Rideep Rajkhowa   (RiDiP)
322 Followers · 50 Following

নৈ বোৰৰ দৰে মইয়ো নিসংগ নহয় ।

অকুলতাৰে সময় বান্ধি ৰাখিম
অনুৰণিত সময়
বুকুৰ একোনত ।।
Joined 7 September 2017


নৈ বোৰৰ দৰে মইয়ো নিসংগ নহয় ।

অকুলতাৰে সময় বান্ধি ৰাখিম
অনুৰণিত সময়
বুকুৰ একোনত ।।
Joined 7 September 2017
29 MAY 2019 AT 15:29

বিশ্বাসৰ পংকিলতাত
সম্বন্ধবোৰ আউল লাগে,
সেয়া যিমানেই আপোন নহওক কিয় !!!

-


18 FEB 2019 AT 10:48

#অসমীয়া_শ্বায়েৰি

স্মৃতিৰ মূল্য তেওঁ কি বুজিব
যিজনে স্মৃতিবোৰ মচিব খোজে !
স্মৃতিৰ মূল্য তেওঁক সুধিব
যিজনে স্মৃতিক সাৱটি জীৱন পাৰ কৰে ।।

-


25 MAR 2018 AT 13:57

মৰহা নৰাৰ পোখা
°°°°°°°°°°°°°°°°°°°°

অনিচ্ছাকৃত ভাবে পথাৰৰ বাটে পোৱালি সামৰিছে
লঠঙা ডালত
কুঁহিপাত থুতিয়াইছে,

অনিচ্ছাকৃত এজাক বৰষুণত তুমি তিতিছা
বৰ্ষণ মুখৰ বতৰ
যদিও তোমাৰ অপ্ৰিয়,

আচলতে ভুল তোমাৰ নহয়
ভুল ফাগুনৰ
পিয়াহঁত থকা পথাৰ খন দেখি
বহাগক মাতিলে
এজাক বৰষুণৰ সতে.... ।।

©ৰিদীপ ৰাজখোৱা ২৫/০৩/২০১৮

-


7 JAN 2018 AT 20:51

জীয়াই থকাৰ বাবে মোৰ ওচৰত
হাজাৰটা কাৰণ আছে
কিন্তু সুখী হোৱাৰ কাৰণ
আজিও নুবুজিলোঁ...

জীয়াই কিমানদিন থাকিম
কেনেকৈ থাকিম নাজানো ।
জীৱনত তোমাক লগ পালো সেয়াও
সময়ৰ নিৰ্ণয়
হৃদয়ত কিমান দিন থাকিবা
তোমাৰ ব্যৱহাৰে কব ।।

যত ভালপোৱা আছে তাতে জীৱন আছে ।।

মানুহ !
সদায় সহজ পথেৰেই গতিৰত..
ভবাৰ আৱশ্যক নাই যে
প্ৰত্যেক পথেই শুদ্ধ...
নিৰ্ণয় তুমি কৰা
কাৰণ তোমাক
তোমাতকৈ ভালকে ময়ো নাজানো ।।

তোমাৰ হৃদয়ৰ স্পন্দনে
মাথোঁ তুমি জীয়াই থকাৰ কথা কয়,
কিন্তু দুচকুৱে ?
কৈ যায়
তুমি কেনেকৈ জীয়াই আছা...

-


4 OCT 2017 AT 18:21

আবদ্ধ
মোৰ উশাহ
তোমাৰ হৃদয়ৰ মণি কোঠাত।
সৰাপাতৰ খচমচনি
অৰণ্যৰ কলাজ বোৰ ধোঁৱাময় হৈ ৰ'ল
মেকংৰ দুই পাৰত ।

মই যেন ক্ৰমশঃ হেৰাই গৈছোঁ
বিলীন হৈ গৈছোঁ তোমাতেই ।
হেৰুৱাই পেলালোঁ
উভতাৰ পথ,

তুমি বাৰু
মোক অলপ সেউজীয়া দিবানে ?

মই তিতিব খোজোঁ, মই বতাহ চুব খোজোঁ
মই দুখৰ বাকৰিত সাতুৰিব খোজোঁ !

অনুগ্ৰহ কৰি এবাৰ খুলিদিয়ানা
তোমাৰ অবুজ হৃদয় ।।

-


4 OCT 2017 AT 13:11

এটি গীত
মলঙা বতাহত থুতিয়াই যোৱা
আশাৰ গীত।
ফুটা নুফুটা পোহৰৰ
এজাক বৰষুণৰ গীত।।

বৰষুণ নোহোৱা হল ।

বতাহত নচা সেউজীয়া পাতৰ
চেও হেৰাই গল,
হেৰাই গল গৰখীয়াৰ বাঁহীত বজা
বনৰীয়া গীত।।

গীত মাথোঁ গীত
ছটা ঋতুৰ সাতটা গীত
মই এটি অঘৰী গীত।।

-


24 SEP 2017 AT 13:52

আকাশৰ ঠেঁহ ভাঙি
গা ভাঙি নাচিছে বৰষুণে,
নাঙলৰ সীৰলুত জীৱন জুৰুৱা গান।।
হাবিতলীয়া বতাহে সাৱটি ধৰে
প্ৰত্যাশিত সুৰুজৰ ফেঁহুজালি,
উভতনিৰ পথত
নাৱৰীয়াৰ ডিঙাত জলপৰিৰ তনুৰ তৰঙ্গ।।
চাকিৰ তলৰ ধীমিকি পোহৰত
পিয়াহ জোনাকী হৈ উৰে ওৰেটো নিশা।।

তুমি মোক ভাল পাওঁ বুলি কলে দিগন্ত বিলীন হয়
মোৰ হৃদয় অৰণ্যত ।।

-


23 SEP 2017 AT 16:39

মানুহ দেখিছো বহুত মানুহ !
বহুতে দিয়ে মাতৃভাষাৰ জ্ঞান,
এয়া যে অন্য এক কিৰীতি ।।

বেদনা দেখিছা ? স্বপ্নভংগৰ বেদনা !!

বেটুপাতত নাৰী প্ৰেমৰ প্ৰতীক,
জীৱনৰ সংজ্ঞা কত জীয়াই আছে ?
পপষ্টাৰ,ফুটবলাৰ নে পেপচী-ককোকোলাত.....??

-


22 SEP 2017 AT 23:06

ত্যাগ: এই বস্তুবাদী সমাজ ব্যৱস্থা !

মই নাস্তিক কিয় ?
ব্যক্তিৰ উৰ্ধত সিহঁতৰ পুঁজিবাদী বন্ধন।।

ত্যাগ ! প্ৰতিদিনে নিজক সঁজুৱাৰ,
দেখুৱাই নিদিয়া হলে নাজানিলো হলে
অনস্তিত্ব মানেই ত্যাগ !!

-


20 SEP 2017 AT 11:49

কথা বোৰ কিয় নহয় বাৰু নদীৰ দৰে ?

মই গজলৰ প্ৰেমত পৰিছোঁ,
উৎসৱৰ আলোড়নত ব্যত্তিক্ৰম মূহনাত বাঢ়িছে
তোমাৰ হেঁপাহৰ উক-মুকণি !

চন্দ্ৰকলা _______ তোমাৰ ভাবত বিভোৰ
এই অজান প্ৰেমিক ।।

-


Fetching Rideep Rajkhowa Quotes