QUOTES ON #মোৰ

#মোৰ quotes

Trending | Latest
25 OCT 2019 AT 21:09

মোক বৰকৈ আমনি কৰিছে।
কবিতা এটা লিখো বুলি মমডাল জ্বলাই ল'লো।
কিন্তো বতাহৰ নিৰ্মম কোব মমডালে যেন সহ্য কৰিব পৰা নাই।
বা জাকক বাধা দিয়াৰ মোৰ প্ৰতিটো চেষ্টাই বিফল হৈছে।
বতাহজাক ইমান জোৰেৰে বলিছে।
এইয়া বাৰু কিহৰ সংকেত?
হয়তো প্ৰকৃতিৰ এইয়া নবীন পদক্ষেপ।
পদক্ষেপ-
তোমাৰ আৰু মোৰ দূৰত্ব মন্দা কৰাৰ।
পদক্ষেপ-
তোমাৰ আৰু মোৰ সৰ্ম্পকক গভীৰ কৰাৰ।
পদক্ষেপ-
'তোমাৰ' আৰু 'মোক',
' আমাৰ' কৰাৰ।

-


26 MAY 2020 AT 15:32

আপোনাৰ পৰাণতেই বিলীন মোৰ জীয়া সত্তা।

আহুতি দিছো মই ,
আপোনাৰ বেথাত মোৰ আছুতীয়া পৃথিৱীখন।
আপোনাৰ বাবে হয়তো কিছু কষ্টকৰ হ'ব মোৰ পৃথিৱীৰ দায়িত্ব পালনত ,
কিয়নো মোৰ পৃথিৱীত মোৰ সৈতে মোৰ শব্দও শাশ্বতিক আৱাসী,
সেইবুলি কিন্তু মৰমৰ ক্ষেত্ৰত হেমাহি কেতিয়াও গ্ৰহণযোগ্য নহ'ব।

-


14 MAY 2020 AT 12:43

মোৰ দৃশ্যপট
--------------------
মোৰ দৃশ্যপটত আপুনি
প্ৰত্যুষৰ ৰক্তিম সপ্তাশ্ব।
পদূলিৰ কুজ্বটিকাৰ শীতলতাৰ
তুল্যৰূপ ঠিক আপোনাৰ দৰেই অ'..
কিয়নো আপুনিয়েই তু
মোৰ চেনেহৰ স্নিগ্ধ গুলঞ্চী।

মোৰ আমঠুৰ কুন্দ্ৰাক্ষৰে
বিচ্ছুৰিত হোৱা গভস্তি হেন আপুনি ।
আপুনিয়েই তু তমসা ভেদী
দেদীপ্যমান কৰি তোলে মোৰ হিয়াখনি।
অভ্ৰৰ দৰে জিলিকাবও পাৰে...
অশ্ৰ বিৰিঙি থকা মোৰ কুন্ধচ গাল দুখনি।

মোৰ দৃশ্যপটত.....
আপুনি মোৰ মন ত্ৰিবিষ্টপৰ কান্তিভৃৎ।
চন্দ্ৰকান্তিৰ মাজত
জিলিকি থকা খদ্যোত আপুনি......
মোৰ জীৱনৰ পথদৰ্শক আপুনি।
হৰ্ষৰ লগৰী..
বিষাদৰ সাৰথি ...
মোৰ জীৱন কাহিনীৰ তাৰকা আপুনি
মোৰ জীৱন বাটৰ লগৰী আপুনি।

