জীৱনৰ এনে কিছুমান মূহুৰ্ত আহে, য'ত সকলোৱেই নিজৰ নিজৰ স্থানত শুদ্ধ... অথচ বিভ্ৰান্ত।
পথভ্ৰষ্ট হৈও সুন্দৰ কুশলীৰ দৰে জীৱন পথত আগুৱাম বুলি যে প্ৰতিশ্ৰুতিবদ্ধ!!
হয়তো এইবাবেই বিভ্ৰান্তিবোৰ ক্ৰমাৎ বাঢ়ি যায়।
নোপোৱাৰ বেদনাত, নে..পাইও হেৰুৱাৰ যুদ্ধখন বাৰে বাৰে পৰাজিত আমি?
নিশ্চিত ভাৱে, এনেবোৰ কাৰণতে ক'ব নোৱাৰাকৈয়ে হৃদয় নামৰ অংগটো সাঁথৰ হৈ পৰে।।-
নৈ খনি বৈ যায়,
মাৰ আঁচলত ধৰি।
সেউজীয়াবোৰো বৰ ধুনীয়া অ':)
______সময়, অলপকৈ পূৰঠ//
অ'তদিনে দেখি অহা
ফাগুনৰ ৰং..
হঠাৎ যদি নোহোৱা হয়!
বসন্তই পাৰিব জানো দিব
হেজাৰ সপোনৰ উত্তৰ?
সমিধান(: এক সাঁথৰ।।
-
কাঁইটীয়া বাটে বাৰম্বাৰ আগচি ধৰে
এই যে
প্ৰাপ্তবয়স্ক
মধ্যবিত্ত পৰিয়ালৰ বোজা
হাতত এডাল নিকোটিন
উজাগৰে পাৰ কৰা বহু নিশা
তথাপি কিন্তু
খালী পকেটৰেই
অযুত সপোন পূৰণৰ আশা ।
মোৰ এই
আকুলতাবোৰ আচুতিয়াকৈ ৰাখিছোঁ
গোপনে,
তুমি নজনাকৈয়ে ….…
এতিয়া পিছে
কথাবোৰ খুলি কোৱা এৰিলোঁ
কৈছিলোঁ যিহেতু
এন্ধাৰ কিয় ইমান প্ৰিয় মোৰ ।-
এদিন আহিছিল এইবাটেই
মন বলিয়া কৰা এজাক বতাহ,
ৰৈ গৈছিল এখন্তেক ইয়াতে
সুহুৰিয়াই গাইছিল ঐয়া ঐনিতম ।
বহুদিন তেনেকৈয়ে পাৰহৈগ'ল..
এদিন বতাহে
সৰিয়হৰ হালধীয়া এবুকু লৈ
উভতিব ওলাল
দুবৰীৰ বেদনাত নিয়তিৰ দুচকুতো
অশ্ৰু বিৰিঙিল
বেলিৰ লগ্নত
বতাহৰ বিবাদ সুগন্ধিৰ সতে
সেয়ে উভতিব খোজে অহাবাটে
মায়াৰে আৱৰা প্ৰেমৰ
সাঁথৰ ভাঙিব নোৱাৰি ।।-
আবেগৰ ৰংবোৰক
দুচকুত সামৰি
মোৰ সমগ্ৰ শৰীৰটিক
তোমাৰ স্মৃতিবোৰেৰে
ঘেৰি ধৰিছিলো জানা!
অধৰত এটি মিঠা হাঁহি লৈ
নিজকে প্ৰশ্ন কৰিছিলো!
আৰু উত্তৰত মাঁথো
এটি ডাঙৰ প্ৰশ্নবোধক পাইছিলো..!!-
কালি ৰাতিৰ আন্ধাৰবোৰে মোৰ কাণে কাণে কিবা কৈ গʼল !
ফুচফুচাই , অচিন ভাষাৰে .....
মই নুবুজি কাণ উণাই একেথৰে চাই ৰʼলোঁ !?
নিঃশব্দতাই হাঁহি উঠিল খিলখিলাই ......
স্তব্ধতাৰ সিটো পাৰৰ
ভায়ʼলিনৰ তান এটিত সাঁথৰ হʼল হাঁহিবোৰো .....
নভবাকৈয়ে.....
তেনেতে .....
নিশাৰ গভীৰতাত গ্ৰাস হʼল
ভাৱৰ মৌনতাবোৰ .....
মনৰ নে মগজুৰ কোনোবা এটি কোণত জনজনাই উঠিল ;
উৎসুকতাই ,
আচলতে ভ্ৰমৰ সংসাৰত মগ্ন হৈ
পাহৰি থাকিলোঁ
বিচাৰি আছোনো কি !?!
(সাঁথৰ)-
কিছুমান সাঁথৰ, যাৰ উত্তৰ বিচাৰি ভাগৰি পৰো, তথাপিও বিচাৰি নাপাওঁ...
আৰু কেতিয়াবা বিচাৰি উলিয়ালেও আকৌ সাঁথৰটো নতুন ৰূপত আহি থিয় দিয়েহি সন্মুখত।
-
✍🏻 সাঁথৰ
মন-গহনত দপদপাই উঠে ...
অনাকাঙ্খিত দবানল একুৰা...
এতিয়াও ক্ৰোধৰ বশৱৰ্তী হৈ...
পাহৰি পেলাওঁ সময়ৰ তফাৎ...
অচিনচক্ৰৰ প্ৰৱঞ্চনাৰ আক্ৰমণ___
অবুজনৰ সুযোগ লৈ ...
সৰলতাক হত্যা কৰাৰ অপচেষ্টা...
ছিঃ ঘৃণনীয় ...
উগ্ৰ খং এটাই আমণি কৰে ...
বাৰে বাৰে...
অস্বস্তি....
পাহৰণিৰ চেষ্টাও অৰ্থহীন হৈ পৰে...
মাজে মাজে...
মন-মগজুত দোলা দি যায়...
প্ৰশ্ন কিছুমানে....
কিয় !?!
নাই নুবোজো... !!
যেন সকলো সাঁথৰ ...।
-