👳 -
পুৱতি পুৱাতেই খিৰিকী খোলোতেই
তলসৰা শেৱালিৰ সুবাস,
তৰুণ সেউজীৰ শীতল আবিৰে
নূপুৰ বজাইছে হিয়াত ।
🌼 -
পথৰ লগৰী তুমি প্ৰথম পুৱাত
নিয়ৰ সানি লোৱা মুকুতা নিশাৰ,
বাটৰুৱা বাৰে বাৰে নকবা কঙালী
কোলাত তুলি চোৱা ময়ো ৰঙালী ...-
শৰৎৰ সুবাস লৈ
বিহু আহিছে,
ঘৰে ঘৰে,তুলসীৰ তলত
চাকি জ্বলিছে।
মাটিৰে সজা ভেটিৰ তলত
ধূপ-চাকি জ্বলিব,
তুলসীক সাক্ষী কৰি
লক্ষী আইক সেৱা জনাব।
অসমীয়াৰ ঘৰে ঘৰে
জলপান,পিঠা-পনা,সান্দহ,
খাবলৈ পালেহে লাগে
বিহুৰ আনন্দ।-
আকাশ বন্তিৰ শিখাত নাশ হওঁক সকলো দুৰ্গতি,
পোহৰ হওঁক পৃথিৱী...
কাতি বিহুৰ শুভেচ্ছা সকলোলৈকে...
-
কঙালী যদিও তই অতিকে আপোন
তোৰ পোহৰতে দেখা পাওঁ সোণগুটিৰ সপোন
কিন্তু,হেৰাই গৈছ নেকি তই সময়ৰ সোঁতত
সেয়ে হয়তো পথাৰ আজি এন্ধাৰ হৈয়ে ৰ'ল
তুলসীডালেও তোলৈ ৰৈ ৰৈ ভাগৰি পৰিল
যদি তোৰ গাতো পৰিলহেতেন আধুনিকতাৰ পোহৰ
আজিৰ সমাজে তোকো মনত ৰাখিলহেতেন!!
-
কঙালীৰ গৰ্ভতে যেন অংকুৰিত হওঁক ভোগালীৰ বীজ।।।
তাৰে কামনাৰে সকলো অসমবাসী ৰাইজলৈ আজি কাতি বিহুৰ হিয়া ভৰা উলগ জ্ঞাপন কৰিলো 🙏-
।।তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।।
কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো!-
শৰতে আনিলে শেৱালিৰ মিঠা সুৱাস,
লগতে আনিলে আকালৰ দিন কঙালীৰ,
উদং ভঁৰাল উদং পথাৰ শইচ বুলিয়া হ'বলৈ চাঁকি বন্তি জ্বলোৱাৰ সময়ও আহিল।
তুলসীজুপিয়েও চিকুণতা পালে তাতো জ্বলিল মিঠাতেলৰ সুৱাসলৈ মাটি চাকি গছি।
হয়! হয় আগমন ঘটিল কাতি বিহুৰ।
সকলো অসমবাসী ৰাইজলৈ আকালৰ উৎসৱ কাতি বিহুৰ হিয়াভৰা ওলগ জনালো।-
বিহু আমাৰ তিনিটি....
কাতি বিহু কঙালী...
চাকি ধূপ জ্বলাই...
মা-প্ৰসাদ আগবঢ়াই ...
তুলসীৰ তলত সেৱা জনাই...
পথাৰত আকাশবন্তি জ্বলাই...
খেতি পথাৰ সোণালী হবলৈ কামনা কৰে অসমীয়াই....
বিহু আমাৰ বাপতি-সাহোন
বিহু আমাৰ জাতিৰ দাপোন॥
সকলোকে কাতি বিহুৰ আন্তৰিক উলগ যাছিলো☘☘☘-
কাতি বিহু,
কৃষকসকলৰ পৰিশ্ৰমে যেতিয়া এক নতুন ৰূপ পায়..
ই হৈছে ঘৰলৈ লখিমীক আদৰাৰ এক মৌন প্ৰাৰ্থনা..
তুলসী তলৰ চাকি গছিৰে ঘৰ খনক পৱিত্ৰ কৰি ৰখাৰ অন্য এক প্ৰয়াস।
একো নাই, অথচ বহুতো আছে, সেয়ে হয়তো ই কঙালী ।-