Chandan Gogoi   (চন্দন গগৈ)
635 Followers · 252 Following

read more
Joined 3 April 2020


read more
Joined 3 April 2020
15 JAN AT 13:01

(ক)
(খ)
(ক)
(খ)

(গ)
(ঘ)
(গ)
(ঘ)

(ঙ)
(চ)
(ঙ)
(চ)

(ছ)
(ছ)

-


17 OCT 2023 AT 23:04

(ক)
(খ)
(ক)
(খ)

(গ)
(ঘ)
(গ)
(ঘ)

(ঙ)
(চ)
(ঙ)
(চ)

(ছ)
(ছ)

-


18 SEP 2022 AT 23:27

O, aate jaate lamhe
Zara mujhe bata aake,
Kaha chupa rakha hai tu
Un dino ki saari wo baatein!

Dil mein aaj basi ho tum
Yaadon mein ab, sote jagte
Swapno mein utar jati ho raat
Har woh sham, suraj jab dhalte.

Hothon pe jo aaye, atak jaye wo lafzon
Haa! bahana bhi unke, honge hazaron
Na bolne ki, kasam toh na khayi thi
Bas yun hi, aise tum narazgi jatati.

Baatein saari lekin un dino ki
Kah bhi na paya, yaadein bhi utni
Waqt to tha kam, par na thi pavandi
Itni saari wade, zindagi ki, karni thi puri.

Rishtein na picha chode, na zamana bhi
Aaj kahna tumse, baatein jo rah gayi thi baki
Cholo aaj nehi, batata hu fursaat mein phir kabhi
Mere pyar ki hadh, yah puri dunia tumhe bata degi!

-


5 SEP 2022 AT 1:05

হে' গুৰু হে' ঈশ্বৰ

হে' গুৰু,
প্ৰণামো তোমাক
তোমাৰ চৰণত সমৰ্পন
এই অনুগতৰ সমস্ত জ্ঞান।
একাঁজলি তোমাৰ আশীৰ্বাদ
চটিয়াই দিয়া ই কলুষিত ধৰাত
ৰঙীন হৈ পৰিব জীৱন আমাৰ
সমাজৰো হ'ব অবিৰাম উত্থান;
জাতি-ধৰ্ম ভেদ, বৰ্ণ নিৰ্বিশেষ
সৰ্বত্ৰ হ'ব শিক্ষাৰ সমাৱেশ।

হে' পৰমপূজ্য, হে' নমস্য
তোমাৰ পদধূলাতেই দিকদৰ্শন
প্ৰজন্ম প্ৰজন্ম ৠণী ধাৰত তোমাৰ
দেশৰ ভৱিষ্যত গঢ়ে তোমাৰ হাতত;
সমাজৰ সম্পদ ওমলে যত্নত তোমাৰ
নিঃস্বাৰ্থ ভাষাৰ তোমাৰ দুষাৰি কথাত।
আঙুলি মূৰত লৈ মানৱতাৰ তৰোৱাল
জ্ঞানৰ কৰা জগতজোৰা আলোড়ন
প্ৰগতিৰ ধাৰা বৈ যাওক নিৰংকুশ
দশোদিশে আজি হওক কল্যাণ।

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
গুৰু শিষ্য গুৰু জ্ঞান।
--চন্দন গগৈ
শিক্ষা স্নাতক প্ৰথম ষান্মাসিক

