নৈ খনৰ সদায়েই দুটা পাৰ,এটাই ঢৌ কঢ়িয়াই কিন্ত সাকোঁৰে সংযোগী।
পাৰ্থক্য মানেই নিজস্বতাক সামৰি কাহিনীৰ কমল হাতত লোৱা।
কাহিনীবোৰতো আকৌ হাজাৰটা প্ৰহৰৰ হাজাৰ ঘটনা।
প্ৰহৰবোৰনো কি সেয়া মাত্ৰ আন্ধাৰ পোহৰৰ পাৰ্থক্য ৰেখা।
দিন বোৰৰ হিচাপত কত কেলেণ্ডাৰ নিমিষতে সলনি হয়।
বয়সৰ হিচাপ বোৰ কিন্ত সদায়েই অমিল হৈ ৰয়।
সময়ৰ হিচাপত আকৌ সংখ্যাৰ কত সূত্ৰৰ ভাগ বতৰা।
বেলি ফুলে যদি জোনাক চুব নাপায়, শেৱালীয়েও তো পুৱাৰ পোহৰৰ আগতেই মাজনিশা ডালৰ পৰা সৰি ৰয়।
ইয়াতেই কৰবাত ফুলৰো ভাগ-বতৰা l
ধুমুহা আৰু জুইৰ মাজতো বৰষুণজাক সীমা।
বৰষুণত ধুমুহাও নোৱাৰে জুইকুৰা উৰুৱাই নিব ,
না জুইকুৰাই পাৰিব জ্বলাই ছাই কৰিব ।
সেয়ে বৰষুণ সদায়েই শক্তিশালী।
-
* বৰষুণ মোৰ খুব প্ৰি... read more
Whenever people see to the darkness It feels the spasm of icy-cold fear to the muscle of heart.
Every breath is taken like the countless struggle they had.
In eyes, they carry the universe of explosive starts.
Every step they put like the ECG graph.
Can't be interpretable,
Yet not so impossible! but seems little hard..-
গধূলিবোৰ ৰাতিৰ সীমনা,
নে আবেলিক সামৰি ৰখা গভীৰ ঠিকনা?
এই যে ৰঙীন কৰি তোলে দিগন্তৰ ইপাৰ সিপাৰ,
এয়া উষ্ণ দুপৰীয়াৰ জিৰণিৰ কোলা ?
নে ৰাতিক আদৰাৰ এয়া ৰঙৰ মেলা?
হয়তো ভাগৰুৱা পথিকৰ হাতৰ মুঠিৰ বিচ্ছিন্ন প্ৰশ্ন,
নহলে আন্ধাৰৰ নিৱাসীৰ গধূলিবোৰে হাজাৰ প্ৰশ্নৰ উত্তৰৰ নীৰৱ প্ৰহেলিকা।।-
মোক কপাই থৈ যোৱা তোমাৰ উশাহতে মোৰ হাজাৰ ক্ষণৰ হিচাপ,
তোমাৰ প্ৰতিটো হাঁহিত লুকাই থাকে
মোৰ মৰহি যাব খোজা কবিতাৰ শব্দৰ সমাহাৰ।
তোমাৰ খোজতে থিতাপি লয় মোৰ যাত্ৰাৰ হাজাৰ অজুহাত।
তোমাৰ নামতে অৰ্পণ পুৱতিৰ শেৱালিৰ অশেষ কবিতা ।
উজাগৰী নিশাৰ হাজাৰ স্বপ্নৰ দিগন্তৰ পৰিধি তুমি।
তোমাৰ নামত হাজাৰ কবিতাৰ সৃষ্টিৰ ব্যস্ততা মোৰ প্ৰিয় সদায়ে।
মাথো শেষ পৃষ্ঠাত ধাৰাশায়ী হৈ ৰয় মোৰ শব্দৰ চিয়াঁহী।
কিন্তু তেনে উকা পৃষ্ঠাও সাঙুৰি ৰাখে তোমাৰ হাজাৰ চাৱনি ।-
বিভাৱৰী নিশাৰ তামসাৰ বিপক্ষত জয়ী হৈ পোহৰৰ পখী হোৱাৰ অপ্ৰাণ চেষ্টা,
সকলো শেষ হৈ যোৱাৰ ভগ্নাৱশেষৰ সমাধিত জীৱনে উশাহ হেৰুৱাৰ অযুত কাহিনীৰ শ্ৰোতা সময়বোৰ সদায় অসহনীয় ।
জীৱন সদায় উশাহতকৈ বেছি দীঘল ..
পোহৰৰ জিলিকনিও আন্ধাৰত পৰিস্ফুট এটি সাঁথৰ।
সংগ্ৰমবোৰ উশাহতকৈ কঠিন ।
হলেও শেষত জীবনৰ বজাৰত সংগ্ৰামৰ দাম উশাহতকৈ কম।-
গন্তব্যলৈ কৰা যাত্রাত চাই ৰওঁ
পাহাৰখনৰ সেউজীয়া উষ্ম বুকু।
ভালপাওঁ নৈখনক নিস্বাৰ্থভাৱে,
আপ্লুত কৰে নৈৰ অবাধ গতিয়ে মোক!!
