****অনুৰাগ তোমাৰ বাবে*****
বাঁহীৰ সুৰত নিশাবোৰ গাভৰু হয়
সপোন বোৰেও পোখা মেলে
হাঁহিত সৰি পৰে
চিনাকী সুঘ্রাণ...
দিনলিপি বোৰে এনেকুৱা ই...
ওখোৰা মখোৰা হলেও
জনমে জনমে
তোমাৰ হোৱাৰ হাবিয়াসত
মই তোমাৰ প্ৰেমিক চৰাই
-
প্ৰিয় জনৰ স্পৰ্শ ,মৰম যেতিয়া
বিষাক্ত হৈ পৰে, তেতিয়া পৃথিবীৰ সকলো সময় কঠোৰ, নিসংগ হৈ পৰে।-
পদূলিৰ দুৱৰি জোপা
অভিমানি হল
জুই জ্বলিল
আশাৰ ভৰালত
হেপাঁহৰ চোতালত
হেৰাল অমাতৰ মাত
আজি
কান্দিবলৈ যে কান্ধৰ অভাৱ হল
জিলিকি থাক
ধ্ৰুৱতৰাৰ দৰেই ....
আজি তোৰ
দুবছৰীয়া মৃত্যু তিথি
এচমকা আকাশৰে আৱৰি ৰাখিবি
তোৰ সেউজীয়া ডৰাক।-
#কেনভাচ
এই উশাহ বৰ গধুৰ
উশাহ লবলৈও নিষেধাজ্ঞা
মাৰ গৰ্ভৰ বাখৰুৱা দিনকেইতা...
কিন্তু
ঈশ্বৰৰ হুংকাৰ
মুখা পিন্ধি জগত জিনা...
ধনন্ত্ৰৰী যুগত
ৰুদ্ধ হব কণ্ঠ
পৃথিবীৰ অস্থিৰ মূহুর্তত
আধুনিকতা নিস্ফল
মেৰু পোনালে
হব শ্বাসৰুদ্ধ।-
#কৃষ্ণচূড়াৰ প্ৰেম
লাজৰ ওৰণি টানি
হাঁহি মাৰিলো মিচিকি
ভিজিলো জানা,
তোমাৰ প্ৰথম প্ৰেমৰ বৰষুণত।
তোমাৰ স্পৰ্শ ত থমকি ৰও
বিষাদৰে ,
অকলশৰে,
অপেক্ষাৰে,
ধুসৰিত আচোঁৰবোৰ
উটি যাওক....
পৰি ৰওক
ৰঙা দলিচাৰে শোভাবর্ধন হৈ আজীবন।
@স্মৃতি ৰূপি খাউণ্ড, তিনিচুকীয়া
-
#আজন্ম প্ৰেমিক
বহু দিন হল
তোমাৰ সতে কথা পতা নাই
সেউজীয়া সেউজীয়া লগা সুৰটো
এবাৰ গুণগুণাই দিয়াছোন....
পদূলিৰ কৃঞ্চচূড়াজোপাই খিলখিলাই পৰিব,
চিনাকী গোন্ধ এটাইয়ো আমনি কৰিব।
তোমাৰ আঙুলি কেইটাৰ পৰশত...
বীণাখন ৰাগৰে ঢৌৱাই নিব।
ভিজা ভিজা বৰুষুণত
কৃঞ্চচূড়াজোপাৰ পাহি বোৰ
তলসৰি ৰাঙালী দলিচাৰে ভৰি পৰিছে।
আৰু মই বিভোৰ হম
মায়াময় আজন্ম প্ৰেমিকৰ আশাত ❤❤।
@স্মৃতিৰূপি খাউণ্ড, তিনিচুকীয়া
-
#এজাক সপোনৰ বৰষুণৰ
বাৰিষাৰ বৰষুণে
অনামি অৱষাদে
ভিজা ভিজা আৱগতে
শিহৰণ জগাই।
মেঘে মেঘে মাদল বজায়
ময়ূৰীয়ে পেখম উঠাই
শুকান মাটিত
পলস পেলাই।
সাতো ৰঙী স্বপ্নই
পূবালী আকাশ চুমি
সমিৰণে দি যায়
তুমি অহাৰ বতৰা।
টোপ টোপ বৰষা
খেতিযকৰ ভৰষা
পাও যেন বছৰটিলৈ
মেটমৰা সম্ভাৰ।
@স্মৃতিৰূপি খাউণ্ড
-
# #ফাগুন # #
ফাগুন মানে
সৰাপাতৰ বিননী.....
ধূলিয়ৰী বতাহে
কাণে কাণে কৈ যায়
এইয়া যে ঐনিতমৰ সময়...
এটোপ দুটোপ বৰষুণত
শুকান মাটিৰ গোন্ধত
সাৰ পাই
পলাশে, মদাৰে ৰিঙিয়াই..
সেই আপাহতে
অভিমানী ফাগুনে
লঠঙা গছত
আৱিৰ ছটিয়াই।
সোণাৰু হালধীয়াই
স্পন্দন তুলি
ডেউদি নাচি নাচি
বহাগৰ বতৰা দি যায়
নতুনৰ আদৰণিত.....
-
#পেণ্ডুলাম #
প্ৰাপ্তি অপ্ৰাপ্তিৰ দোমোজাত
পেণ্ডুলামটো লৰি আছে
সোঁফালে এবাৰ....
বাওঁফালে এবাৰ...
নিদিষ্ট গতিত...
তথাপিও
জীৱনৰ এজাৰবুলীয়া হাঁহিত
শিপাই উষ্ণতা হৈ...
আস্ফালন হয..
হাজাৰজনৰ প্ৰাণ...
জী উঠক
হাতৰমুঠিত বান্ধ খায় থকা জন...
অবাঞ্চিত যন্ত্ৰণাত থকা জন..
বিনাশ হওক কালান্তকৰ..
ফুলি উঠক
কৃষ্ণচূড়াৰ দৰে তেজাল হৈ...
-
**বিফলতা**
অগাধ বিশ্বাসত গঢ়িলে
সেন্দুৰীয়া আলি..
দগমগীয়া ৰঙা বেলিত
জিলিকি উঠে...
বোৱাৰী পুৱাৰ পৰা
শিয়ালে ৰাউচি দিয়া লৈকে....
বুকুৰ আপাহতে,
হেঙুলীয়া ৰহন সানে।
সময়ৰ ৰাগিত
সন্দেহৰ বীজ!
ঘূণে ধৰিলে...
ৰঙাবেলিৰ দুষ্ট চাউনিত
ভেটিত বন গজিল।।
@স্মৃতিৰূপি খাউণ্ড, তিনিচুকীয়া
-