-


14 FEB 2022 AT 3:01

-


16 NOV 2021 AT 9:17

(ছন্দোবদ্ধ চাৰিদফীয়া দীৰ্ঘ পদ্য)
প্ৰেম যুক্তাক্ষৰ
চন্দন গগৈ

কুলু কুলু মৰমৰ ক্ষীণ ধাৰৰ জুৰি, খৰস্ৰোতা প্ৰেমৰ স্ৰোতস্বিনীত লক্ষ্য
মেদিনী সামৰা প্ৰণয়ৰ গগনত উন্মনা, ঐক্য সংহতি প্ৰেমিক পক্ষীৰ
আৱেগৰ আৱেশ, আঙুলি মূৰত গণি নোপোৱা স্বপ্নৰ সমাৱেশ
সন্তৰ্পণে অহা-যোৱা প্ৰেমৰক্তৰ ৰঙা, কলিজাৰ কৌমুদীত
বন্ধনত নয়ন, মৌন বাৰ্তালাপত চাৰি চকুৰ আলাপ
অদমনীয় আকাংক্ষাৰ মায়াজাল, পিছা উষ্ণ উত্তাপ
বন্ধ নেত্ৰত মুক্ত, উগ্ৰ বাসনা জাগ্ৰত, স্পৰ্শ আলোড়নত
একাকী অনুভৱৰ একাকীত্ব ওফৰাই, মুখত যি প্ৰেম বিলাপ
আধৰুৱা আধাদেখা সপোনৰ, জীয়া সত্যতাত চলে প্ৰেম প্ৰলাপ
আলিংগন অসহনীয়তাত অপূৰ্ণ তৃষ্ণা দহে ৰৌ-ৰৌৱা অগনিত প্ৰেমত।

নেত্ৰত আঁকিম নৈসৰ্গিক দৃশ্য তমসাৰ, চকুৰ পতাত ৰ'ব ওলমি
যুগ্মভাৱে উপভোগ কৰিম, এন্ধাৰত আলাপ, নীৰলে বহি
কথোপকথন আমাৰ দুই প্ৰেমিক পক্ষীৰ প্ৰাণপখী
মাউখ বান্ধি আহিব অভিমান হিল-দিল ভাঙি
যত সব সঞ্জীৱনী পদাৰ্থই পাতিব সমাৱেশ
আকুল মন ব্যাকুল নগ্নতা, আন্ধাৰৰ আবুৰ দি
ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট প্ৰেমৰ জয়গানত লাগি ৰাগি
সংহত চিত্তেৰে উপচিব স্নেহদ্ৰব্য দেহত, অস্থিৰতা বাঢ়ি
আগবাঢ়িব সমদল অসংলগ্ন কথাৰ, পৰাণ জুৰুৱা দি ধ্বনি
আলিংগনৰ মুহুদি, প্ৰেমালাপ চৰম সুখৰ সন্ধানত একৰ সূত্ৰ ধৰি।

-


16 NOV 2021 AT 9:11

(ছন্দোবদ্ধ চাৰিদফীয়া দীৰ্ঘ পদ্য)
প্ৰেম যুক্তাক্ষৰ
চন্দন গগৈ

সেউজ যৌৱনা, সুশোভিত তোমাৰ সুকোমল বক্ষ
সোণাৰুবুলীয়া বুল তাত সৌন্দৰ্যৰ পৰিমাপ
সংকোচে সংগোপনে আজি আলফুলে
আশে-পাশে তাত আঁকি দিম মই
একা-বেঁকা লাজ, দুষ্ট ৰেখাত
তৃষ্ণাতুৰ আবেষ্টনীত অতৃপ্ত ওঁঠত
নিৰ্লজ্জ নয়নে মই, প্ৰাণ ভৰি ভৰি চাই
লৈ যাম স্বপ্নদেশ দিশে প্ৰেমক কৰি সাৰোগত
আঁটি আঁটি দি তাবিজ আৰি, চৰম সুখ কংকালত
মূৰ্চ্ছনা তুলি সৰগী সংগীতৰ, সৰ্প হৈ মেৰাই ধৰিম মই।

নিদ্ৰামগ্ন নিশাৰ নীৰৱ সাক্ষী, নিঃশব্দতাক লৈ সংগী কৰি
সানি দিম উৎকৰ্ণ কৰ্ণত, ভিজা প্ৰেমৰ মিঠা ফুচফুচনি
প্ৰতি প্ৰহৰে হ'ব দেহ-মনৰ মিলন, ল'ম আঁকোৱালি
স্পৰ্শৰ স্পৰ্শকাতৰতাত লেপি দিম আবুৰ সানি
খহাই লজ্জা আভৰণ উদঙাই উন্মুক্ত বক্ষ
প্ৰতিক্ষণে অজ্ঞানে বনৰীয়া হেপাঁহ মেলি
অসংযম আকাংক্ষাৰ তীক্ষ্ণ নখৰ আঁচোৰ পৰি
অসংযত বস্ত্ৰ লাজ এৰি হৈ পৰিব ছেদেলি-ভেদেলি
মিলনৰ মৌ-ৰস সংগমৰ সোৱাদত যেই যাব সি উটি-ভাঁহি
মৌন দৃশ্যপট যৌনতাৰ, ল'ম তেতিয়া প্ৰেমৰ পটভূমিত আৰি।

