Rimli's World   (✍️নীৰৱতাৰ আজন্ম প্ৰেয়সী)
82 Followers · 45 Following

read more
Joined 7 September 2020


read more
Joined 7 September 2020
26 OCT 2023 AT 22:24

হ'ব দিয়ক.......
আহিব আমাৰ পদূলিলৈ
শৰতৰ বুকুত আঁউজি
দুয়ো লিখিম অকবিতা
আৰু.......
দুয়ো মিলি শুনিম
বিৰহী শেৱালি আৰু নিয়ৰৰ গুপুত বেদনা।
💖💫

-


8 APR 2023 AT 22:09

আপোনাৰ দুহাত যেতিয়া হয় সাৰথি
নিৰাপদ যেন লাগে জীৱনৰ পৃষ্ঠাকেইটি!🤝🌚

-


7 APR 2023 AT 18:40

- তোমাৰ হৈছে কি?
- মোৰনো হব কি?
- তেন্তে কান্দিছা কিয়!?
- কত নো কান্দিছো?
- মিছা কিয় কৈছা!?
- চব চকুপানী জানো দুখৰ হয়?
- মই তোমাৰ চকুত কেতিয়াও চকুপানী চাব নিবিচাৰোঁ।
- আৰু সেইয়া যদি সুখৰ চকুলো হয়!?
- সুখ জানো মানুহে চকুপানীৰে প্ৰকাশ কৰে?
- হম , কৰে বাবা মই কৰো,
কেতিয়াবা বহুত সুখী হলেও মই কান্দো।।
-😒
.........

-


23 MAR 2023 AT 21:40

কেতিয়াবা কিবা এটা বিষে বুকুখনৰ কোনোবা এটাকোণত খুন্দা মাৰি পাইছেনে?
বিষবোৰ অসহ্যকৰ....🌚
সেইখিনিযেন কোনেও বুজি নাপায়,অনুভৱ কৰিবও নোৱাৰে,
কাৰো আগত প্ৰকাশিবও নোৱাৰি..
এক অচিন বিষে যেন কোঙা কৰি পেলাই মন মগজু সকলো!
হেজাৰ ভাললগা কথাইও মন ভাল লগাব নোৱাৰে,
হেজাৰ ৰসাল কথাও তেতিয়া নিৰৰ্থক হৈ পৰে।

-


25 FEB 2023 AT 11:30

উত্তৰ বিচাৰি..

হিয়াৰ অব্যক্ত আশাবোৰ
জানো পূৰণ হব?
হৃদয়খনৰ নিঃশব্দ চিঞৰবোৰ
জানো আপুনি শুনিব?
অশ্ৰুৰ বানত
জানোচা আপুনি তিতিব পাৰিব?
মোৰ হৃদয়ত গুঞ্জন হৈ ধ্বনি_ত আপুনি..,
তেনেকৈ আপোনাৰ হৃদয়ৰ সুৰ_মঞ্জৰীত
জানোচা ঝংকাৰ হৈ ঝংকৃত হ'বলৈ দিব পাৰিব??

কওঁক.......???

হৃদয়খনে দেখোন আজি আপোনাক
প্ৰশ্ন কৰিছে...!
আপুনিনো উত্তৰ দিয়াত কিয় কুন্ঠাবোধ কৰিছে?

মোৰ কাব্যিক অনুভূতিবোৰত যেন আপুনি
নতুন কৈ প্ৰত্যাখ‍্যাৰ বীজ সিঁচিছে..
মোৰ হৃৎপ্ৰকোষ্ঠৰ প্ৰতিটো স্পন্দন যেন আপুনি
আপোনাৰ নামেৰে নামাকৰণ কৰিছে...||
ক্ৰমশঃ......
✍️(ৰিম লী)

-


23 JAN 2023 AT 10:57

অপেক্ষা কৰিম সেইদিনটোলৈ
আপুনি মোৰ কপালত
ৰঙাবেলিটো আঁকি দিয়ালৈ......❤️

-


22 JAN 2023 AT 19:56

*আপুনি মোৰ*

হেঁপাহ আছে বাবেই আছে জীৱনটো
আৰু আপুনি আছে বাবেই আছো মই....
হৃদয়ে হৃদয়ৰ কথা কেতিয়াবাই শুনিছে
আপুনিও চাগে তাৰ উমান পাইছে।
কিন্তু
হৃদয়ৰ ভাষা শব্দৰে প্ৰকাশ কৰাৰ প্ৰয়োজনবোধ
জানোচা আপুনি কৰিছে!?
অপেক্ষাৰত মই
খুলি কবচোন কথাবোৰ ....
অনুভৱবোৰকনো আৰু কিমান হৃদয়ত আবদ্ধ কৰিব?
আপোনাৰ ওঁঠৰ হাঁহিয়ে যদি মোৰ ওঁঠত হাঁহি বিৰিঙাই ..
আপোনাৰ দুটি কথাই যদি মোৰ মনটো ফৰকাল কৰাই
তাতকৈ আৰু কি লাগে !?
নহয় জানো??
বুজিছে নহয় আপুনি...??
আপুনি মোৰ বাবে কি?
বিশেষ নকওঁ
মাথোঁ কম-----

