// আস্ফালন //
অজানিতে কলুষতাৰ চেঁকা লাগিছে
সেউজী আঁচলত , সিঁহতৰ অবৈধ বিচৰণত ।
পাটকাই জীয়ৰীৰ প্ৰাণজুৰোৱা গানত ,
এতিয়া 'এক্সভেটৰ'ৰ বেসুৰা ৰাগিনী ।
চিফুঙে কঢ়িয়াই কৰাল মৰা ৰক্তৰ সোৱাদ ,
হোলোঙৰ বাকলিত লিখে ধ্বংসৰ ইতিহাস ।
বিশাল কলিজাত পৰে ভোকৰ আতপ ,
নিমিষতে ক'লা পৰে স্নেহৰ আমঠু।
নীড় ভগা ধনেশৰ বৃথা আস্ফালন ,
নিৰালম্ব হওঁক আসক্তি , স্তব্ধ হওঁক খনন ।
শান্তিৰ কমণ্ডলুৱে চতিওৱা এচাটি পানী,
মনত জ্বলা বন জুই নুমাওক পলকতে !
-
উশাহ বোৰ লাহে লাহে চুটি হৈ যাব ধৰিছে...অস্তমিত বেলিৰ পোহৰ আৰু মোৰ গাৰ বৰণ যেন এক হৈ বিলীন হ'ব ধৰিছে পশ্চিমাকাশত!
শেষ বাৰৰ বাবে মই বেলিটিৰ সৌন্দৰ্য্য মোৰ গাত যেন ছটিয়াব খুজিছোঁ।।
উফ্..অসহ্য বিষ অ'!!
কিহৰ শাস্তি এইয়া? মইতো কাকো আজিলৈকে অনিষ্ট কৰা নাই..!!তেনেহলে কিহৰ পৰিণাম এইয়া ভোগ কৰিছো মই??মোৰ বুকুখন কিয় খান্দিছা তোমালোকে???
জানা,মোৰ বুকুত অকল সেউজীয়া আছে অ'...সেউজীয়া জানো তোমালোকৰ প্ৰিয় নহয়?
তোমালোক সকলো মোৰ বুকুৰ আপোন..কোৱাচোন মোৰ হিয়া ফালি কিয়
নিজৰ বিপদ মাতি আনিছা তোমালোকে!!তোমালোৰ জানো অলপমানো দায়িত্ববোধ নাই???
অনিশ্চিত ধ্বংসৰ দিশে গতি এই জননী..!
হায়..ধিক্কাৰ মানৱজাতি।।-
অসমীৰ দুচকুৰ মুগ্ধমণিত নাচে
আইৰ সেউজবুলীয়া আঁচল
খেয়ালী প্ৰকৃতিৰ অপূৰ্ব দান
ৰূপহী এই দিহিং পাটকাই
আজি ধ্বংসৰ গৰাহত
মানুহৰ নিৰ্বুদ্ধিতাই বিধস্ত কৰিছে
সহস্ৰ পশু-পক্ষীৰ আলয়
সূৰ্য্য উদয়ৰ লাৱণ্য আভাত
দিহিং পাটকাই অৰণ্যত হৈ ৰয় বেশাখী মন
ফুলে-ফলে সৌন্দৰ্য্য ছায়া-মূতি
হৈ ৰয় প্ৰতিটো প্ৰহৰ
বিশাল গছৰ ছাঁয়াৰে
সন্মোহিত হয় মাতৃৰ প্ৰাণ
ৰিব্ ৰিব্ বতাহৰ জিৰ জিৰ শব্দ
বিয়পি পৰে চৌদিশে ,
জোৎস্নাময় ৰূপহী হৈ পৰে
দিহিং পাটকাইৰ গান ।-
দিহিং পাটকাই আজি উচুপি উঠিছে
সহস্ৰ জীৱ-জন্তুৰ আশ্ৰয়স্থল
আজি ধ্বংসৰ গব্বহৰলৈ ধাৱমান হৈছে ।
মানৱ জাতিৰ স্বাৰ্থ পূৰণৰ হেতু
প্ৰকৃতিক হানি কৰিব বিচাৰে
ভদ্ৰতাৰ মুখাপিন্ধা এচামে ।
নিজৰ লাভৰ বাবে অন্ধ হৈ পৰিছে
প্ৰকৃতিৰ দুখ আৰু তাত আশ্ৰয় লোৱা
পৰিভ্ৰমীবোৰক আওকান কৰিছে ,
লালসাৰ কবলত পৰি
আইৰ দেহৰ অংশক ক্ষত-বিক্ষত কৰি
খনন কৰিছে আইৰ বুক
তেওঁলোকক আজি আইৰ
সেউজীয়া আভূষন নালাগে
লাগে মাথো ক'লা সোণ ।
-
What happen to Dihing patkai wildlife sanctuary?
