Anupam Kalita   (স্পন্দিত সূৰ্য)
1.6k Followers · 3.8k Following

read more
Joined 24 October 2019


read more
Joined 24 October 2019
1 APR 2024 AT 22:38

জীৱন আৰণিত জ্বলো-নজ্বলো সুখৰ চাকি
তথাপিও ,
এটি নতুন চোলাৰ প্ৰস্তুতিত
পাৰ কৰোঁ কতনো ৰাতি ।
অংশুমান ,
পাৰিলে প্ৰদান কৰা একাঁজলি আশিস
প্ৰোথিত হওঁ মানুহৰ মন-মগজুত ।
পিছে ,
চিৰঞ্জীৱী হোৱাৰ বাঞ্ছা নকৰোঁ কোনো দিন ।
চিৰাল ফাঁট দিয়া শাওনীয়া ৰ'দৰ জলম পিন্ধি,
হাঁহিমুখে উৰুৱাই দিওঁ শত বিকুথি ;
জীৱনে দিয়া প্ৰতি মুহূৰ্তত !
কিন্তু ,
মলঙিবলৈ দিয়া নাই ৰক্তিম পুৰুষত্বক
শুই পৰিবলৈ দিয়া নাই মুচুকুন্দৰ দৰে ।
অপেক্ষাৰ আকুলতা তিয়াই
নীৰৱে জিৰণি লৈছোঁ ক্ষণিক
শান্তিৰ সুশীতল ঔৰষত ।
অক্ৰূৰৰ 'কৃষ্ণ দৰ্শন'ৰ পিছৰ এজোলোঙা হাঁহি
পলকতে মুক্তি , পলকতে শান্তি
তেনেক্ষণ মোৰ সদায়ে কাম্য।
' চিৰঞ্জীৱী ! কি যে মধুৰ !'

-


30 JUL 2022 AT 20:17

' পথক্লান্তিৰ কলংক '

এটি প্ৰয়াস চলে নিতে
কান্দোনৰ উচুপনিত
বোৱায় দিবলৈ সুখৰ মাধুৰী
দম্ৰিশ্যাৰে তোমাৰ আবুৰ হিয়াত ।
মৈলামৰ উষ্ণতাই
সদায় জ্বলাই প্ৰতিটো কোণ
ওহ্‌ 
' গিজাৰ পিৰামিডৰ মামী নকৰিবা ....,"
নতুবা
অনিয়ন্ত্ৰিত স্মৃতিচাৰণৰ বিষাদময় কাব্য !
এটি উহমিহ
অন্ত নপৰে কোনো কালে ,
ৰৈ যায় পথক্লান্তিৰ কলংক
জিজীবিষা ক্ৰমে হ্ৰাসিত , জীৱনৰ অংক ....!

-


22 MAY 2022 AT 15:50

প্ৰেমৰ অংকত অভিমানৰ লেথাৰি নিছিগা যোগ আৰু বিয়োগ ,
তথাপিও যেন ই এৰাব নোৱাৰা সংযোগ...!
❤️

-


8 MAY 2022 AT 12:54

এই গৰমত এষাৰ কথাই কৈছো -
A dress not perfect but perfect man not perfect a dress perfect
( মানে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় )
🥱😆

-


1 MAY 2022 AT 11:36

কিতাপখনত ধূলি পৰিল বুলিয়েইটো আৰু তাৰ কাহিনীবিলাক সলনি নহয় ....!




😶💚😶

-


1 APR 2022 AT 17:54

সময়ৰ শেলত ধৰাশায়ী
এখন হৃদয়
এতিয়াও সুষুপ্ত 
তপ্ত লোটকে শেতেলী তিয়াই
কলমে লিখি যায় শব্দ এটি ' যাযাবৰ ' ।
অসূৰ্যম্পশ্য সেই হৃদয়ে
নুবুজে কালৰ পৰিধি
শ্ৰান্ত সন্ধিয়াত ক্ৰমে
দুঃসহ হৈ পৰে ......!
ঘৰ্মাক্ত দেহৰ ঘাম লাগি
মলঙি যায় নৱ সৃষ্টিৰ চেতনা।
অবাধে বাঢ়ে বুকুৰ সেউজ সপোন
সংগোপনে কিম্বা নীৰলে ।
শূন্যগৰ্ভ ৰিক্ত দূৰত্বত
তোমাৰ চকু পাহীয়ে এতিয়া
কঁপনি নোতোলে ,সাগৰৰ পাৰৰ
চিঞাহীবুলীয়া আন্ধাৰতো হেৰায়নাযায়
তোমাৰ চায়ামায়া দেহৰ সুগন্ধি ;
ঠিক নেৰুদাই কোৱাৰ দৰেই .....!

-


19 JAN 2022 AT 8:55

প্ৰেম হয়তো এনেকুৱাই
প্ৰথমে প্ৰীতিৰ জোনাকে ভৰে 
আৰু শেষত এটি তৰা ফুলে এন্ধাৰে-এন্ধাৰে ...!

-


6 JAN 2022 AT 19:57

" কিবা সুধিলে জানো তুমি উত্তৰ দিবা,
মলিয়ন হৃদয় বুলি ছাগে শান্তনাহে লবা...! "

-


23 DEC 2021 AT 16:56

ভাললগা এমুঠি আৱেগৰ পৰা ক্ৰমে আঁতৰি অহা এই মৃতপ্ৰায় জীৱনক নুসুধিবা ---
" জীৱন ফুলাম নে উকা ...! "

-


24 NOV 2021 AT 22:07

নীলা খামৰ চিঠি




(প্ৰথম প্ৰচেষ্টা )

-


Fetching Anupam Kalita Quotes