটা কলা।।-
সম্বন্ধৰ শিকলি ডাল
বান্ধি ৰখাৰ প্ৰয়োজনেই বা কিয়?
মৰম যদি সঁচা হয়,
পবিত্ৰ হয়,
এনাজৰী ডাল জানো ছিঙিব পাৰিব!!(?)
-
এনাজৰী
****************
মৰম, বিশ্বাস, শ্ৰদ্ধাৰে
আৰম্ভ হোৱা এটি সম্পৰ্ক,
হিয়াৰ নিভাঁজ কোণত
সাঁচি ৰাখিছো সযতনে।
যʼত মৰমৰ কোনো অপৰিপূৰ্ণতা নাই
নাই কোনো তেজৰ সম্পৰ্ক;
আছে মাথোঁ তিনিখন হৃদয়।
যিয়ে সংযোগ ঘটি পৰিপূৰ্ণতা পাইছে
এখনি বিশাল সাগৰৰ বুকু।
হয়,
মই অৱগত কৰিব খোজা তিনিখন হৃদয়
মই, পূৱালী বা আৰু কাব্যশ্ৰী বা।
একেটি কোঠাতে আৱদ্ধ হোৱা এটি সৰু পৰিয়াল।
চন্দ্ৰমাৰ পোহৰত জিলিকি উঠা
উজ্জ্বল নক্ষত্ৰৰ দৰে আমাৰ আদৰবোৰ।
নতুন পৰিচয়ত প্ৰাণ পাই উঠা
বহুদিনৰ চিনাকী যেন লগা এটি সম্বন্ধ।
স্মৃতিৰ দলিচাত চিৰদিন এনেদৰেই থাকে যেন
তিনিখন হৃদয় এখনি হৈ। ❤️-
তুমি আঁতৰি যোৱা
বৰ বেছিদিন হোৱা নাছিল
হয়তো মই পাহৰিব নোৱাৰাৰ বাবেই..!
তেনে অনুভৱ..?
কব নোৱাৰোঁ...
চলনাময়ী অতীতে
ইতিকিং কৰি কিয় হাঁহে !!
সুখ বোৰ যে নিগাজি নহয় ।।
বান্ধি ৰখা এডাল এনাজৰীৰে
মৰমৰ,ঘৃণাৰ অথবা স্বাৰ্থৰ,
অনুৰোধ কৰিছোঁ
কিন্তু বান্ধি ৰাখা ........
-
তুমি বিচাৰিলেই
মই তোমাৰ হাতখন ধৰিব পাৰোঁ....
একাকিকত্ব প্ৰিয় তোমাৰ
সেইবাবেই মইও কৰবাত মৌন।
কিন্তু
অপ্ৰকাশিত তোমাৰ বিষাদবোৰ
মোক তোমাৰ কাষলৈ বাৰম্বাৰ মাতি লৈ যায় ।
নাজানোঁ কিয় ?
বাৰম্বাৰ এনে হয়......
অথচো
তোমাৰ সৈতে মাথোঁ মোৰ চিনাকি এদিনৰ।-
এডাল এনাজৰী
য'ত আছে
মৰম সাহস বিশ্বাস
সৰু সপোন বোৰ তাত
বান্ধি ৰাখিছো
মৰমৰ এনাজৰী ডাল
বৰ থুনুকা অ
চিগি গলে
জোৰা নালাগে
এডাল বন্ধুত্বৰ এনাজৰী
য'ত থাকিব
খং কাজিয়া অভিযোগ
কিন্তু কেতিয়াওঁ
ভাঙি নাযায়
এই মধুৰ এনাজৰী ডাল
-
তেওঁ
তেওঁ হৃদয়হীন....?
ওহোঁ নহয়..!
তেওঁ আৱেগহীন...?
নহয় কেতিয়াও নহয়।
তেওঁ তাইৰ প্ৰিয়
নহয় চাগে তাইয়ো তেওঁৰ অপ্রিয়!(ভাবি লৈছো)
প্ৰেমময় মন এটা তেওঁৰো আছে
কাৰণ তেওঁ বুজে তাইৰ প্ৰতিটো অকবিতাৰ অৰ্থ..!
বেলেগে কি কয় নাজানো
কিন্তু তাই তেওঁক বুজি উঠিছে।
একাকীত্ব প্রিয় ছোৱালীজনীক
তেওঁ সলনি কৰাইছে...,
নিসংগতাৰ বুকুত মৌন হৈ পৰা
ছোৱালীজনীক মুৰ তুলি জীয়াই থাকিব শিকাইছে।
অপ্ৰকাশিত বিষাদবোৰ তেওঁ
প্ৰকাশ নকৰাকৈয়ে বুজিছে,
তেওঁ যে এতিয়া হাঁহিৰ আঁৰৰ
চকুপানীও চিনি পোৱা হৈছে |
নিঃশেষ হব ধৰা তাইৰ উকা জীৱনটোত
তেওঁ বহুৰঙীন আবিৰ ছটিয়াইছে।।
আশা আছে...
কথা দিছে তেওঁ,
থাকিব তেওঁ ,
নীৰৱতা ভাল পোৱা ছোৱালীজনীৰ {আজীৱন}
মৌনতাৰ গান হৈ।।-
সম্পৰ্কৰ এনাজৰী মজবুত হৈ থাকে তেতিয়া,
ভৰপূৰ শ্ৰদ্ধা-মৰম,বিশ্বাস মনত নিহিত হৈ থাকে যেতিয়া...
-