প্ৰেম বকুল ফুলৰ দৰেই....
যি তল সৰি পৰিলেও
সুবাসিত হৈ থাকে...
ঠিক স্মৃতিৰ পাঠখিলাৰ দৰে...
সোঁৱৰণী জাগ্ৰত কৰে..
অথচ বিচ্ছেদৰ যন্ত্ৰনাত...
দুচকুত ভৰা শাওঁন...
দিবানিশি থাকে।-
নিঃশব্দ সময়ে মেলি যায় সোঁৱৰণী ৰ পৃষ্ঠা বোৰ,
নীৰৱে গুচি যায় সময়বোৰ।
-
কুঁৱলীসনা শীতৰ এটি সন্ধ্যা
তুমি তুমি লগা অনুভৱটিৰ সৈতে
সময়বোৰ সুন্দৰ আছিল ॥
ভালপোৱাৰ ৰঙবোৰ কিমান গাঢ় হৈছিল নাজানো !!!
কিন্তু ................
সেই সন্ধিয়াটিৰ প্ৰতিটো মূহুৰ্ত
আজিও মোৰ প্ৰিয় ॥-
এজাক বৰষুণৰ অপেক্ষাত
কিমান দিন যে
ভিজা নাই বৰষুণত
দেহত লাগি থকা
ভিজা ভিজা অনুভৱবোৰ
এতিয়া সোঁৱৰণী মাথো-
পদূলিৰ দুৱৰি জোপা
অভিমানি হল
জুই জ্বলিল
আশাৰ ভৰালত
হেপাঁহৰ চোতালত
হেৰাল অমাতৰ মাত
আজি
কান্দিবলৈ যে কান্ধৰ অভাৱ হল
জিলিকি থাক
ধ্ৰুৱতৰাৰ দৰেই ....
আজি তোৰ
দুবছৰীয়া মৃত্যু তিথি
এচমকা আকাশৰে আৱৰি ৰাখিবি
তোৰ সেউজীয়া ডৰাক।-
যদি কাৰোবাক
সঁচাকৈয়ে ভাল পোৱা যায় !
তাৰ মৰমৰ সুবাস
আজীৱনে হৃদয়ত খোদিত হৈ থাকে!
তাক মোহাৰি পেলোৱাও ইমান সহজ নহয়
যদিও তাৰপৰা কাহানিও আৰু এবাৰ
একো উপকাৰো নাপাওঁ !
তথাপিও তাক সংগোপনে
হৃদয়ৰ নিবিড় কোণত
সাঁচি থোৱা যায়
কোনেও নজনাকৈ নিৰৱে
সেই মৰমে বুকুৰ মাজত
সোঁৱৰণীৰ গীত গাই
আলফুলে সদায় ফুলে !!
আৰু কেতিয়াবা মোক
ভাবুক কৰি তোলে!!
এয়াই চাগে প্ৰেমৰ
স্বৰ্গীয় অনুভূতি !!
7-5-20-