মই খুলি ৰাখিছো হৃদয়ৰ দুৱাৰ আপোনাৰ বাবে
প্ৰতিটো কোণ পৰিদৰ্শন কৰি লৈ লওঁক আপোনাৰ বাবে সাঁচি ৰখা মৰমখিনি❤
অনুমতি দিছো ...প্ৰাণখুলি বিনিময় কৰক আপোনাৰ ৰঙীন সপোনবোৰ.........💚💛💙-
কিতাপৰ মাজৰ স্মৃতিৰ ভাঁজৰ
মৰহা ফুলৰ শব্দৰ বোলৰ
কাহিনীৰ
সুগন্ধই সুকীয়া ।
-
"স্মৃতিৰ সেউজীয়া তাহানিৰ ছবি
আজি সেই ধুঁৱলী কুঁৱলী"
মন আদৰ্শিকাতেই যি ছবি ধূসৰিত
বাস্তৱিকতাৰ ছায়াগ্ৰহত তেওঁনো কেনেকৈ স্পষ্ট হৈ পৰিব ।
-
মুখৰ গোলাপী হাঁহি স্বপ্নত ভাঁহি
গাজনি কলীয়া যেন চকুৰ চাৱনি
পৰিলেহি ফুলত অজানিতে আহি
কিজানিবা সেয়া সঁচাকৈ তুমি...
থমকি ক'ত ৰ'ল জীৱন তোমাৰ
মধুৰ শব্দ এটি পৰিলেহি কোলাত
সূৰ্যমুখী কণ্ঠই আবেলি বেলাত
মিছাতেই আশা পালি আছে বাট চাই ...
বাঢ়িছে এসাগৰ সাঁচি ৰখা মৰম
বুকুখন গধুৰ হৈছে যেন এচমকা ডাৱৰ
বিলাবও মন নাই বতাহত মিলি
শব্দ তুমি ক'ত গলা পৃষ্ঠাবোৰ খুলি ?-
সেইবোৰ কি যে দিন আছিল,
যেতিয়া ঘড়ী নগণ্যসংখ্যকৰ হাতত আছিল আৰু সময় সকলোৰে হাতত 🐾-
কথা এটা কওঁ
যদিস্য তোমাৰ পক্ষে সম্ভৱ কথাটো মনত ৰাখিবা,
তুমি তমসা বিদাৰি ৰোচিঃৰ আভূষণ মোৰ হৃদয়ত আঁৰি দিছা,
গতিকে এই ৰোচিঃ যাতে উঞ্চ হৈ মোৰ হৃদয় দগ্ধ কৰিব নোৱাৰে
তাৰ প্ৰতিও তুমি সতৰ্ক হ'বা।-
▪যান্ত্রিক▪
কাল বক্ষত কোঙা উৰুখা পঁজা..
বিগলিত স্মৃতিৰ দাবানল..!
ৰৌদ্ৰসিক্ত অশুভ্ৰ মম...
টোপাল টোপাল....!
ছিন্ন হিয়াচেকুঁৰা ওখহি
সিক্ত দুনয়ন...!
কুব্জ দেহাংগ......!
ধূসৰ.....
নীলা পাহাৰ..
সেউজ পদূলি...।
ধান ফুলৰ বিননি.....।।
-
হে বসন্ত এলে কেন ঝরাপাতার বাসর ঘরে!
বিবর্ণ ওই পাতার ঘরে ফুল ফোটাবে কেমন করে?
কি প্রয়োজন অবেলাতে জরীণ ফিতায় খোঁপার বাঁধন!
অলক্ত রঙে রাঙালে কেন স্খলিত দুটি মলিন চরন?
সদ্য ফোটা ফুলের দলে গাঁথলে কেন এই ফুলহার?
কেমন করে পরাবে গলায় সাজবে কি তার এই মনিহার!
কাজল কেন এঁকে দিলে ভেজা দুটি চোখের পাতায়?
আঁধার কালো রাত্রি যে তার দুটি চোখের কোল ছেপে যায়!
চন্দন আর কুমকুমে বলো সাজাবে তাকে কেমন করে?
জীবনটা যার ঢেকে গেছে বিষন্ন এক মেঘের ছায়ে!
আবির রাঙ্গা লাল চেলিতে জড়ালে কেন অঙ্গ জুড়ে?
সব লাল যার হারিয়ে গেছে হৃদয় ধোয়া রক্ত দিয়ে!
সাজিয়ো না তাকে নুতন করে নুতন কোন বধূর সাজে,
মিথ্যে এই সাজ গুলো তার কঠিন হয়ে বুকে বাজে।
জীবন তাকে শিখিয়ে গেছে এই জীবনে কেউ কারো নয়!
পথের মাঝে সব পরিচয়, পথের মাঝেই বিলুপ্ত হয়।-
কিনকিনিয়া বৰষুণ এজাক আহিছে..
ধূলিকণাৰ বাউলী নৃত্যৰ ৰঙ্গমঞ্চখনিৰ
আৱৰণ খনি ধোৱাই নিছে...!
সন্ধ্যাৰ বৰষুণ জাক
এয়া, নিশা পালেহি.....
মৌনতাৰ বুটা বছা নিশাটি
আৰু মৌন কৰি তুলিছে..
আৰু গভীৰ কৰি তুলিছে নিশাটি..!
বৰষুণৰ প্ৰতিটো টোপাল
আৰু বেছি ৰহস্যময় হৈ পৰিছে...!
ফাগুনৰ বতাহ জাকে
আগ ফলা কলপাতত চিটিকি পৰা
বৰষুণৰ টোপাল কেইটিত যেন
কোনো নৃত্যাংগনাৰ দুভৰিৰ চালনাত
কম্পিত নূপূৰৰ সুৰ এটি ভাঁহি আহিছে....!
এয়া বাৰু বহাগৰ বতৰা কঢ়িয়াই অনা
প্ৰথম জাক বৰষুণ নেকি...?
নে শীতৰ অন্তিম জাক বৰষুণ...?
....মেঘকন্যা....?-
আমি কৰি অহা ভুল বোৰৰ বাবে কোনো পধ্যে কেৱল আমিয়েই জগৰীয়া হ'ব নোৱাৰোঁ, ইয়াৰ বাবে সময়বোৰ হয়তো কেতিয়াবা আমাৰ মতে অথবা আমি ভবাৰ দৰে খাপ খাই নপৰে। নতুবা সময়ে আমাৰ সৈতে তাল মিলাব বিচাৰিলেও সমসাময়িক পৰিস্থিতিয়ে তাত বাধা দিয়ে। আমাৰ দৃষ্টিভংগী, মানসিকতা ,পাৰ কৰি অহা কেতবোৰ অভিজ্ঞতাৰ পঞ্জীভূত থূপ-ইহঁতবোৰেও যথা সময়ত কিছুমান ভুল সিদ্ধান্ত লোৱাত মুখ্য ভূমিকা পালন কৰে। এতিয়া আপুনিয়েই কওঁক... সেই ভুলবোৰৰ বাবে নিজে হীনমান্যতাত ভোগাৰ ক'ৰবাত কিবা যুক্তি আছে জানো?এইখন পৃথিৱীত ভুল নকৰা মানুহ হয়তো মই জনাত খুব কমেই আছে.......
READ IN CAPTION•••••••---