~ Recently the National Board for Wildlife (NBWL) has permitted the Coal India Limited to carryout extraction of 98.59 hectares of rainforest land, which will completely destroy the sanctuary. So it is high time to save the 'Amazon of the East', Dehing Patkai from the coal mafias.-
সেমেকা নিয়ৰৰ ৰূপোৱালী কণিকাই
মোক অলংকৃত কৰে,
ৰ'দালিৰ প্ৰথমটি হেঙুলীয়াই
মোক মুখৰিত কৰে,
সেউজীয়া দলিচাই
মোৰ ঘৰখন সুশোভিত কৰে,
পূৱৰ মই মহিয়ষী
অসমৰ মই প্ৰাণ,
পিছে হেৰা নিলাজ,
হয়, তোমাকেই কৈছো...
জীৱশ্ৰেষ্ঠ মনুষ্য
এয়াই নেকি তোমাৰ শ্ৰেষ্ঠতা??
তোমালৈ এটি কাতৰ অনুৰোধ
আমাক নামাৰিবা
মোৰ পৰিয়ালক কাঢ়ি নিনিবা,
বিনষ্ট নকৰিবা তোমাৰ গৌৰৱ
ধ্বংস নকৰিবা তোমাৰ নিজস্বতা,
আমাক নামাৰিবা
তোমালোকৰ আমাজন
ৰিক্ত নকৰিবা।।
- Satarupa Bharadwaj
-
প্ৰকৃতি প্ৰেমি সকলো ৰাইজ আজি চিন্তিত
কাৰণ দিহিং পাটকাইত কয়লা মাফিয়াৰ কু-দৃষ্টি,
সমাধাৰ পথ বিচাৰি সংকিত সচেতন ব্যক্তি
ন'হলে যে শেষ হৈ যাৱ প্ৰকৃতিৰ সৃষ্টি।-
এফালে অভাৱত আবিষ্কাৰ হোৱা বিজ্ঞানৰ সভ্যতা
আনফালে প্ৰকৃতিয়ে আমাক দিয়া উপাদান বোৰ,
আৰু ইয়াৰ মাজতেই আজি দিহিং পাটকাই
য'ত সাঙুৰ খাই পৰিছে আমাৰ ভবিষ্যতবোৰ।
-
Once a legend said :-
Chand Par baad main Jana dosto pehle dharti pe rehna Sikh lo
#SaveDihingpatkai
#Save the only rainforest of Assam
#Save the earth-
Excuse me,
Yes, You...
তুমি কেতিয়াবা ৰাতি শোওঁতে ভাবানে,
যিখন বিচনাত তোমাৰ ভাগৰুৱা দেহাটো এৰি দিছা,
সেই বিছনাখন আচলতে কোনোবা এখন অৰণ্যৰ কোনোবা এজোপা গছৰ কাঠেৰে তৈয়াৰী...
কেতিয়াবা ভাবিছানে,
তুমি পিন্ধি ভালপোৱা লেডাৰৰ জেকেটটো আচলতে কোনোবা এটা জন্তুৰ ছালেৰে তৈয়াৰী...
কেতিয়াবা ভাবি চাইছানে,
মায়ে যে কোনোবা বাবাৰ কথামতে তোমাক এটা আঙঠি পিন্ধিবলৈ দিছিল,
সেইটো আচলতে এটা হাঁতীদাঁতৰ টুকুৰা হে...
কিয় ভাবিবা?
হয়তো আজিলৈকে ভবা নাছিলা, কিন্তু এতিয়াৰ পৰা ভাবা,
আচলতে প্ৰকৃতিৰ ওচৰত আমি কিমান বেছি নিৰ্ভৰশীল?!
প্ৰকৃতিৰ অবিহনে আমাৰ অস্তিত্বই বা কি?!
যি মাতৃস্বৰূপ প্ৰকৃতিৰ আমি বন্দনা কৰিব লাগে তথা খেয়াল ৰখা উচিত,
আমি সেই প্ৰকৃতিৰ লগত কৰিছোঁ কি?!
প্ৰকৃতিৰ ওপৰত ইমান নিৰ্দয় অত্যাচাৰ কিয়?!
এই সময় একগোট হৈ থিয় দিয়াৰ,
অলপমান হ'লেও ঋণ পৰিশোধ কৰাৰ,
আমাক অৰণ্য লাগে,
দিহিং-পাটকাই অভয়াৰণ্যক উশাহ ল'বলৈ দিয়া,
তাৰ জীৱ-জন্তু, চৰাইবোৰক জীয়াই থাকিবলৈ দিয়া,
মনত ৰাখিবা, প্ৰকৃতি থাকিলেহে আমি থাকিম।
Stop Coal Mining,
Save Dihing-Patkai Elephant Reserve,
Save Earth-