কোনোবা উপকূলত ৰৈ জীৱনৰ হিচাপত ব্যস্ত মইজনীক উত্ৰাৱল ঢৌৱে বাৰে বাৰে উটুৱাই লৈ যায়।
যাত্ৰা সাগৰলৈ নে নদীয়ে মোৰ ঘৰ নাজানো!!!
মাথো সাগৰৰ গভীৰতাত সাঁতুৰাৰ সপোনবোৰ চিনাকী।
প্ৰেমত পৰি ৰওঁ বাৰে বাৰে,
কৃষ্ণচূড়াৰ ৰঙখিনিৰ, ৰাধাচূড়াৰ গুলপীয়াখিনিৰ,
এজাৰৰ বেঙুনীয়াখিনিৰ আৰু সোণাৰুৰ হালধীয়াখিনিৰ।
বাৰে বাৰে ৰঙীন কৰি তোলো মই সেতা মনটোক।
থমকি ৰঙবোৰক উশাহটিত সামৰাৰ বাবে হেঁপাহ!!!
কিন্তু সপোনবোৰ পমি যোৱাৰ ভয়ত অনুমতি নাপায় মনটোৱে।-
ৰাতিৰ শেষ প্ৰহৰত দেখা সপোনৰ অৰ্থ বুজিব পাৰিছা কেতিয়াবা???
ভাবিছা কেতিয়াবা, সপোনৰ অপেক্ষাতটো নিদ্ৰা বিচাৰা নাছিলা তুমি!!!!
সপোনত বিচৰণ কৰি ভাবিছা সপোনবিহীন নিশাবোৰ অপ্ৰিয় হোৱাৰ কাৰণ তোমাৰ?
প্ৰিয় দোকমোকালিবোৰ অপ্ৰিয় হৈ পৰাৰ কাৰণৰ বাবে হাহাকাৰ কৰি পাইছা কেতিয়াবা??
নকৰিবা কাহানিও........!!
ৰাতিবোৰৰ অন্তিম ঠিকনা পুৱতিক গ্ৰহণ কৰা তুমিও।
কাৰণ পুৱাবোৰৰ কামনাও যেন আছিল তোমাৰ কাহানিৰ হাজাৰ বাসনাৰ ঠিকনা।-
মোৰ মৌন হিয়াক জোকাৰিব পৰাকৈ
তুমি এটি শিহৰণ হোৱা!!
পাৰিবা জানো???
নহ'লে এটি সুৰ হোৱা...
মোৰ ওঠৰ শব্দবোৰ যেতিয়াই মৌনতাত নিথৰ হৈ ৰ'ব,
তুমি নামৰ সুৰটিত সিচি দিব পৰাকৈ অনুভৱবোৰ।-
ফাগুন গলগৈ,
মনবোৰক উৰুকা কৰি, শিমলু মদাৰৰ বুকুত ৰং সানি।
কি মায়া ফাগুনৰ, কবিতা নিলিখাকৈ আধৰুৱা প্ৰতিজন কবিতাপ্ৰেমী।
যাদু আছে ফাগুনৰ বতাহজাকত, সপোনৰে আচল ভৰাই থৈ নিথৰ হিয়াৰ।
সৰাপাতবোৰে অবহেলিত পথটোক কৰি তোলে বাটৰুৱাৰ নতুন ঠিকনা।
ভয় হয় মাত্ৰ সৰাপাতবোৰ আকৌ ফাগুন অহাৰ আগতে শুকাই যায় বুলি!
ভয় হয়,ফাগুনৰ আগমনৰ আগতে অনুভৱবোৰ ক্ষয় হৈ বুলি!
ফাগুনৰ কবিতাত দুখ জানো থাকে??
ফাগুনটো চঞ্চল, উন্মনা।
ফাগুন ঠিকনাহীন!!
ঠিকনা নাই বাবে ফাগুন সকলোৰে কবিতাত পোৱা যায়,
ঠিকনা নাই বাবেই হয়তো ফাগুন প্ৰিয় মোৰ, তোমাৰ, হাজাৰ জনৰ।
ঠিকনাহীন বাবেই ফাগুনৰ গভীৰতাত সাঁতুৰি ভাল লাগে সীমাহীন ভাবে।
কাৰণ ফাগুন শেষ নোহোৱা এটি সুৰ, অনুমান কৰিব নোৱাৰাকৈ গভীৰ।
ফাগুন প্ৰিয়, অপেক্ষা আকৌ ফাগুনলৈ.....-
অসম্পূৰ্ণ হৈয়ে ৰ'ব দিয়া না
তোমাৰ মনৰ বাক্যশাৰী,
অপ্ৰকাশিত হৈয়ে ৰ'ওক দিয়াচোন
অনুভূতিবোৰ তোমাৰ ,
কাৰণ....
মোৰ আৰু গভীৰলৈ ডুবিব মন আছে
তোমাৰ মোৰ বাবে
সাঁচি ৰখা অপ্ৰকাশিত প্ৰেমত।-