সুখৰ বৃষ্টিপাত দুধাৰী...
আবেগ উপচাই তোলা নয়নজুৰি...
কোনো নিজান নিস্তব্ধ নিশাত,
ম্লান হৃদয়ৰ বেথা কঢ়িয়াই ফুৰা চকুলো তুমি...-
কি আচৰিত, নহয়নে.!!
তুমিয়েই সলনি হবলৈ বাধ্য কৰালা...
এতিয়া তুমিয়ে সুধা "তুমি কিয় ইমান সলনি হৈছা?"...-
সময়ে এৰি যায়, ভাল বেয়া সকলো....
কিন্তু আমি এৰি আহিব নোৱাৰো সেই সময়ৰ স্মৃতিবোৰ....
যিবোৰ সদায় হৃদয়ৰ এচুকত আবদ্ধ হৈ ৰয়....
সময়ৰ গতিশীলতাই নোহোৱা কৰিব নোৱাৰে সেই ৰোমন্থনবোৰ...-
যেতিয়াই সম্পৰ্কত প্ৰয়োজনবোৰ ভালপোৱাত সীমাবদ্ধ নাথাকি অন্যদিশ লয়, তেতিয়াই ফাট মেলিব ধৰে সম্পৰ্কৰ গাঁথনিত আৰু ছিঙিব ধৰে ভালপোৱাৰ এনাজৰীডাল...
-
বিচলিত হোৱা ক্ষণ এটাত বৰকৈয়ে প্ৰয়োজনবোধ হৈ এখন হাতৰ, যি মূৰৰ ওপৰত বুলাই কয় যাব, "সময় সদায় একে নাথাকে, সেইয়া ভালেই হওক বা বেয়াই...ভাল সময় এটা যিমান গুৰুত্বপূৰ্ণ তেনেদৰে বেয়া সময় এটাও...কাৰণ বেয়া সময়বোৰেই তোমাক অধিক শক্তিশালী কৰি তোলে..কিন্তু সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব, তুমি কেনেদৰে গ্ৰহণ কৰিবা সেই সময়টোক..."
-
ভালপাওঁ তোমাক...
তাৰ বিনিময় নিবিচাৰোঁ...
মাথোঁ ভালপাব বিচাৰো কোনো চৰ্ত বা বান্ধোন নোহোৱাকৈ.....-
ভাহি আহে এখন চিনাকি ছবি, এটাই নাম..
সেই ৰদৰ কিৰণৰ দৰেই উজ্জ্বল আছিল তোমাৰ চকুযুৰি..
আজিও তোমাৰ উপস্থিতিক অনুভৱ কৰাই এই পোহৰে..
স্বৰ্ণ মণি হৈ জিলিকি আছা আজিও তুমি,
যাৰ প্ৰকাশে মোক চুই যায় প্ৰতিটো প্ৰভাতীত..
দি যায় প্ৰেৰণা এক নতুন আৰম্ভণিৰ..-
মন যায় আগৰ দিনবোৰ উভতাই পোৱাৰ..
সেই যে তুমি+মই..
যেতিয়া নতুন আছিল তোমাৰ সৈতে ভালপোৱাৰ এই যাত্ৰা..
কিমান যে ভাল লাগিছিল নতুন নতুন লগা ভাব বোৰ..
কিছু কথা তোমাৰ, কিছু মোৰ..
জানিবলৈ শিকিছিলোঁ ইজনে সিজনক..
উপভোগ কৰিছিলো মাথোঁ মুহুৰ্তবোৰ..
কিমান হাঁহি কিমান আনন্দৰে ভৰা আছিল সময়বোৰ..
না খং না অভিমান, কেৱল ভালপোৱা আৰু ভালপোৱা..
যত নাছিল কোনো আন তোমাৰ-মোৰ বাদে..
সময় কেৱল আমাৰ আছিল..
এটা ভাল সম্পৰ্কৰ উপমা হিচাপে থিয় দিব পৰিছিলোঁ..
দিনবোৰ বাগৰি গৈ আছে আগৰ দৰেই..
কিন্তু..
সেই যে হাঁহিবোৰ এতিয়া মাজে মাজে হে বিচাৰি পাওঁ..
সেই যে খং-অভিমান বোৰ এতিয়া বৰকৈয়ে চিনাকি..
আৰু সময়ে ৰং চাই আছে..
তথাপি বিশ্বাস আছে সপোনবোৰ দিঠক কৰিম..
প্ৰয়োজন মাথোঁ তোমাৰ সঁহাৰিৰ..
আকৌ উভতাই আনিম সেই দিনবোৰ..-
বুকুত মৰম লৈ পাৰ কৰি দিম বাধাৰ বৃহৎ দেৱাল...
দেখুৱাই দিম শক্তি ভালপোৱাৰ...
তেওঁলোকৰ জেদেও এদিন হাৰিব বাধ্য হব...
চাবা তুমি সেইদিনা, যিমান বেয়া পাইছিল তাতকৈ বহুগুণ মৰমেৰে আমাক উপচাই তুলিব...
(মৰমেৰে জয় হ'ম মৰমৰ যুদ্ধত)-
কি ৰহণ সানিলা, মোৰ মন মগজুত...যাৰ বাবেই আজি ভাল লগা হয় পৰিছে মোৰ চৌপাশ...
কি ৰহণ সানিলা, এই নয়নজুৰিত...যি তোমাক চাবৰ বাবেই অপেক্ষাৰত...
নাজানো কি শক্তি আছে তোমাৰ ভালপোৱাত.........
বাৰে বাৰে তোমাৰ প্ৰেমত পৰিবলৈ মন যায়...........
মই জানো পাৰিছোঁ তোমাৰ ভাল লগবোৰৰ
কাৰণ হব?-