আশা কিয় ইমান ?
এই যে বছৰ বোৰ !
গৈ আছে , আহি আছে ।
কোনো ক্ষতি নাই।
ইমান resolutions কিয় লওঁ?
সেই সকলোৰে মূলত কি ?
উত্তৰ নাই ।-
be positive ✌️✨
instagram : @creating_express
youtube account :- কবিতা ... read more
পোহৰ
পোহৰত ইমান তীব্ৰতা নাই ,
যিমান আন্ধাৰত আছে।
জোনৰ পোহৰত ভিজা মণি - মুকুতা
কাৰো চকুৰ পৰা সৰি নপৰে,
নসৰে কোনো নিষ্ঠুৰ ঘাতকৰ
চোকা তৰোৱালৰ পৰা তপত তেজ ।
আন্ধাৰত উচুপনি শুনিব পাৰে ,
কিন্তু পোহৰত হাঁহিবোৰে দলিচা পাৰে।
পোহৰবোৰ আজিকালি মিছা মিছা লাগে,
পোহৰ মিথ্যাচাৰৰ আশ্ৰয়ত ভুলুণ্ঠিত!
আন্ধাৰতকৈ কিন্তু মানুহে পোহৰ ভাল নাপায়,
আজিকালি মানুহে আন্ধাৰক পোহৰ বুলি ভাবে।
- ২০ ডিচেম্বৰ, ২০২২-
নিঃশব্দ
আঘোণৰ পথাৰখন চাব নৌপাওঁতেই
পুহৰ জাৰ বুলি নিহালি উলিয়াই ল’ব নৌপাওঁতেই
নিঃশব্দ ৰাজসভাৰ যেন
ৰাগ ভৈৰৱী ।
তাল নোহোৱা ৰাগবোৰ কেনেকৈ গায়?
নিঃশব্দ জবান ,
নিঃশব্দ ৰাতিৰ বাঁহী,
নিঃশব্দ আহঁতৰ তলৰ বুঢ়া ডাঙৰীয়া!
সংগীত শুনোৱা যখিনী জনীৰ বেমাৰ ।
তাইৰ ৰূপ লাৱণ্যৰ কথা দশোদিশ জনাজাত।
তাইৰ মুখ লগা !
দ'ত দেখি ভয় খাই গুছি অহা ফৰিংটো
আজি এক মজবুত চখ লৈ বহি আছে ।
ক’ত শুনিছা?
ভূত দেখি পতংগ জপিওৱা!
বিদ্যুৎ পৰিবাহী তাঁৰত উলমি বাদুলী !
ৰাতি কাউৰীৰ মাত শুনি
ৰাতিপুৱাৰ পাৰ কেইটাৰ ৰুণ পাহৰি !
সেইজাক ভতুৱা ,
মহাৰাজ বহাদি বহিব পাৰে কিন্তু কোনো অকলশৰীয়া
যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা নকৰে!
নিঃশব্দ ৰাতিত চিপজৰী লৈ গছত উলমে হেজাৰ ....
আস....
আজিকালি মানুহৰ চহৰতে বেছি নিঃশব্দতা।
-১২ ডিচেম্বৰ ,২০২২-
বিহ
নিগনি মৰা ঔষধ বা শ্লিপিং টেবলেট!
অমৃত নহৈ সিও এক বিহ।
বিহ লাগিছে যদি সমাজলৈ এখন কাণ পাতা,
বহুতো আহফলা কথাৰ বিৰোদ্ধাচৰণ থহৰ থহৰকৈ বাজিব!
বিহ লাগে যদি বন্ধুবোৰৰ মাজত শত্ৰু বিচৰা।
সৰল মানুহৰ মাজত মুখাৰ আঁৰৰ মুখ বিচৰা।
বিহেৰে দিগন্তত যন্ত্ৰণা লাগে যদি
অলপ আনৰ বাবে চিন্তা কৰা,
কথাৰ ন্যায় অন্যায় বিচৰা,
আলাপ নকৰিবা প্ৰলাপ বকা!
ৰকম ৰকম হৃদয়ৰ বিষপানীৰে
নিজৰ মগজুৰ ৰক্তক্ষৰণ হ’ব।
জীয়াই থাকিবা কিন্তু মনৰ উন্মাদ গতিত
ভাৱনাৰ দলং পাৰ হৈ ওৰ নহ’ব।
কিমান বিহ লাগে?
চাৰিওফালে চালে অলেখ নীলকণ্ঠ বিচাৰি পাবা!
- ৩০ নৱেম্বৰ, ২০২২
-
এই যে এটা ভয় এখন নতুন কলেজত ।
মোৰো লাগে!
মই সেই স্কুলৰ দিনৰ পৰা এটা শব্দ খুব ভয় কৰোঁ,"ছিনিয়ৰ"।
ইমানেই ভয় যে মই বেয়া পাও বুলিয়েই ধাৰণা এটা মূৰত সুমুৱাই লৈছোঁ।
না চকুলৈ চাওঁ না ভালকৈ চিনাকি হ’ব বিচাৰোঁ!
