তোমাক মই অনুৰাগৰ পাত্ৰ বুলি নকওঁ দিয়া;
তদপি,অদ্যাপি তুমি মোৰ বুকুৰ মণিকূটতে জীয়ন্তা ।
____
তোমাৰ প্ৰতি মোৰ মনৰ বাতৰি মৰম পাপৰি বুলি নকওঁ দিয়া;
তদপি, অদ্যাপি তুমি মোৰ সৰ্বদা এটি নব্য কবিতা ।
-
তুমি
ভালদৰে জানা
প্ৰেমৰ ইউমিনিটি চিষ্টেমত অনুৰাগখিনি জীয়ন দিবলৈ ।
তুমি
ভালদৰে জানা
চমকপ্ৰদ হাস্যৰে ওঁঠ-প্ৰাঞ্চীৰ কোণত মৰম-কোঁহ স্ৰজন কৰিবলৈ ।
তদপি,
তুমি নাজানা,
তোমাৰ ভালপোৱাৰ শ্বাসৰে,
মোৰ মৰম সমুদ্ৰৰ তীৰত আস্থাৰ শইচ গুটিৰে ভৰুণ কৰি তুলিবলৈ ??
-
♡দেউতা♡
♡তই এটি হাঁহি থকা আতোলতোল শিল;
যাৰ উশাহত মোৰ স্বপ্ন বৰ্ণিল♡
🍃🍃
>>যাৰ অংগুলিৰ বৰ্ণিল স্পৰ্শনত পৰাণ পাই উঠে;
আমঠুৰ অজস্ৰ শ্যামলিমা°
🥀
>>যাৰ সহিষ্ণু আস্থাই বৰ্ণ কৰে;
আগন্তুকত এধানি হাঁহিৰ শলিতা°
🥀
>>যাৰ কান্ধত উঠি চিঙিব পাৰি আলাসৰ তৰাফুল;
তেওঁৱেই মোৰ হৃদয়ৰ কেঁচা সেউজীয়া°
🥀
>>যাৰ সান্নিধ্যত মোৰ স্বপ্ন হয় বৰ্ণিল;
তেওঁৰ উশাহী কথানলে কৰে মোৰ হৃদয় নীলিম°
🥀
-
ভূতৰ ৰোদন বাণীয়েই হওক কিম্বা
আস্থাঘাতৰ চৰম মৰ্মযন্ত্ৰণাৰ জ্বালাৰ জুইকুৰাই ।।
....
হৃৎ-অন্দৰপুৰত শাশ্বত হোৱাৰ পৰাই
সমুদায় জীণ নোযোৱা.. ...
:)-
দুভাগ্যত অনুৰাগৰ প্ৰেমময় বৰ্ণখিনি ক্ষণপ্ৰভহে মাথোন;
আস্থাঘাতহে সাম্প্ৰত জীয়ঁত চোন !!-
বৰ্ণী অতীতৰ তুলাপাতখিলাক
:)
স্তিমিত হৈ উটুৱাই দিব পাৰি জানোঁ হৃৎ-পয়স্বিনীৰ প্ৰচণ্ড ঊৰ্মিত !!-
দৈৱাৎ মোৰ এনে কিয় চৈতন্য উদ্বুদ্ধ হৈ উঠে বাৰু ??
:)
"অনুৰাগ"ৰ বৰ্ণ সানি অকস্মাৎ দুচকুৰ পৰ্দাত বোলাই থৈ যাব
তাই, বিবৰ্ণ দস্তাবেজৰ এঙা-জেঙা ৰহণ ।।-
মনস্বিতা হৃৎ-অৰণ্যমত
আলফুল
কৃষ্ণচূড়াৰ বৰ্ণী;
.. ... ....
তাৰে অভ্যন্তৰৰ তুমি
একলচৰ কলি
:)-
এটি কথা কওঁ,
ৰাখিবা জানোঁ এ .. ... ??
হৃৎপিণ্ডৰ চাংঘৰত অংকুৰ মেলা প্ৰণয়ৰ শ্বাসখিনিক
দুৰ্যশৰ এঙাৰ বৰ্ণীৰে বিবৰ্ণ কৰি নুতুলিবা দেই !
কিজানি তাৰপৰাই সংৰূঢ় হৈ উঠে এটি আতোলতোল অনুৰাগী দস্তাবেজ .. ...
:)
-