Moslema   (Moslema)
256 Followers · 114 Following

read more
Joined 13 July 2019


read more
Joined 13 July 2019
14 MAY 2023 AT 18:22

"অপেক্ষাৰ বাটত কেতিয়াবা গজিছেনে শেলাই ?
কোনে কয় জীয়া শিলৰ হেনো কাহিনী নাই ?
ধুমুহাৰ কোবত যদিহে ক্ষয় হৈছে শিলৰ বুকু
তেন্তে আছে তাতো কাহিনী বহু ।
হয়তো তুমি মই শুনা নাই,
অপেক্ষাৰ অন্তত হয়তো আমি মৰা নাই,
অথবা;
উপেক্ষাৰ পাছতো আমি শিল হ'ব পৰা নাই ।"

-


19 JAN 2023 AT 18:13

'আৰু কি নৈঃশব্দ', 'নিৰ্জনতাৰ শব্দ' !
'সূৰ্য হেনো নামি আহে এই নদীয়েদি',
'গোলাপী জামুৰ লগ্ন' ।

বিদায় নকও কবি । কবিতা থাকে মানে, মহীৰুহ প্ৰাণ হৈ থাকিব
কবিতাৰ শিতানে শিতানে । আজি, অনাদিলৈ _____

-


17 OCT 2022 AT 14:23

(১)
ৰং প্ৰিয় হোৱাৰ আঁৰতো থাকে এখনি হেঁপাহৰ নৈ,
যেন নীৰৱে ভটিয়াই থাকে এখনি সুৰৰ পানচৈ ।
দৈবাৎ কেতিয়াও আৰু নুসুধিবি
বৰষুণ কেনে লাগে তোৰ ?

(২)
হৃদয়ে নিলামত দিয়া কবিতাই ক'ব,
কৃষ্ণচূড়াৰ সোণসেৰীয়া হাঁহিয়ে এতিয়াও
মৰমবোৰ জীপাল কৰে মোৰ ।

-


5 OCT 2022 AT 22:25

.....

-


5 MAR 2022 AT 9:19

চ'তৰে ভৰ বেলি
কাৰ চিফুঙৰ সুৰে আহি,
নিচুকালেহি মোৰ দুখৰ ৰাতি ।
এইয়াতো ব'হাগৰে আগজাননী
দূৰৈত বিৰহৰ কাতৰ বিননি
সংগীহীন কুলিজনীৰ,
মোৰ উৰুখা জুপুৰিত জিৰাইছে
এহালি প্ৰেমৰ বুলবুলি ।

-


26 FEB 2022 AT 9:07

অজুহাতৰো আছিল সেই একেটি বাট
তোৰ পৰা মোলৈ,
ওভতনিৰ সেই চিনাকি সাক্ষাৎ
অনাকাংক্ষিতৰ অপেক্ষাত ।

ক্লান্ত উশাহৰনো কেনি বাট
ঐচ্ছিক নে বিশ্বাসঘাত,
উদ্যমী মিছিল হয়নে সহজাত
অস্থিৰ জীৱনৰ এই দুৰ্দশাত !

-


14 FEB 2022 AT 19:04

ব'ল !
বাউলী ফাগুনীৰ উন্মাদনাৰ পৰা
আমি দুয়ো থপিয়াই চিঙো,
তোৰ-মোৰ প্ৰেমৰ চিলাখন ৰঙীন কৰিবৰ জোখাৰে
এমুঠি হেঁপাহৰ ফাকু ।

-


13 JAN 2022 AT 22:22

কৃতজ্ঞতা যাচিলো মই
সেই আঘাতক,
তেজৰ চেকুৰাবোৰ দেখিলোঁ
যি বিশ্বাসৰ মৃতপ্ৰায় কংকালত ।
জীৱননো কি, মাথোঁ এক জনশ্ৰুতি
অপ্ৰাপ্তি অথবা অপৰাজেয় কাহিনী,
যদিহে প্ৰেমো হয় মানুহৰ আসুৰিক তৃপ্তি
তেন্তে আদৰৰ বিনিময়েই হ'ল ভৎৰ্সনাৰ পৃথিৱী ।

-


13 JAN 2022 AT 22:10

শুনচোন অচিন পখীটি !
তোৰ দু-পাখিতে লৈ যা‌,
এমুঠি মোৰ কবিতাৰ গধূলী;
সৰিয়হফুলা জোনাকী-দেশৰ সৌ যে তৰালীজাকি,
তাৰেই হালধীয়া সুগন্ধিজাকৰ মাজত
মোৰ হিয়াখন লুকুৱাই থ'বি !

উভতি আহোঁতে মোৰ প্ৰিয়তমক ক'বি-
"হেঙুলীয়া-আভা প্ৰিয় তাইৰ কলিজাখনি,
দিশহাৰা আজি তোমাক বিচাৰি"
আলফুলে হেঁপাহৰে সামৰি ল'বলৈ ক'বি
হালধীয়া জোনে মিতিৰালি পাতিবৰ ৰাত্ৰি !

-


12 JAN 2022 AT 17:14

"...একোৱেই যেন ইয়াৰ ব্যতিক্ৰম নহয় ।
মৃত মন এটাক শুশ্ৰূষা কৰি ছাইৰ পৰা সৃষ্টি কৰি
তোলালৈ যিমান যোজন বাট,
আত্মঅহংকাৰত দগ্ধ আদৰবোৰ ওভতাবলৈ কৰা
বৃথা চেষ্টাবোৰলৈয়ো সমানেই সুদূৰ বাট ।
তাৰ পাছতো সম্পৰ্কৰ দোহাইদি সামৰিব বিচৰা হয় প্ৰিয়খিনিক
কাৰণ অৱজ্ঞা কৰিব নোৱাৰি প্ৰাপ্তিখিনি ।
কিছু মিছা হাঁহিৰে, সঁহাৰি দিয়া হয় ভালে থকাৰ অলেখ কাহিনী ।
কিন্তু অভিনয়ৰে সঁচাখিনিক মিছা কৰি পেলাব নোৱাৰি...!"


(Read the caption)

-


Fetching Moslema Quotes