-


15 NOV 2021 AT 22:07

(চাৰিশৰীয়া চাৰিদফীয়া কবিতা)
জন্মদিনৰ শুভকামনা বৰ্ণা
চন্দন গগৈ

ওপজা দিনত পৰে উপচি শুভকামনা
অজানিতে আজি ঢল স্নেহৰ বাগৰি যোৱা
অক্লেশে সজ্ঞানে নিষ্ঠাৰেই আঁকোৱালি লোৱা
উদ্যম কৰ্মত, প্ৰেম হওঁক জীৱনত যাউতিযুগীয়া।

হৃদয়ৰ কোঠালিত, প্ৰণয়ৰ যি তাঁত
প্ৰেমৰ ফুল বাছকবনীয়া, শিপিনীৰ হাত
আঁটি-আঁটি বান্ধি প্ৰীতি, চেনেহৰ চেৰেকীত
ফুৰাই দি মৰমৰ মহুৰাটি, এনেচা সূতা যঁতৰত।

দেহ-মন অভিন্ন পিৰীতিৰ পাকত
মিলনৰ মায়াত সত্য কামুকতা প্ৰেমত
ক্ষণে ক্ষণে গণি পল, বিহ্বল যৌৱন দেহত
হেপাঁহৰ নষ্ট অনুৰাগ, উচ্ছল অৱধি যে মনত।

কৰ্মই সফলতা, সাধনা জীৱনজোৰা
উন্নতিৰ জখলাত আস্থা, অবিচ্ছিন্ন ধাৰা
শব্দত মাথোঁ গুণ-গান, সংগী প্ৰত্যয়ক কৰা
দি জয়ধ্বনি কৰ্মত, আগুৱাই জীৱনত যোৱা।

-


22 JUL 2021 AT 21:46

(চনেট)
অনাখৰী আইতাৰে সোণালী শৈশৱ
চন্দন গগৈ

আইতাৰ মুখে সাধু শুনা সময়তে
তামোলৰ পিকে সৰে ৰজা-মহাৰজা
অনাখৰী মনত অলেখ ৰূপকথা
সেলেঙি আইতাৰ সোলা মুখে সৰকে
দুপাৰি দাঁতৰ ভগা ফাঁকত ওলমে
তৰা গণা দিনৰ নেজাল সাধুকথা
ৰহস্যৰ ভঁৰাল ককা আৰু আইতা
ক-খ নিশিকা মুখে নিৰক্ষৰ মনেৰে
প্ৰতিবিম্বিত অক্ষৰ অকণি মনত
হেলাৰঙে শয়নতে সপোন সজায়
নিদ্ৰামগ্ন নাতিৰ কল্পনাৰ কোলাত
অন্তহীন কাহিনী সৰগ ৰচি যায়
শৈশৱ গাঁঠি স্নেহৰ নিচিগা সূতাত
ঢাৰি-পাটীত সংগোপনে গুঁঠি দি যায়।

-


21 JUL 2021 AT 17:57

(চনেট)
জগতৰ জনতাৰ জাগ্ৰত বাসনা
চন্দন গগৈ

প্ৰতাৰণাত হেৰায় প্ৰতিশ্ৰুতিবোৰ
দিনে-প্ৰতিদিনে খোজে প্ৰতি জীৱনত
অবিৰাম উদ্ভৱ মানৱ জীৱনত
আমুক্তি অলেখ অসাময়িক ইচ্ছাৰ
প্ৰয়োজনক অভিধা, খাতিৰ মিথ্যাৰ
দাবী নতুনত্ব, মুহূৰ্ত যি নৱাগত
স্বাৰ্থৰ উন্মুক্ত অক্ষি মনুষ্য মনত
অপমৃত্যু আশাৰ, প্ৰত্যাশাতো প্ৰহাৰ
উত্তপ্ত ও অসহ্য, জীৱনৰ বলুকা
দিগন্তত নয়ন বালিচৰো শুকান
বিৰহী ঢৌ উত্তাল, অশ্ৰুৰ বয় বন্যা
আস্থা কি বিশ্বাস, নিমিষতে অন্তৰ্ধান
সময়ৰ সোঁতত ওপঙা প্ৰতাৰণা
কেনালগা নৈত নাচে অজ্ঞানীৰ জ্ঞান।

-


Fetching Chandan Gogoi Quotes