QUOTES ON #অসমীয়া_শ্বায়েৰি

#অসমীয়া_শ্বায়েৰি quotes

Trending | Latest
15 MAY 2020 AT 10:34

অসমীয়া শ্বায়েৰি__৩২

এই নিঃকিনৰ হৃদয় যে ভাঙিলা
নিস্বাৰ্থভাৱে প্ৰেম কৰাত অপৰাধ কি ?
পূৰ্ণিমাত আঁউসীৰ ৰং যে সানিলা
এন্ধাৰক বৰ্ণিল কৰাত অপৰাধ কি ?

-


10 AUG 2020 AT 14:16

°°°°°° অসমীয়া_শ্বায়েৰী_°°°°°°
°°°°°°°°°°°°°°°
নীলিম আকাশৰ নীলাভ সৌন্দৰ্য্যক
মেঘালী চাদৰে সোণত সুৱগা চৰায়।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
নীলিম আকাশৰ নীলাভ সৌন্দৰ্য্যক
মেঘালী চাদৰে সোণত সুৱগা চৰায়.....
যেন মোৰ হিয়াৰ সাগৰত
তোমাৰ স্মৃতিয়ে আহি
প্ৰেমৰ ঢৌ তুলি যায়।।
°°°°°°°°°°°°°°°°°°

-


21 JUL 2020 AT 11:53

আপুনিটো সূৰুযমুখীৰ সৌন্দৰ্য্যৰ প্ৰেমিক !
প্ৰতিটো দিনত হেজাৰ সৌন্দৰ্য্যক
প্ৰস্তাৱিত কৰা প্ৰতাৰক প্ৰেমিক !
আৰু মই,
প্ৰতিটো নিশাৰ হাস্নাহানাৰ প্ৰেমিক !
এন্ধাৰৰ গভীৰতাত প্ৰস্ফুটিত সুবাসৰ,
বিশ্বাসক প্ৰভাতীত কৰা নিশাৰ প্ৰতীক !

-


8 FEB 2021 AT 13:45

অসমীয়া শ্বায়েৰি__৩৩

গোলাপ ফুলৰতো প্ৰেমিক সৰ্বত্ৰ,
আৰে চোৱা যদি কাঁইটৰ প্ৰেমিক হৈ চোৱা !
সুখ বিচৰাতেই পৃথিৱী ব্যস্ত,
আৰে চোৱা যদি দুখত জীৱন বিচাৰি চোৱা !

-


17 SEP 2021 AT 10:56

কিন্তু স্মৃতি বোৰ চিৰদিনলৈ ৰৈ যায়

-


2 JAN 2021 AT 21:06

ৰক্তিম শ্মশানখনত,
গোলাপে নো এতিয়া
কেনেকৈ উশাহকণ ল'ব ?!

💔

শুকাই যোৱা
ৰক্ত গোলাপ পাহিতেই,
স্নেহান্ন দি আছে
অস্তমিত সুৰুযে.....

🍁

-


27 JUL 2019 AT 12:02

অসমীয়া_শ্বায়েৰি_১৩

তুমি যদি ব্যস্ততাৰ অজুহাতেৰে ইমানেই ব্যস্ত
তেনে প্ৰেমৰ আদিপাঠ পঢ়াইছিলা কিয় !
মইতো উপযাচি পঠোৱা নাছিলো প্ৰেমৰ নিবিদা
তেনেস্থলত জীয়ামৃত্যুৰ বলি সজালা কিয় !

-


26 JUL 2019 AT 19:34

অসমীয়া_শ্বায়েৰি_১২

আৰে প্ৰেমৰ নৰিয়াত পৰি নিসংগ নহ’বা
প্ৰেমত প্ৰশান্তি ক’ত !
তুমি এই বুকুৰ বালিচৰত প্ৰেম বিচাৰিছা
শূন্যতাত প্ৰেম ক’ত !

-


12 MAY 2020 AT 20:19

অস্পৃশ্য সময়ৰ বোৱতী সোঁতত আজি
ঘোপমৰা আন্ধাৰবোৰ যে সন্ধ্যা ভাঙি নামে,
তুমিবিহীন জীৱনটো অনুধাৱন কৰিবলৈও ভয় লাগে
'মইজন'ৰ মনটোওচোন কেনেবা কেনেবা কৰে...

-


22 NOV 2019 AT 10:19

অসমীয়া শ্বায়েৰি___৩০

শিলক শিল বুলি নাভাবিবা
শিলৰো আছে জান !
ফুলক ফুল বুলি নিছিঙিবা
ফুলৰো আছে মান !

-