আপুনি
"নীলিম
তোমাৰ দুচকুতে" গীতটি গুণাগুণাই
মোৰ কাষলৈ নাহিব.....
নহ'লে
মই
আকৌ এবাৰ
আপোনাৰ গানৰ প্ৰেমত পৰিম....
এইবাৰ কিন্তু
আপুনি
মোক অভিযোগ নিদিব.......
"আপুনি মোৰ নহয় গানৰহে প্ৰেমিকা "!
-
মোৰ ৰক্তিম হৃদয়ে জনাই নাছিল
অনুভৱৰ শেতেলিত প্ৰেম হিল্লোলৰ তাৎপৰ্য কি....
শতসহস্ৰ ৰঙৰ মাজত নিষ্প্ৰভ আছিল মোৰ বাবেও
ভালপোৱাৰ ৰঙ......
অথচ
আপোনাৰেই নাম খোদিত আজি মোৰ হৃৎ প্ৰাঞ্চীত
নজনাকৈয়ে .......
নেদেখাকৈয়ে ........
ইমানৰ পিছতো আপুনি দুনাই সুধিব নেকি
প্ৰণয়পাশৰ সংজ্ঞা কি বুলি ....
মই যে সংজ্ঞা বাখ্যা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ.......
-
সেইদিনা যে আপুনি সুধিছিল আপুনি মোৰ কোন
আপুনি মোৰ তমসা ৰাতিৰ জোনৰ জোনালী
শীতৰ পুৱাৰ কাঁচিয়লি ৰ'দালি।-
মইতো জনাই নাছিলো
প্ৰেতাত্মাৰ মোহ কি....
মইতো ভালকৈ দেখাই নাছিলো
বিছাৰ মজা মজা শুংবোৰ ....
অথচ
মই অাজি বৰলৰ প্ৰেমত .....
দূৰৰ পৰাই .....
নজনাকৈ .....
নুবুজাকৈ ......
এতিয়া অাকৌ কোনোবাই নুসুধিবা !!
এই অবর্ণনীয় অকল্পনীয় প্ৰেমৰ সংজ্ঞা কি ?
এই চিৰজীৱনৰ প্ৰেমৰ অাৰম্ভণি কি ???
সেই উত্তৰ দিবলৈ মই ব্যর্থ .....-
আপুনি
নীলা
মেখেলা চাদৰযোৰ পিন্ধি
মোৰ কাষলৈ নাহিব...
নহ'লে
মই
আকৌ এবাৰ
নীলাৰ প্ৰেমত পৰিম...
এইবাৰ
আপুনি
মোক অভিযোগ নিদিব...
"আপুনি মোৰ নহয় ৰঙৰ হে প্ৰেমিক !"-
ভালপাওঁ বুলি কওঁ যদি
আপুনি নস্যাৎ কৰিব নেকি
অথবা
আপোনাক ইছাৰা দিওঁ যদি
নুবুজাৰ অভিনয় কৰিব নেকি
কিয়নো
আপুনিচোন জানেই
প্ৰাপ্তিৰ লিপ্সাৰে আপোনাক আজুৰি
আপোন কৰিব পৰাকৈ
মইযে অপাৰগ...-
এটি
প্রেমৰ প্ৰস্তাৱ দিওঁ যদি...
আপুনি আচৰিত হ'ব নেকি ?
অথবা
বিশ্বাস কৰিব টান পাব নেকি ?
কাৰণ
আপুনিচোন জানেই
মই যে 'হৃদয়হীন'..........-
❤️ মই আজীৱন
তোমাৰে...
তোমাৰ পবিত্ৰ
প্ৰেমত...
দগ্ধ জীৱন ।
সুন্দৰ...
মূহুৰ্তৰ বন্ধ
কোঠাত.….
আবদ্ধ দুয়ো ।
মনৰ...
অন্ধ কোণত
তোমাৰ...
ছবিৰ দাপোন ❤️
-
তুমি
Blue zincটোৰ সৈতে
নীলা টি-চাৰ্টটো পিন্ধি আহি
মোৰ দুচকুলৈ নাচাবা...
নহ'লে
মই
আকৌ এবাৰ
নিশ্চুপ হৈ
থৰ লাগি ৰ'ম....
তোমাৰ ৰূপত!
তেতিয়া আকৌ অভিযোগ নিদিবা....
"তুমি চোন মোৰ লগত কথাকে নাপাতা!"-
মইতো জনাই নাছিলোঁ
প্ৰেম কি.............
মইতো দেখাই নাছিলোঁ
ভালপোৱাৰ ৰং..........
অথচ
মই আজি আপোনাৰ প্ৰেমত
নজনাকৈয়ে........
নেদেখাকৈয়ে.......
এতিয়া আপুনি আকৌ সুধিব নেকি
প্ৰেমৰ সংজ্ঞা কি বুলি......
মই যে বুজাই দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ.....-