কেতিয়াবা এটা কথা উপলব্ধি হয়―এই যে সুখ,সুখ বুলি আমি এটা বিমূৰ্ত ধাৰণাৰ পিছে পিছে ঘূৰি ভাগৰি পৰিছোঁ, সেই একে সময়তে কিন্তু আমাৰ বিপৰীতে এচাম মানুহে সুখৰ প্ৰকৃত ৰঙেৰে জীৱন সজাইছে।তেওঁলোকৰ বাবে সুখ এটা বিমূৰ্ত ধাৰণা নহয়,কাৰণ তেওঁলোকৰ বুকুবোৰ আমাৰ দৰে তৰাং নহয়,সুখৰ উপলব্ধিৰে ভৰুণ একোখনি বুকু আছে তেওঁলোকৰ–ব্যাখ্যাতীত যন্ত্ৰণাৰ মাজতো জীৱনটোক নিজস্ব আৱেদনেৰে সজাব পৰাকৈ সাহসী তেওঁলোক,বছৰ বছৰ ধৰি এটা মনে কঢ়িয়াই লৈ ফুৰা এক গোপন বিষাদ গাঁথাৰ আঁৰতো এপাহি ফুল ফুলাব পৰাকৈ,বুকুত এখনি নৈ ,এটি সুৰ সামৰিব পৰাকৈ সম্পূৰ্ণ তেওঁলোক―।এনদৰেই নিজকে আজুৰি জী উঠিব পৰাকৈ সুখী তেওঁলোক।
-
সময়বোৰ আনক দিওঁতে দিওঁতে
নিজকে ইমান উদং কৰি
নেপেলাব যে নিজকেই বিচাৰি
হাবাথুৰি খাবলগীয়া হয়|
সীমা এটা সকলোতে লাগে―|
...-
এই যে কাৰোবাৰ অকণমান সঁহাৰিলৈ বাট নোচোৱাকৈয়ে আমি জীৱনৰ ভৰবোৰ বুটলিব পৰা হৈছোঁ,
এই যে দুচকুৰ টোপালটো দুহাতৰ মুঠিতে সামৰিব পৰা হৈছোঁ,
এই যে হাজাৰ অৱসাদৰ অন্ততো দুওঁঠৰ হাঁহিবোৰ হেৰাই যোৱা নাই,
এই যে ভিৰৰ মাজত হাত এখন বিচাৰি নুফুৰাকৈ নিজৰেই দুয়োখন হাত সামৰি জীৱন আঁকিব পাৰিছো,
―তাৰমানে,আমি বুজন হৈছোঁ|হাজাৰ ধুমুহাই জোকাৰিব নোৱাৰাকৈ বুজন|-
“দিয়া মোক দিয়া আকাশৰ দৰে দিয়া...”
―সোমাই গৈ থাঁকো গীতটিৰ সুৰত,প্ৰতিটো শব্দৰ ভাঁজত|কি সাংঘাতিক এক আকুলতা―আকাশৰ দৰে দিয়া,ইমান সহজ নে আকাশ হ'বলৈ?পাৰিম নে আকাশ হৈ জী উঠিবলৈ,মূৰ তুলি চাওঁ ওপৰত এআকাশ সকাহ!কাৰোবাৰ বাবে এইখিনি সকাহ হৈ উঠা আমাৰ বাবে সম্ভৱ নহয়, তথাপিও শুনো বাৰে বাৰে―দুপৰীয়া,আবেলি,মাজনিশা...প্ৰতিবাৰেই সেমেকা দুচকুৰে নিজকে সামৰোঁ,শেষত এটা কথাই উপলব্ধি হয়―আকাশ হ'ব আমি নোৱাৰোঁ, জটিল...অত্যন্ত জটিল!
আকাশৰ যি আছে আমাৰ নাই!!
...-
কোনোবাই কৈছিল― মানুহবোৰ খুব সহজে নৈ হ'ব পাৰে,দুচকৰে বোৱাই দিব পাৰে সমস্ত সাঁচতীয়া বিষ!
হয়তো হয়,আবেগৰ আকুলতাত বৈ নৈ হোৱা সহজ,
কিন্তু সহজ নহয় শিল হোৱা―
শিল হ'বলৈ হ'লে উপেক্ষা কৰিব পাৰিব লাগিব এবুকু আকুলতা অথবা এহালি চকু!
আৰু মানুহ কেতিয়াও শিল হ'ব নোৱাৰে|-
...কেতিয়াবা জোনাক খেদি খেদি ভাগৰি পৰা জোনাকী এজনীক লগ পাওঁ―!
ভিৰৰ মাজতো অকলশৰীয়া|-
ভালপোৱাঃ
তেওঁ,
চকুৰ বিষবোৰ বুটলি ফুৰে,
উদং বুকুৰ শূন্য ভাঁজত
কলিজা ওপঙাই সুখৰ ৰং সানে–!
তেওঁ,
সৰি পৰা বকুলৰ এমুঠি সুৱাস
গুজি দিয়ে মোৰ ঘন ক'লা চুলিৰ ভাঁজত
উজাগৰী নিশাৰ শেষ প্ৰহৰত ৰৈ―!
তেওঁ,
কলপতীয়া সপোন এটিৰ পম খেদি
মোৰ দুখৰ প্ৰাচীন চহৰত ৰৈ
ভালপোৱাৰ সুৰ বিচাৰে দুচকুৰ মৌনতাত!-
চকুঃ
ভাঁহি আছিল এটুকুৰা মেঘ,
এখন ধূসৰিত আকাশ,
আৰু?
আৰু,দেখা-নেদেখা,বুজা-নুবুজা
অজস্ৰ ঢৌৰে আক্ৰান্ত এখনি নৈ!
...
(৯/৩/২২)-