Neeva Dutta   (✍ নীভা)
49 Followers · 10 Following

শব্দৰ সৈতে খেলি ভালপাই তাই।

সময়ৰ সৈতে উৰিব খোজা এজনী সহজ-সৰল ছোৱালী॥
Joined 19 April 2018


শব্দৰ সৈতে খেলি ভালপাই তাই।

সময়ৰ সৈতে উৰিব খোজা এজনী সহজ-সৰল ছোৱালী॥
Joined 19 April 2018
8 NOV 2021 AT 20:56


মিছা হাঁহিটিক সাৰথি কৰি
জীৱন নামৰ চাৰ্কাছখনিত ;
নিজক "জ'কাৰ"
সজোৱাত পাকৈত আমি !!

॥বাস্তৱ ইয়াকেই কয়॥

-


2 NOV 2021 AT 19:31

বিষণ্ণতাবোৰ কিমান

গভীৰ হ'লে ;

নিজকে শূণ্যৰ সৈতে

তুলনা কৰিব পাৰি !!

-


24 DEC 2020 AT 21:23

কোনোবাই সুধিছিল; "সুখৰ সংজ্ঞা কি"?
মইও কৈছিলো; "যিদিনাই সফলতাক আদৰিম সেইদিনাই মুখত হাঁহি এটি বিৰিঙি উঠিব, সেইয়াই হ'ব মোৰ বাবে সুখ"।
উত্তৰটো মনত পৰিলে আজিও নিজৰ ওপৰত হাঁহো!!

প্ৰাপ্তি/অপ্ৰাপ্তিৰ দোমোজাত জীৱন
সফলতানো কি?
ক্ষন্তেকীয়া মাদকতা !
বাকী বাদ্ দিলো ......
মূহুৰ্তবোৰক সামৰি এতিয়া মাথোন গাই যাওঁ
জীৱন জিন্দাবাদ ....... জীৱন জিন্দাবাদ ॥

-


9 NOV 2020 AT 0:59

বগা কাগজখিলাত নীলাৰ সমাহাৰখিনিত
জীৱন বিশ্লেষণ কৰাজনৰো আছে
এক সুকীয়া কাহিনী;
জোনাকৰ নিশা শেৱালি বুটলাৰ কাহিনী
নাইবা .....
আজাৰৰ আঁৰত জী উঠা দুটি সৰাপাতৰ কাহিনী!!

-


13 MAY 2020 AT 22:59

জীৱনৰ ডায়েৰীখনত বহুতো আধালিখা পৃষ্ঠা আছে;
প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ-নিকাচবোৰো সামৰি থৈছো
সফলতাৰ মাপকাঠিডালে আগৰদৰে
আৰু এতিয়া আকৰ্ষণ নকৰে .....
বাদ পৰি অহাবোৰ যে মোৰ নাছিল বুজি উঠিলো।
হেৰুৱাৰ বেদনাবোৰে এতিয়া আৰু আমনি নকৰে,
ক্ষন্তেকীয়া সফলতাবোৰতকৈ এতিয়া
হাৰি হাৰি জীৱন জীয়াৰ আমেজহে মোৰ প্ৰিয়
আশাবোৰ কিন্তু এতিয়াও সজীৱ .... কাৰণ
আধালিখা পৃষ্ঠাবোৰে এতিয়াও হাত বাউল দি মাতে!!

-


29 APR 2020 AT 19:15

হেৰাবলৈ ধৰা আবেলিৰ ৰঙাখিনিৰ মাজত
জীৱনক জীৱলৈ প্ৰেৰণা বিচৰা মইজনীক
জোনাকৰ পোহৰে জানো উজ্বলাব পাৰিব?

"অন্ত"ই যাৰ লক্ষ্য .... তাক পুৱাৰ প্ৰভাতী সুৰুযৰ
কোমল ৰ'দছাটিত জিৰাবলৈ দিয়াৰ অৰ্থই বা কি?
"আশা"ই সকলোকে আঁকোৱালি নলয় !!

সৰাপাতখিলাক আপোন কৰি লোৱাৰ পাছত
কুঁহিপাতখিলাৰ সেইজীয়াখিনিৰ মূল্য আছেনে?

তেজীমলাৰ দৰে মৰি মৰি জী উঠাৰ প্ৰতিজ্ঞা
তাইও কৰিছিল .... কিন্ত অনুভূতিবোৰে লগ নিদিলে
এতিয়া মাথোঁ জীৱনক সামৰি কোনোবা এটা কোণত
ৰৈ থকা তাই এটি মাথোঁ "বিফল সত্ত্বা" !!

-


1 APR 2020 AT 0:29

কলীয়া ডাৱৰে আৱৰি ধৰা আকাশখনলৈ
চাই তাই চিঞঁৰি উঠিছিল;
যিদিনাই বিষাদবোৰ ধুই নিবি সেইদিনাই কম
"বৰষুণ"........ভাল পাওঁ তোক
মই তোৰ আজন্ম প্ৰেমিকা !!
"সি" তাইৰ সেই বৰষুণজাক॥

জোনাকীৰ সাধু আৰু
নিয়ৰে অাৱৰা দূৱৰিৰ দলিছাখন তাই প্ৰিয়
তলসৰা শেৱালিৰ কাহিনীবোৰে হেনো
জোনাকৰ পোহৰত প্ৰাণ পাই উঠে !!
"সি" তাইৰ জোনাক ॥

ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা
আকৌ জীপাল হৈ উঠিব
কলমৰ নীলাখিনিৰ পৰশত
অনুভূতিবোৰ জী উঠিছে
নতুনৰ পৰশত .....॥




-


4 FEB 2020 AT 0:03

ভাললগাবোৰ সাঁচি থৈছো সযতনে
তেওঁ আহিম বুলি কথা দিছিল ....!!!
ফাগুনী পছোৱাৰ পৰশত যেতিয়া
ৰঙা পলাশে ৰাঙলী দলিছা পাৰিব,
দুয়োৱে ভগাই ল'ম ভাললগাবোৰ
নিজানত নিৰলে স্মৃতিৰ টোপোলাটো
সযতনে মোকলাম
সময় আকৌ আমাৰ হ'ব ....
ভালপোৱাই নতুন ৰহণেৰে জিলিকিব ॥

-


25 JAN 2020 AT 2:11

শিহৰিত মনৰ উন্মত্ত আৱেগ
দুটি উঁঠত অণুৰনণিত হোৱা
প্ৰণয় বাণীত আজি মাথোঁ শুনো
বিষাদৰ কিৰিলি........!!
জোনাকীৰ প্ৰচ্ছায়াত কুঁৱলীৰ আঁচলত
উন্দোলিত হোৱা ভাৱনাবোৰত
জিলিকি উঠে
বিচ্ছেদৰ প্ৰতিচ্ছবি.....!!


-


27 NOV 2019 AT 19:12

উন্মত্ত যৌৱনৰ ধূলিয়ৰি বাটত
আজাৰৰ আঁৰে আঁৰে আৰম্ভ হৈছিল
অন্য এটি গাঁথাৰ .......
দুটি সৰাপাতৰ কাহিনীৰে ......... !!

-


Fetching Neeva Dutta Quotes