তৰাৰ দেশৰ সাধুকথা এটাই ৰিঙিয়াই মাতে...
-
যোৰহাটৰ ছোৱালীজনী
নিজক হেৰুৱাইছো ক'ৰবাত
আউল লগা সময়বোৰ
সজাই পৰাই লোৱাৰ পৰত
আকৌ হেৰাই যাওঁ চিগা সূতাৰ মেৰপাকত।
ভুল এটাৰ আঁত ডাল বিচাৰি ফুৰোতে
এইবাৰ শিপা ডাল হেৰাই;
শিপা চিগা গা-গছ ডাললৈ ক্ৰমে খৰাং নামে।
তথাপি নিজক খেপিয়াই চাওঁ
কিজানি ক'ৰবাত নিজক বিচাৰি পাওঁ।-
ক'ৰবাত উপেক্ষিত হৈ যোৱাৰ ভয় এটা
হৃদয়ৰ নিভৃত কোণত জাগি উঠে
অভিমানবোৰ সঙ্গী হৈ পৰে
যেতিয়া দূৰত্বই ঘৰ সাজে সম্বন্ধৰ আঁৰত।
আমাৰ সপোন বোৰ আধৰুৱা হোৱাৰ ভয়টো
বাঢ়ি আহে; গুৰুত্বহীন আভিমানৰ আঁৰত...-
আত্মসন্তুষ্টি অবিহনে কেতিয়াবা কিছু ক্ষেত্ৰত
সন্তুষ্টিৰ মুখা পিন্ধো; স্বপ্ৰেম, স্বাভিমানক একাশৰীয়াকৈ।
-
যিদিনা মৌন হৈ ৰʼম
সিদিনাই সহৱস্থান কৰিম
নিজস্ব হেৰুৱা জনৰ
ময়ো নিজস্বতা হেৰুৱাই।-
অনুশোচনা কৰাৰ সময়ে
যেতিয়া মেলানি মাগে;
দুহাতত ৰৈ যায়
দঃসময়ৰো মধুৰ স্মৃতি।
-
প্ৰতিশোধৰ জুইকুৰা উমি উমি
জ্বলাই ৰাখিছোঁ; মৌনতাৰ আঁচলত
লোকচক্ষুৰ আঁৰত।
মৌন হৈ মই জ্বলি আছোঁ;
এদিন বিস্ফোৰিত হʼবৰ বাবেই,
বিস্ফোৰিত হʼবৰ বাবেই
যো-জা চলাই আজিৰ মৌনতাই।
-
সমাধিৰ সপোন এটা পুৰণি হৈও নতুন;
আজিও খেদি ফুৰে সমাধিৰ মৌনতা বোৰে
হৃৎ কোঠাৰ গভীৰলৈকে ...
-