QUOTES ON #দেউতা

#দেউতা quotes

Trending | Latest
15 JUN 2021 AT 17:56

মা : দুখবোৰ আকোঁৱালি সুখবোৰ
ভগাই লোৱা মানুহজনীয়েই হৈছে মা।

দেউতা : নিজে কষ্টত থাকি হহুঁৱাবলৈ যৎপৰোনাস্তি
চেষ্টা কৰা মানুহজনেই হৈছে দেউতা।

দাদা / ভাইটি : নিজে জোকাই ভাল পোৱা কিন্তু
আনে জোকালে অকণো সহ্য কৰিব নোৱাৰা
মানুহজনেই হৈছে দাদা।

বাইদেউ / ভণী : বেমাৰ হ'লে মাৰ দৰেই যতনাই
লোৱা মানুহজনীয়েই হৈছে বা।

-


31 JUL 2020 AT 8:46

মোৰ সুখৰ দিৱসকেইটা
আনৰ লগত উচাহেৰে
উদ্‌যাপন কৰি থাকোতে
মই পাহৰিয়েই পেলাওঁ যে,,,
মোৰ ভিতৰৰ দুৰ্বলতাখিনিৰ
উমান কেৱল দেউতাইহে পায়।
বুকুত ঠাহ খাই থকা বেদনাখিনি
মাৰ বাহিৰে কোনেও চিনি নাপায়।
দুখৰ ৰাতিৰ অৰ্বুদ চকুলোৰে
এটি সুখৰ নতুন ৰাতিপুৱা
ময়েই অকলে হাঁহিৰে সজাওঁ।।

-


21 JUN 2020 AT 22:36

তোমাৰ অদম্য সাহসৰ ৰেঙনিয়ে
বুকুত গুঁজি দিয়ে অজস্ৰ সপোনৰ কুঁহিপাত
অথচ তোমাক কেতিয়াও ইয়াৰ বাবে
শলগাৰ কথা মনলৈ অহাই নাই...
তোমাৰ অসীম ত্যাগৰ ৰশ্মিতেই
জোনাক হৈ ফুলি উঠে আশাৰ কুসুমবোৰ
অথচ তোমাক বিশ্ৰাম লোৱাৰ কথা
এবাৰলৈও সোঁৱৰাই দিয়া হোৱা নাই...
তোমাৰ মুখমণ্ডলত উজলা সৰলতাৰ চানেকিয়ে
ভালপোৱাবোৰেৰে জীৱন জীপাল কৰিবলৈ শিকায়
অথচ তুমি পৃথিৱীৰ সবাতোকৈ প্ৰিয় ব্যক্তি হোৱা স্বত্বেও
এবাৰলৈও মুখৰ আগত তোমাক ভাল পাওঁ বুলি কৈ পোৱা নাই...
কাৰোৰে সহযোগিতা নোহোৱাকৈয়ে কিমান আৰু কঢ়িয়াবা দেউতা
তোমাৰ সেই পুৰণা চোলাটোৰ জেপত
আমাৰ বাবে বিশ্বাসৰ আহুধানৰ ভঁৰালটো....???

নোৱাৰোঁ দেউতা তোমাৰ ব্যক্তিত্বক
মোৰ ঘুণে ধৰা শব্দকেইটিৰে মেৰিয়াবলৈ
তথাপিও অলেখ অযুত মৰম ও শুভকামনা তোমালৈ
জিলিকি থাকা প্ৰতিক্ষণে তমসাৰ মাজতো সোণালী পৰুৱাটি হৈ....।।

-


10 JUL 2020 AT 22:22

আমাৰ সপোন পূৰঠ কৰা মানুহজন
এতিয়া নিজৰ সপোন সিঁচাত ব্যস্ত,,
আমালৈ আশা খামুচিয়াই অনা হাতখন
এতিয়া ৰ'দৰ ছায়াত গাঢ় ক'লা,,
আমাৰ অভিমান কঢ়িওৱা কান্ধখন
এতিয়া বিৰিয়াৰ ভৰত দোঁ খোৱা,,
এয়া যে হেঁপাহৰ আহাৰ মাহ...
মাঘমহীয়া স্বৰ্ণফুল দুচকুত আঁকি
সপোনৰ কঠিয়াতলী গচকাৰ মাহ।
সৌৱা পথাৰখনত মোৰ দেউতা,,
মূৰত বিশ্বাসৰ হাত বুলোৱা দেউতাই
নাঙলৰ মুঠিত আলফুলে হাত বুলাইছে...
এইখিনি দেউতাৰ সপোনৰ সময়..
বছৰেকীয়া সপোনটো গজোৱাৰ সময়।।

-


12 NOV 2020 AT 23:26

☆কান্ধ☆
নিসংগতাত ডুব যোৱা কোনোবাজনৰ বাবে
মই এখন কান্ধ হ'ব বিচাৰোঁ।
ঠিক দেউতাৰ কান্ধখনৰ দৰে__
ধানৰ ডাঙৰিটোৰ পৰা মহাজনৰ শোষণলৈকে
সকলো ভৰ সহ্য কৰিব পৰা!!
___কি পূৰ্ণিমা কি অমাৱস্যা___
তেওঁ কান্ধখনত মূৰ পেলাই কৈ যাব
সাধুকথা যেন লগা একোটা জীয়া কাহিনী!
আৰু মই, নিৰৱ হৈ শুনি যাম।
বিষাদবোৰ ধুই নিব পৰাকৈ
তেওঁ দুচকুৰে এজাক বৰ্ষা নমাব!
আৰু মই, মোৰ মুষ্টিত তেওঁৰ হাতখন সাঙুৰি ল'ম।।

