প্ৰকাশ কৰিব পৰা নাই
কিন্ত্ত পোৱাৰ অপেক্ষা এৰা নাই...
-
fb page- সৃষ্টিমালিকা(Shrist... read more
নিশাৰ নিৰ্জনতা ভাল লাগে....
নিজক জানিবলে, নিজক বিচাৰিবলে
নিৰিবিলি সময় অলপ, নিজৰ সৈতে কটাবলে .....❤
কিন্ত্ত ,এটি কোমল উজ্জ্বল ৰাতিপুৱাৰ আশা সদায় থাকে
নোপোৱা দোমোজাবোৰ পাহৰি পোৱাবোৰ সামৰি
ন আশাৰে জীৱনত আগবাঢ়িবলে....💚-
এই যে অভিমানবোৰ ...
সকলোৰে ওচৰত কৰা নাযায়...
যদি আপোনাৰ ওচৰত কেতিয়াবা কৰিছোঁ
তেন্তে হয়, আপোনাৰ স্হান বিশেষ...🤗
কিমান বিশেষ বা কি হ'ব এই সম্পৰ্কৰ নাম সেয়া সময়ে কব...
ইশ্বৰে দিব🌼🙏
কিন্ত্ত বিশেষ স্হান আপোনাক যে এই অভিমানখিনিয়ে দিছে..
সেই কথা আপুনি বাৰুকৈয়ে জানি থব 🌻❤💛🌻-
হয় ,আপোনাৰ ওচৰত মই অভিমানী হৈ পৰো..😔
ইয়াৰ মানে এইটো নহয় যে মই আপোনাক বান্ধি ৰাখিব বিচাৰো...
নাই... সঁজাত বন্দী হৈ থাকিব কাহানিও নোৱাৰো..
আপোনাকো নাৰাখো...🤗
মুক্ত বিহংগ আপুনি
উৰি থাকক নিজৰ আকাশী বাটত..💙💚
মাথো সকলো কামৰ অন্তত জিৰণি লবলৈ মোৰ কাষলৈ ঘূৰি আহক....🌻
ইয়াতেই মই সুখী...
আপোনাৰ সপোন প্ৰিয়াসী হৈ আপোনাৰে হৃদয়ত থাকিম উমলি 💛
অকনমান অৱকাশ মোৰ বাবে ৰাখক...
দিনটোৰ শেষ প্ৰহৰকণ মাথো মোৰ নামত সাঁচক...❤-
অনুভৱ কৰো...
মাথো লাজৰ আৱৰণে ঢাকি ৰাখো..
হৃদয়ৰ গোপন সঁজাত তোমাৰেই দোলনি...
তুমি মোৰ প্ৰতি পুৱাৰ কোমল ৰ'দালি...
মোৰ ধূনা জ্বলা প্ৰতিটো সন্ধিয়াৰ পুলকিত সুৱাস তুমি..
স্নেহ পিপাসু পখিলাৰ পৰশে আহি আলোড়ন তুলি
যায় মোৰ হৃদয় চুমি...
তুমিয়ে মোৰ অ'ত ত'ত সিচঁৰিত শব্দৰে এটি ধুনীয়া বাক্য আজি..
অপেক্ষা আবেগৰ...
অপেক্ষা বহু প্ৰহৰৰ...
আলৌকিক আশীৰ্বাদেৰে..🌼
হেঁপাহৰ এধাৰি মালাই তোমাতেই এদিন লব জিৰণি..💞
-
অভিমানী ভাষাবোৰ ....
যিদিনাই বুজিব...
সঁচা অৰ্থত তেওঁ সেইদিনাই আপোন হ'ব...❤-
সপোন নহয়
দিঠকতো তুমিয়ে....
লিখি দিয়া কবিতা...
মৰমৰ শব্দৰে ....
হেঁপাবোৰ সজোৱা জীৱনৰ ৰঙেৰে....
ভাবনাও তুমি...
আশাবোৰো তোমাতে ...
গানে গানে তুমি....
সাঁচি ৰখা কথাবোৰ আছে সযতনে মনতে ॥🌻💛🌼❤🌻-
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীলৈ
তেখেতৰ উপজা দিনটিত সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ লগতে🌼🙏🌼
পৃথিৱীৰ প্ৰতিগৰাকী শিশুলৈ শিশু দিৱসৰ
আন্তৰিক মৰম তথা শুভকামনা যাছিলোঁ ❤💐🌻
প্ৰতিটো কলিয়ে একোপাহি সুন্দৰ ফুল হৈ সুৱাস বিলাওক ভবিষ্যত দিনত 🌹🌻-
জীৱনৰ কেনভাছত বহু ৰং....
বোলাই লব জানিলেই জীৱনো অনুপম....❤
সৰু সৰু কথাবোৰত লাগি থাকিলেই হৈ পৰে গধূৰ...
নাভাবিলে নাই জীৱনো মধূৰ💚
-