নাই কোনো সহযোগ নাই।
কিন্তু বি এড কলেজৰ চিনিয়ৰখিনি প্ৰথমদিনাই বৰ পুৰণি সুহৃদ যেন লাগিছিল।
Orientationৰ দিনা ছিনিয়ৰ আহি ষ্টেজ পালেহি ।
বুকু কপি গৈছে ।
প্ৰথমেই দুই তিনিজনৰ পিছত মোৰ ৰোল নং টো পৰিল।
মই হতবাক
উঠি গ’লো।
ষ্টেজত " ছিনিয়ৰ" বা জনীয়ে যি সুধিলে উত্তৰ দিলোঁ।
তেওঁলোক বৰ মৰমিয়াল সঁচাই।
ঘৰলৈ যোৱাৰ অনুমতি বিচৰাত বৰ সুন্দৰকৈ ক’লে।
তাৰপাছত ছিনিয়ৰ বুলি আপচোচ এটা আছে কিন্তু ভয় নাই।
ছিনিয়ৰ নহয় তেওঁলোক আমাৰ "বা" , "দাদা".....
বিৰাট সহায় কৰি থাকে প্ৰতিটো কামত।
ৱাল মেগাজিনৰ "এডিটৰ" হ’লো ।
Freshers ত নাচি গাই স্ফুৰ্তি কৰিলোঁ।
আবৃত্তি কৰিলোঁ।
তেওঁলোকৰ ধৈৰ্য , সহযোগ দেখি বৰ ভাল লাগে।
দুদিন পাছত তেওঁলোক কলেজৰ পৰা ওলাই যাব।
খুব কম সময়ৰ বাবে ভাল সম্পৰ্কৰ বান্ধোন হৈ গ’ল দুই এজন।
Stay blessed ... You are such a amazing guys...-
অব্যক্ত দৃশ্য
প্ৰতিদিনে মোৰ যাত্ৰাপথত তেওঁ চিগাৰেট হুপে।
মই গৈ ঠিক সেইখিনিত দোকানখনলৈ চাওঁ
ত্ৰিশ / পইত্ৰিশ বছৰীয়া মানুহজনে
চিগাৰেট এটা জ্বলায়।
জানিব মন যায় দেহৰ ক্ষতি কৰাবোৰৰ প্ৰতি
কিহৰ বাবে ইমান আগ্ৰহ!
শেখৰ গুটখা পান মচলাৰ পেকেট খুজি
দোকানত বৰ ভিৰ।
আজিকালি শুকান আমলখিৰ পেকেট দুৰ্লভ!
তলত "caution"
দোকানৰ বিক্ৰীৰ লাভালাভ।
প্ৰজন্ম ধ্বংস হ’লেও কত মুনাফা!!
বেয়া মাত দি তেওঁ
দোকানীজনক গালি পাৰে ।
প্ৰায় ৭০ বছৰীয়া মানুহজনৰ মুখত
কি সুন্দৰ অশ্ৰাব্য গালি !
দোকানৰ ল’ৰাজন থমকি ৰয়।
সি সিদিনা নিজক বয়সৰ জোখেৰে জুখি চালে!
- ২৫ নৱেম্বৰ, ২০২২-
খোজকাঢ়ি ঘূৰি ফুৰা মানুহজন আজি আৰু নাই।
প্ৰলয় আহিলেও মৃত্যুক পিছ পেলাব নোৱাৰে।
মৃত্যু আহিবই ....-
এটা লাখটকীয়া প্ৰশ্ন :-
- " তোমাৰ দাদাজন আছে নে নাই পিছে?"
আজি বেলেগ এটা প্ৰশ্ন উদয় হৈছে,
তেওঁক কোনোবাই সুধেনে " তোমাৰ ভন্টিজনী আছে নে নাই পিছে?"
নে তেওঁ পাহৰি গ’ল জীৱনত প্ৰথমবাৰ কাৰোবাক ককাইদেউ বুলি কৈ কোনোবাই স্বৰ্গীয় সুখ পাইছিল !!-
কিছুমান কথা "চিনি নাপাও" , " বুজি নাপাও" ,
" নাজানো" ----- ঠিক এনেকুৱা এক ফুলষ্টপত শেষ হয়।
কোনো সংগতি নাইকীয়া চুটি শব্দ কেইটামান!
এইধৰণৰ শব্দকেইটাৰ ইমানেই তীব্ৰ প্ৰভাৱ যে ব্যৱহাৰৰ পিছত কোনো অজুহাত ৰৈ নাযায়।
কাৰো প্ৰশ্নৰ সন্মুখীন নহয়।
এনেকুৱা বহু শব্দত বহু কথা তল পৰে।
বহু মানুহৰ মুখা খোল খায়।
বহু সম্বন্ধৰ পৰিসমাপ্তি ঘটে ।
আচৰিত শক্তি এইধৰণৰ শব্দকেইটাৰ !!!!-
কিছুমান কথা আমি জেদ হিচাপে লওঁ ।
সকলো কথা এক প্ৰত্যাহ্বান বুলি ল’লে মনত নানা দোমোজাৰ সৃষ্টি হয়।
জীৱনত বিভিন্ন অগ্ৰগতিৰ আনন্দ আৰু অৱনতিৰ বিষাদ আছে।
জীয়াই থকা দিনকেইটাত আমি আমাৰ ভাৱে জীয়াবলৈ শিকিব লাগে।
কাৰোবাক জেদ পূৰণৰ আহিলা হিচাপে ল’লে , সেই জেদে মনোকষ্ট দিব পাৰে।
এদিন কৰবাত পঢ়িব পাইছিলো, নিজতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী কোনো নাই!
নিজক ব্যস্ত ৰাখি নিজৰ লগতেই জীৱনৰ প্ৰত্যাহ্বান ভগাই নিজক জেদ হিচাপে লওক।
সময় সলনি হ’লেও আপোনাৰ লক্ষ্য ভ্ৰষ্ট নহয়।-