-


21 JUN 2020 AT 10:08

no comments for him***...পৃথিৱীত এনে কোনো অভিধান নাই যাৰ শব্দৰে তেওঁৰ বিষয়ে লিখি পূৰ্ণতা দিব পাৰি।তেওঁৰ প্ৰতি থকা সকলোবোৰ আবেগ হৃদয়তে থিতাপি লাগক,ধন্যবাদ শব্দটিৰ এই ক্ষেত্ৰত কোনো স্থান নাই, কৃতজ্ঞতা শব্দটিও তেনেই তুচ্ছ তেওঁৰ ক্ষেত্ৰত।মৰমবোৰ,তেওঁৰ প্ৰতি থকা সমস্ত অনুভৱ হৃদয়ত সাঁচি ৰাখিম আজীৱন।তেওঁজন আমাৰ বাবে সদায় বিশেষ,গতিকে তেওঁৰ বাবে পালন কৰিবলৈ বিশেষ দিনৰ প্ৰয়োজন নাই,কাৰণ তেওঁৰ সান্নিধ্যত প্ৰতিটো দিনেই আমাৰ বাবে বিশেষ,পৃথিৱীৰ এনে কোনো এটি দিৱসেও তেওঁৰ ভূমিকাক শলাগ লৈ পূৰ্ণতা দিব নোৱাৰে।তেওঁৰ বাবে থকা শুভকামনাবোৰ দীৰ্ঘায়ু হওঁক,কিন্তু তেওঁক সুখী কৰাৰ,সুখত ৰখাৰ দায়িত্বকণ আজীৱন আমাৰ হৈ ৰওঁক ।💓💓
তেওঁৰ দৰে সঁচা অৰ্থত মানুহ হ'ব নোৱাৰিলেও, তেওঁৰ সাহসতেই এইকণ বিশ্বাস আছে যে এদিন হ'লেও নিজৰ বলত এইজন মানুহক অকমান হ'লেও সুখী কৰিব পাৰিম।🙂
পিতৃ দিৱসৰ শুভক্ষণত পৃথিৱীৰ প্ৰতিগৰাকী পিতৃলৈ মোৰ হিয়াভৰা মৰম আৰু শ্ৰদ্ধা যাছিলোঁ।💓💓
পিতৃ দিৱস নামেৰে পৰিচিত এই দিনটোত বৃদ্ধাশ্ৰমবোৰ নিপাত যাব পৰাকৈ নতুন প্ৰজন্মৰ মানসিক স্থিতি উন্নত হওঁক,মাথোঁ তাৰেই কামনা।😌
✍️চুমি কলিতা

-


16 JUN 2019 AT 15:19

যিজনে কঠোৰ পৰিশ্ৰম কৰে,
আমাক সুখত ৰাখিবলে ॥
যিজনে নিজে কান্দে,
আমাৰ এটি হাঁহিৰ বাবে ॥
যিজনৰ অবিহনে জীৱন আধৰুৱা,
আমাৰ সপোনবোৰ আধৰুৱা ॥
হয়, সেইজনে দেউতা
যিজনে উৎচৰ্গা দিয়ে গোটেই জীৱন
কেৱল আমাৰ নামত ॥॥

-


22 APR 2020 AT 11:26

⭐দেউতা মানে অনুপ্রেৰণাৰ উৎস ,যাৰ ত্যাগৰ আছে এক নতুনত্ব

-


16 JUN 2019 AT 8:11

অবৰ্ণনীয় দেউতাৰ মৰম,
দেউতাৰ পৰিশ্ৰম !!

সমস্যা জীৱনত যিমানে আহে,
দেউতাই হাঁহি হাঁহি সমাধা কৰে ॥

সপোন মই বহুতে দেখোঁ ,,
কিন্তু দেউতাৰ অবিহনে অসম্পূৰ্ণ সকলো ॥

সকলো আতৰি যাব এদিন,
মা-দেউতাই থাকিব কাষত চিৰদিন ॥

-


21 JUN 2020 AT 8:13

শৈশঁৱৰ দিনবোৰ ঘূৰাই পোৱা হলে এবাৰ,
তোমাৰ বোকোচাত উঠি
আকৌ এবাৰ উমলিব পাৰিলো হেঁতেন
অ পিতাই !
তোমাৰ হাতৰ আঙুলিত ধৰি
আবেলিৰ পৰত খেলিলো হেতেন,
তোমাৰ বুকুৰ মাজত সোমাই
পৰীদেশৰ সাধু শুনি শুনি টোপনি গলো
হেঁতেন নিজান ৰাতিত |
কিমান ধুনীয়াকৈ তুমি
শিঁকাইছিলা জীৱনৰ যুদ্ধত জয়ী হোৱাৰ
প্ৰতিটো ৰণকৌশল ,
তোমাৰ ছত্রছায়াত থাকি
নিৰাপত্তাৰ অনুভৱ কৰো পিতাই !
হাজাৰ হাজাৰ দুখক নেওঁচি দিয়াৰ
মনোবল আয়ত্ব কৰিছিলো
তোমাৰ পৰাই অ পিতাই !
তুমি আমাৰ সুখৰ কাৰণে
নিজৰ ইচ্ছা বাসনাক ত্যাগ কৰিছিলা
অ পিতাই !!

-