-


30 SEP 2020 AT 15:39

❣অনুভূতি❣
সৌ দূৰণিৰত
ঢিমি ঢিমি জ্বলি থকা শিখা এটি যেন উজ্জ্বলি উঠিছে এক নতুন আলোকেৰে........
স্মৃতিৰ সজাতিত দোলা দিছেহি
এক ৰঙীণ অনুভূতিয়ে...... অতীত দৃশ্যপটৰ অবিস্মৰনীয় অনুভূতি।।
অৱজ্ঞাৰ বতাহ জাকে হৃদয় ভাঙি নিয়া শুকান অনুজ্জ্বল জ্যোতিষ্ক এটিয়ে যেন পুনৰ তিৰবিৰ কৰিছে।।
ৰঙহীন হৈ যোৱা স্মৃতিৰ সজাতিও যেন
ঊষাৰ ৰাঙালী বেলিটিৰ দৰেই ৰঞ্জিত হৈছে আধুনিকতাৰ কুঁৱলী ফালি।।
অনুভূতি বোৰ যেন বিয়পি পৰিছে
হৃদয়ৰ কোঁহে কোঁহে
পুৰণি সেই হাঁহিৰ আৰেঁ আৰেঁ।।
-জুৰণি প্রিয়া বৰা-

-



ফুটবল খেলৰ এজন সু-নিপুণ খেলুৱৈ তুমি
বাদ্য-যন্ত্ৰ ,চিত্ৰাংকণতো নিপুণ তুমি 
ফুটবলটোৰ লগতেই আছে তোমাৰ
মিঠা সপোন এটি ।

মোৰ ভাতৃসম বন্ধু তুমি
সকলো বিষয়তে আগ্ৰহী
আগুৱাই যোৱা সপোন বাটেৰে
এটি - এটিকৈ মাণিক বুটলি ।।

খেল জগতৰ বিশাল পথাৰ খনত
নিজা প্ৰতিভাৰে খেলপথাৰ সুশুভিত কৰা
সুনিপুণ খেলুৱৈ তুমি
নিজৰ প্ৰতিভাৰে আগুৱাই যোৱা
খেলৰ মালা ডাল গোঁঠি ।।

-



সেউজেৰে ভৰা এখনি পথাৰ

সেউজ ৰঙেৰে ভৰা এখনি পথাৰ  (ক)
নয়নে মনিব নোৱাৰি নেদেখা হিয়া । (খ)
কৃষক বন্ধুৰ হিয়াৰ আমঠু খনি  (গ)
শস্য সোণোৱালী বৃহৎ পথাৰ খনি।। (গ)
ৰাতিপুৱা কুঁৱলীৰ ডাঠ জালি ফালি (ঘ)
বুকুত অযুত হাজাৰ সপোন বান্ধি (ঙ)
কান্ধত হালখন লৈ খেতিয়ক বন্ধু, (ঙ)
গৈছে আগবাঢ়ি পথাৰ ডৰালৈ বুলি। (ঘ)
কোৰ মাৰি, হাল বাই পৰি ভাগৰত (চ)
বহি পৰে পথাৰৰ আলিৰ মূৰত ।। (চ)
আলি মূৰত বহি আশাৰে বাট চাই (ছ)
অন্ন দিবলৈ কোনোবা আহিছেনে নাই । (ছ)
আহাৰ খাই তামোল চালি মুখত লৈ  (জ)
পুনৰ আগবাঢ়ে খেতিত ধৰিবলৈ।। (জ)

~শিৱানী বৰুৱা

-


21 APR 2020 AT 18:47

মোৰ মন যায় ,
তোমাৰ সকলো বিষাদ -বেদনাক নিজৰ কৰি ল'বলৈ..

-



যাৰ জীৱনত বিষাদৰ অভ‍াৱ নাই
তাৰ জীৱনত প্ৰতাৰকৰো অভাৱ নাই।

-



যাৰ জীৱনত হাঁহিৰ লেশমাত্ৰও নাই
তেওঁৰ জীৱনত অানন্দৰ উদ্ভৱ নহয় ৷

-


22 APR 2020 AT 0:29

মইজনৰ বাঞ্ছা জাগে,
তোমাৰ সৌ শিৰৰ আকাশ ৰাঙলী সেওঁতাত প্ৰণয়ৰ হাতেৰে অৰুণিম এধানিমান আঁকি দিবলৈ...!!

-