"আপুনি মোৰ
আৰু আপোনাৰ হৈয়ে জিয়াব বিচাৰিম মই আজীৱন।"

--ৰিম লী

-


3 NOV 2022 AT 17:49

(স্বাৰ্থপৰ বুলি নকব)

এলাগী হৃদয়খনৰ খবৰ জানো আপুনি ৰাখিছে?
হৃদয়খনে কি বিচাৰে তাৰ উমান জানো আপুনি পাইছে?
অভিমানবোৰে নিজেই নিজৰ মাজতেই ঠেঁহ পাতি ঠিক হোৱা জানো আপুনি দেখিছে?
যদি চাব ইচ্ছা আছে....
আহিব এদিন হৃদয়ৰ আলহী হৈ..
বহুত নজনা কথা জানিব,
লক্ষ্য কৰিলে বহুত নেদেখা কথা দেখিব।
(ভেজালহীন মৰম,নিঃস্বাৰ্থ প্ৰেম)
তেতিয়া চাগে হয়তো আপুনি আৰু মোক
স্বাৰ্থপৰ বুলি কব নোৱাৰিব!

কিন্ত্ত কিয়?
কিয় ভাবে আপুনি মোক স্বাৰ্থপৰ বুলি??
আপোনাক নিজৰ কৰিব বিচৰাটো জানো হব পাৰে স্বাৰ্থ?
আপোনাক নিজতকৈও বেছি ভাল পোৱাটো জানো স্বাৰ্থ বুলি আপুনি কব?
হয়তো হবও পাৰে..হলেও
আপুনি বেলেগৰ হোৱাটো মই যে নোৱাৰিম সহিব।
কাৰণ
ৰুক্মিণী হোৱাৰ হাবিয়াস নাই
আৰু
ৰাধা হোৱাৰো মোৰ সাহস নাই...
গতিকে কব পাৰে
আপুনি
নি:সংকোচে.........
মোক স্বাৰ্থপৰ বুলি........!!
-ৰিম লী

-


5 OCT 2022 AT 13:22

অপ্ৰকাশ্য

শূন্যতাৰ প্ৰলেপ বুকুত সানিয়েই আজীৱন জিয়াম,
আপুনি নামৰ অভ্যাসখিনিক আৰু ওচৰ চাপিব নিদিওঁ..
আৱেগবোৰক দূৰৰ পৰাই হৃদয়ত নিষিদ্ধ কৰিম।

আপুনি যে.....
মোৰ অকবিতাৰ শব্দবোৰতেই ঠিকে আছে..।
সেই যে অস্ত্বিত্বহীন সপোনবোৰ (আপোনাক লৈ দেখা)
এতিয়া সমাধিস্থ।
আপুনিহিনতাৰ যন্ত্ৰণা হয়তো মোৰ
উজাগৰী নিশাৰ কাৰণ হব,
হলেও কথা দিছোঁ
সেইকথাৰ উমান আপুনি কোনোদিন নাপাব!
(কিয়নো আপুনি কষ্ট পোৱাটো যে মই কোনোদিন নিবিচাৰোঁ)

নিবিচাৰোঁ কেতিয়াও,
ওহোঁ নিবিচাৰোঁ আৰু কেতিয়াওঁ
মোৰ জীৱনৰ আধৰুৱা কাহিনীয়ে পূৰ্ণতা পোৱাটো,
কাৰণ মই জানোঁ..
এইয়া অসম্ভৱ🙂।
(স্মৃতিবোৰ বৰ দুষ্ট দেখোন,
যিমানেই পাহৰিব চেষ্টা কৰোঁ, সিমানেই মনটোত আৰু গাঢ় হৈ ধৰা দিয়ে😔)
কিন্তু এটা কথা......!
আপোনাৰ স্মৃতিয়ে মোক যেতিয়াই আমনি কৰিব,
মোৰ ডায়েৰীৰ উকা কাগজবোৰে তেতিয়াই ৰঙীন হব।।

--ৰিম লী

-


2 OCT 2022 AT 19:40

অপেক্ষাৰ অন্ত পৰিব,
তেওঁ এদিন বুজিব....
যে সেইয়া মোৰ অহংকাৰ নাছিল
স্বাভিমান হে আছিল।
😌😇

* #স্বাভিমানী*

-


Fetching Rimli's World Quotes