<<দায়িত্ববোধ>>
এই যে নিজস্বতাবোৰ ....
এদিন এইদৰেই চাগে হেৰুৱাই দায়িত্ববোধে
আৱৰি ৰখা মানুহজনৰ।
সপোনৰ সমাধিস্থ কবৰৰ কাষত
থিয় দি চুকলো সৰে.....
কল্পনাৰ সাগৰত ডুব গৈ নিজকে প্ৰশ্ন কৰে
এয়াই জানোঁ জীৱন ?
-
তোমালৈ বুলি
আৰু মোৰ কোনো অন্তিম অভিমান নাই ।
মোৰ দূৰত্বই যদি তোমাক সুখী ৰাখে,তেন্তে এই দূৰত্ব হওঁক এক আকাশ সদৃশ বিশাল ।
তথাপি...
তোমাৰ সুখ হওঁক।-
এনেকুৱাও কিন্তু হব পাৰে
তেওঁ
তোমাৰ নামতেই নিৰৱেই পাৰ কৰিব এই জীৱন,
তাৰ পিছত....
মানুহক জনাব প্ৰেম এনেদৰেও কৰা যায়।-
অপেক্ষা এতিয়াও চোন নকৰা নহয়,কিন্তু এই অপেক্ষাৰ অন্য এটি নাম এতিয়া নিৰৱতা । প্ৰথমাৱস্থাৰ সদৃশ কাহানিও আৰু তোমাক মাত এষাৰো নিদিওঁ কিয়নো নিৰৱতাই যে আপোন ঠিকনা হ'ল এতিয়া।
প্ৰেম তোমালৈ এতিয়াও নথকা নহয়,কিন্তু শব্দৰে-ব্যৱহাৰেৰে এয়া জানোঁ উচ্চাৰিত কিম্বা প্ৰকাশিত হব ? নহয় ও সজীৱ,স্মৃতিত যে আবদ্ধ হৈ পৰিল এতিয়া।
তুমি হয়তোবা বিশ্বাস নকৰিবা,হৃদয় এতিয়াও হাহাকাৰ কৰে,তুমি আঁতৰি যোৱাৰ বাবে । কিন্তু কোনো আপত্তি নাই আৰু এতিয়া,কিয়নো এই আঘাত একমাত্ৰ নিজৰ হ'ল এতিয়া।
এৰা জীয়াই থকাৰ ইচ্ছা এতিয়াও তোমাৰ সৈতে জড়িত হৈ আছে,কিন্তু ইশ্বৰৰ ওচৰত তোমাক বিচাৰি নাযাওঁ আৰু এতিয়া ।
অপেক্ষা তৎসত্বেও থাকিব,কিন্তু এই অপেক্ষাত কোনো আশা-ভৰশা নাই,মাথোঁ এয়া এক অন্তিম নিস্তব্ধতা বুলিয়েই ধৰি লোৱা।-

তেওঁচোন মৃত !
এই যে আমি দেখি থকা মানুহজন,সেয়া মাথোঁ পিতৃ-পৰিয়ালৰ বাবে জীয়াই থকাৰ অভিনয়ত মগ্ন মৌন মানৱ।
নিশাৰ আকাশত যিয়ে নিজৰ সপোনৰ সমাধিস্থ নাইবা ব্যৰ্থ ভাগৰুৱা দেহ-আত্মাৰ শান্তি বিচাৰি থাকে।
তেওঁচোন বৰ অকলশৰীয়া,শুনিছোঁ তেওঁ বোলে এইবাৰ বিয়া পাতিবলৈ সাজু হৈছে ।
যিয়েই নহওঁক বেচেৰাটো এইবাৰ চাগে অন্ততঃ সকাহ পাব ........😘-
তোমাৰ ওপৰত মোৰ এক আকাশ সদৃশ বিশাল অভিমান । কিন্তু অভিমান প্ৰকাশ কৰিবলৈ চোন অধিকাৰৰ প্ৰয়োজন,মোৰ ক্ষেত্ৰত এয়া ডাঙৰ প্ৰশ্নবোধক ! তেনেহলে জানো অভিমান কৰা সম্ভৱপৰ নহয় ???
হয় সম্ভৱপৰ,অভিমান সকলোৰে ওপৰত কৰা যায় কিন্তু প্ৰকাশ কৰা নাযায়। কিয়নো অভিমান তকৈ আত্মসন্মান যথেষ্ট পৰিমাণে ওপৰত। সেইবাবেই হয়তোবা অভিমান প্ৰকাশ কৰাৰ অধিকাৰ নথকাৰ বাবে যুগৰ পিছত যুগ আপোন মানুহৰ ওপৰত থকা অধিকাৰ লুকুৱাই ৰাখিব লগা হয়।-
মৰীচিকা
তোমালৈ একো অনুভৱ ব্যক্ত নকৰোঁ !
তৎসত্বেও....
এটি সম্পূৰ্ণ কবিতা লিখি পেলাওঁ,
তোমালৈ একেবাৰেই কল্পনা নকৰোঁ !
অথচ.....
এনিশা তোমাৰ ভাৱনাতেই পাৰ কৰি দিওঁ ।-
সামান্য আত্মসন্মান আৰু কিছু অভিমান লৈ
মানুহে জীয়াই থাকিব খুজে....
অথচো
কিছুমানে নুবুজাকৈয়েই পাগল বুলি ভাৱি আঁতৰাই দিয়ে।
মেহদী আলম- অকবিতাৰে জীৱন সজোৱা মানৱ।
-
অসম্পূৰ্ণতা
----------------
কিবা এটি অসম্পূৰ্ণতা মোৰো
আছিলে,
কোনোবা এজনীচোন মোৰো আপোন আছিলে..
যিয়ে অথচো
মোৰো হোৱা নাছিলে.....
আৰু তেনেকৈয়েই এটা কাহিনীৰ বিলুপ্তি ঘটিছিল ।-