তুমি আদৰি ন'লেও
তোমাক ভাল পাওঁ মই
যিমান দুখত থাকিলেও
তোমাক দেখিলে আঁতৰি যায়
মোৰ সমষ্ট দুখ ভাণ্ডাৰ ;
তোমাৰ এটি মিচিকিয়া হাঁহিত
আঁতৰি যায়
মোৰ বিষাদৰ সকলো চকুলো ।
তোমাৰ নীলাভ ওঁঠৰ পাঁহিৰ
প্ৰতিটো শব্দই স্পৰ্শ কৰোঁ মই
তোমাৰ উদ্বাউলী হৃদয়ৰ
প্ৰতিটো চিন্তাক চিনাক্ত কৰোঁ মই
তোমাৰ দুচকুত বিচাৰি পাওঁ
মোৰ জীয়নৰ লক্ষ্য
তোমাৰ উশাহত বিচাৰি পাওঁ
মোৰ প্ৰাণবায়ুৰ উৎস
তুমিয়েই মোৰ প্ৰাণময়ী ঠিকনা
তুমি আদৰি ন'লেও
তোমাক ভাল পাওঁ মই ।।
11/1/21
-
তোমাৰ বাবে সাঁচি ৰখা ৰাতিবোৰ
জীপাল নহ'ল
আজিও মৰুভূমিৰ নিচকন্ঠক বালিত
জীয়াই আছোঁ মই
সাগৰফেনা হৈ ।
তাতেই গঢ়িম
আমাৰ প্ৰেমৰ
আমৰণ স্মৃতি সৌধ
তৃষ্ণাতুৰ পৃথিৱীত
বোৱাই দিম
প্ৰেমৰ মন্দাকিনী নৈ।।।-
আশাৰ ছন্দেৰে
সপোনে যায় আগুৱায় ;
সপোনৰ চন্দুকত
যৌৱনে কুঁহিপাত মেলাই ;
যৌৱনৰ তীৰত
প্ৰেমেৰে মৰম ধিয়াই ;
প্ৰেমেৰে জীৱনৰ
সেউজীয়া গীত জুৰায় ;
সেউজীয়াই মানৱতাৰ
সংজ্ঞা বিলাই ;
মানৱতাই নৱ সৃষ্টিক
হাত বাউলী নিতৌ ৰিঙিয়াই ;
চিৰ নতুন প্ৰজন্মক
হৃদয়ৰ দৰদী শিকায় ;
জীয়া ইতিহাসে
তেতিয়াহে মুক্তি পায় ।।
-
আকাশ
তোমাৰ নীলা হৃদয়খন চুই চাম ;
তোমাৰ নীলাভ আৱৰণ ভেদি
শুকুলা মেঘৰ দৰে
তোমাৰ মৰমৰ গভীৰতাত সাঁতুৰিম ;
তোমাৰ বিশাল কলিজাত
শয়নিত হৈ
অভিমানী উশাহবোৰৰ
স্পন্দন শুনিম ;
আৱেগৰ বৰষুণত তিতি
তোমাৰ কোলাত
তৰালি জোনাকৰ সপোন ৰচিম।।
4/10/20
-
আকাশ
তোমাৰ নীলা হৃদয়খন চুই চাম ;
তোমাৰ নীলাভ আৱৰণ ভেদি
শুকুলা মেঘৰ দৰে
তোমাৰ মৰমৰ গভীৰতাত সাঁতুৰিম ;
তোমাৰ বিশাল কলিজাত শয়নিত হম ;
অভিমানী উশাহবোৰৰ স্পন্দন শুনিম ;
আৱেগৰ বৰষুণত তিতি
তোমাৰ কোলাত
তৰালি জোনাকৰ সপোন ৰচিম।।
4/10/20
-
কহুঁৱা কোমল বননিত
উৰে
তোমাৰ মেঘালী চুলিটাৰি
যেন ৰ'দালি দেশৰে শাড়ী ;
চিলমিলিয়া টোপনিত
দেখো
তোমাৰ প্ৰতিচ্ছবি
যেন ৰূপোৱালী সৰগৰে পৰী ।
27/9/20-
পুৱতিনিশাই শৰতৰ
চোতাল শুৱনি
তলসৰা শেৱালিৰ ;
চিপ চিপ বৰষুণৰ ৰাতিটোত
টোপনি খতি
তোমাৰেই কথা ভাবি ।
27/9/20
-
তুমি ভাল নাপালেও
মোৰ অনুৰাগক
কবিতা হৈ থাকিবলৈ দিয়া।
লাগিলে মোৰ শব্দবোৰ
সুখৰেই হওঁক
অথবা
দুখৰেই হওঁক ।।
তুমি আদৰি নল'লেও
মোৰ শব্দময়ী উশাহবোৰক
জীয়াই থাকিবলৈ দিয়া ।
লাগিলে মোৰ দুচকুৰ
ভগা সপোনেই হওঁক
অথবা
আশাৰ চাকনৈয়াই হওঁক ।।
তুমিতো নাজানা
মোৰ পুৰাতন হৃদয়ৰ অনুভৱী সত্ত্বাক।
মাথোঁ জীয়াই থাকিবলৈ দিয়া
মোৰ হৃদয়ত অংকুৰিত
অনুভৱৰ একাজলিক
নিতৌ মেলি দিম
তোমাৰ নিঃশব্দ কলিজাত ।।
2-6-20
-
অসমীয়া শ্বায়েৰী (1)
তুমি যিমানেই দূৰত নাযাওঁক কিয় ;
তুমিতো মোৰ ইমানেই কাষত আহাঁ ।।
তুমি যিমানেই দূৰত নাযাওঁক কিয় ;
তুমিতো মোৰ ইমানেই কাষত আহাঁ ।।
তুমি মাথোঁ
সেইটো নাভাবিবা যে
মইও তোমাৰ চকুত এবাৰ হ'লেও
নাভাঁহো বুলি।।
28-5-20
-