Himakshi Talukdar   (Himakshi Talukdar)
571 Followers · 342 Following

read more
Joined 20 January 2019


read more
Joined 20 January 2019
5 NOV 2023 AT 10:44

উত্থাপিত হৈছে বহু প্ৰশ্ন অসুখী জীৱনৰ বাটত
কিন্তু মায়াত ডুবা মনে তাক আওকাণ কৰিছে
বিষবোৰৰ প্ৰভাৱ উশাহবোৰত বিয়পি যায়
তথাপি সৱল হোৱাৰ ভাওনা কৰিব নেৰে সিহঁতে
ঠুনুকা প্ৰতিশ্ৰুতিৰ ভ্ৰমক সাৱটি পাৰ হয় সময়
অন্ধ দুচকুৱেও বস্তুবাদী পৃথিৱীৰ ভেজালতাবোৰ নেদেখে।।

-


30 JUN 2023 AT 11:24

ग़म के बादल को छिपा देती हूं
चलो मैं तुम्हें आज आजाद करती हूं
ना कर बेरूखी मुझसें इस तरह सनम
वरना नफरत करना हमें भी आता है ये जान लो तुम
एहसान नहीं किया था मुहब्बत करके हमसें
तो दर्द देने का हक़ भी नहीं था तुम्हें
अब तो न ही शिकवा न ही गिला किसी से है
हाथों की लकीरों को ही अब कोचना है
हदों को पार करके जब तुम्हें रोकने की कोशिश की थी
दूर कहीं दिल की कोनों में आत्मसम्मान रो देती थी
अच्छा  लगता था तू क्योंकि नर्मी थे तेरे बातों में
वरना बात करनेवाला हजारों था आसपास में मेरे
अब ये बातें बोलने को मन नहीं होता
तुझसें जुड़ी बातों से मुंह है फेरना !!                       

-


27 JUN 2023 AT 14:32

भीड़ में हो जाऊं तन्हा कभी
तुम हाथ थाम लेना
जकड़ कर अपनी बाहों में
तुम हमको भर लेना
बंद पिंजरे नहीं तुम मुझें उड़ने देना
जिस्म तो सब छुते है तुम मेरी रूह छू लेना
कागज़ के फुल नहीं न ही पेड़ से तोड़ लाना
मिट्टी में गिरे मुरझाया फुल ही तुम मुझें देना
ख्याली मन की हर ख्याल को
तुम सिर्फ मेरे सामने खोलना
न कहना तुम कितना प्रेम करते हो मुझसें
बस् पास होती हूं जब आंखों से तुम जता देना
यूं तो साजिशें रचती है ये दुनिया
तुम मेरे साथ प्यार की कविता रच लेना।।

-


22 MAY 2023 AT 1:18

একুৰা জুই...
মোৰ হৃদয়ত জ্বলিছে
ভালপোৱাৰ মসৃণ পৃষ্ঠাত
ক্ষোভৰ ধোৱা উৰিছে
মলিয়ন মনবোৰৰ পৰা আঁতৰি
জীৱনৰ মোহে এতিয়া কেৱল নিজক বিচাৰিছে !


-


1 MAY 2023 AT 15:52

কথোপকথন

-


1 FEB 2023 AT 0:07

আপুনি পলাশৰ ৰঙাবোৰ দেখিছে
ম‌ই লঠঙাডালবোৰৰ কান্দোন
আপোনাক ম‌ই নিৰ্দয়ী বুলি নক‌ওঁ
হয়তো আপুনিও আপোনাৰ ঠাইত শুদ্ধ
হ‌য়তো আপুনি অপেক্ষাৰ অন্তত ৰঙা হোৱা সুখী পলাশৰ সুখত সুখী হয়
কিন্তু এই যে মোৰ....
শূন্যতাই জীৱন ঢকাৰে পৰা মনৰ পদূলিত বিষাদৰ সঘন অহা-যোৱা ।

( ঘাঁ লগা জীৱনে এতিয়া সকলোতে দেখে কেৱল উদাসীনতা )

-


27 NOV 2022 AT 10:08

জীৱনে যেতিয়া মোক হহুৱাইছিল
আৱেগমিশ্ৰিত উশাহবোৰ জীপাল হৈ আছিল
বেৰি আছিল চাৰিওফালে চিনাকী ছায়াবোৰে
আৰু এতিয়া যেতিয়া জীৱনে মোক কন্দুৱাইছে
উশাহবোৰৰ মৰকুচীয়া হৈছে
চিনাকী ছায়াবোৰ স্মৃতি হৈ ৰৈ মনলৈ বেজেৰুৱা বিষাদ নমাইছে ।।

-


26 NOV 2022 AT 21:49

আধালিখা প্ৰণয়ে বিকট চিঞৰ মাৰে
প্ৰহেলিকাময়ী সময়ৰ চলনাত পৰি
বিবৰ্ণ জীৱনত উদাসীনতাৰ জোৱাৰ
পাই হেৰাই যোৱা সপোনটিক বিচাৰি
জীৱন জটিল বুলি অবুজ মনে সান্ত্বনা লভে
কিন্তু ক্ষণিকতে আকৌ চকুলোৰে দুগাল ভৰাই দিয়ে
শেষত কুচি মুচি সোমাই যাবলৈ বিচাৰে হেৰাই যোৱা সপোনটোৰ বুকুত
উশাহ থমকিব খোজে যেতিয়া নিশকতীয়া হোৱা মন-মগজুৰ বিষত।।

-


23 NOV 2022 AT 15:35

উদাসীন বুকুত এচপৰা তপত বিষাদে গৰজিছে
সাময়িক সকাহ দিয়া প্ৰণয়ক প্ৰশ্ৰয় দি কৰা ভুলৰ বাবে !

-Himakshi Talukdar


-


1 NOV 2022 AT 14:49

মাটিত ভৰি থৈ আকাশ চুৱাৰ সপোনটো আজি ধূসৰ
কৃত্ৰিম পৰিৱেশৰ কলৰৱে তাতে কৰি বহিছে ঘৰ
ভেজাল পৃথিৱীৰ মনবোৰৰ লগত খাপ খাব নোৱাৰি উশাহে কান্দে
জীৱন পৰিক্ৰমাত যেন কিবা আউল লাগিছে হৃদয়ক বেৰিছে বিষাদে
লক্ষ্যপ্ৰাপ্তিৰ বাটটোত ভেঁকুৰে পোখা মেলিছে
কাৰ্যকৰী নোহোৱা পৰিকল্পনাবোৰে কাতৰ কিৰিলি পাৰিছে
যদিও জীৱনত উদাসীনতাৰ ধুমুহা বলিছে তাৰমাজতে নিজকে নিজৰ
একমাত্ৰ আপোন ভাৱি প্ৰত্যাহ্বানৰ সম্মুখীন হʼৱলৈ সাহসো গোটাইছে।

-


Fetching Himakshi Talukdar Quotes