Panchali
-
নিমিষতেই হেৰাই যোৱা
চিল্-মিল্ টোপনিত দেখা
সপোনটোৰ স'তে
তুমি একেই আছিলা-
"হাঁহি"
এটি হাঁহি আৰু
এক সীমাহীন প্ৰয়াস
গোটেই জগত জিনিৱলৈ
এনেদৰেই পিন্ধি থাকিৱৰ মন
এমুঠি হাঁহি....
য'ত আছে নি-স্বাৰ্থৰে
আনক সুখী কৰাৰ সম্পূৰ্ণ সন্তুষ্টি
প্ৰাপ্তি-অপ্ৰাপ্তিৰ দোমোজাত সোমোৱাৰ ইচ্ছা নাই,
ইচ্ছা মাথো-
জীৱনৰ আধৰুৱা ৰহস্যবোৰোও
হাঁহিৰ ভাঁজত লুকুৱাই ৰাখাৰ;
এনেদৰেই হাঁহি হাঁহি।-
তুমি মোৰ 'মা' অতি মৰমৰ
মোৰ জীৱনৰ প্ৰথমটো পুৱা আৰু
তুমি মোৰ 'মা' অতি মৰমৰতুমি 'মা' হোৱাৰ প্ৰথম অনুভূতি,
সচায়ে জীৱন বৰ অনুপম,
দহ মাহ দহ দিন গৰ্ভত ৰাখি.....
প্ৰসৱ যন্ত্ৰণাত এক নৱ-জীৱন প্ৰাপ্তি
পোহৰমুখী সৌন্দয্যৰ জীৱন পাতনি
তোমাতেই সৃষ্টি 'মা'.....
মোৰ হৃদয়ৰ গভীৰলৈ ঝংকাৰ তুলিৱ পৰা
সমষ্ট আৱেগ-অনুভূতিৰ সমষ্টি তুমি...
তোমাৰ হাঁহিত উজ্বলে মোৰ আকাশ,
তোমাৰ চাদৰৰ আচলত লুকাই মোৰ
সকলো দুখ-ভাগৰ.....
মমতাৰে উপচা তোমাৰ হৃদয়,
য'ত বিচাৰি পাওঁ.......
জীৱনৰ সৰ্ব শ্ৰেষ্ট শিক্ষা,
তুমি মোৰ 'মা' অতি মৰমৰ।-
"অপ্ৰিয় সত্য"
এমুঠি আপোনত্বৰ আলিংগন
সজাইছিলো হৃদয়ৰ মণিকোঠত,
নাম দিছিলো "ভাল বন্ধুত্ব"
ভাবিছিলো স্মৃতিৰ দিনলিপিত;
চিৰস্মৰণীয় কৰিম আমাৰ বন্ধুত্ব
এসাগৰ আশা লৈ জীৱন পথৰ
সন্ধানত মই পৃথক হ'লো...
সেইবুলি পাহৰা নাছিলো
বন্ধুত্বৰ স্মৃতিবোৰ কাৰণ এইবোৰ
কোনো নষ্টালজিক কবিৰ
সপোনৰ বিস্তৃত মহল নহয়!
আমাৰ নিভাঁজ আবেগবোৰৰ জীয়া আদৰ যি বোৰ বৰ্তমান নিঃশেষ হোৱাৰ পথত!
কিন্তু আজীৱন ক্ৰমঃশ স্মৃতি হৈ ৰ'ৱ
"ভাল বন্ধুত্ব"ৰ আপোনত্ববোৰ আৰু আধৰুৱা সপোনবোৰৰ ভগ্নাংশবোৰ,
বিৰামহীন ভাৱে মানসপটত এটা
অপ্ৰিয় সত্য হৈ।-
""পৰিৱৰ্তন""
এজাক অজগৰূপী মানৱ
যিয়ে পাত্ৰ অনুসৰি......,
পানীয়ে আকাৰ হলোৱাৰ দৰে
নিজৰ ৰং সলালে.......।
সচায়ে উপকাৰিক অজগৰে খায়,
কিহৰ বাবে এই অহংকাৰ,ভেমবোৰ
বুজি নাপাওঁ আৰু বুজিৱও নিবিচাৰো,
নিজৰ নিচিনাই আনক ভাবিছিলো
এতিয়াহে বুজিছো;
সেই আনবোৰতো দাপোন নহয়
মোৰ সদৃশ হ'ৱলৈ।-
পুৱাৰ পৰা নিশালৈ
সদ্যস্নাতা দেহেৰে শেষ নিশাৰ জোনটো
পুৱাৰ কপালত আঁকিম,
তিঁতা চুলি বান্ধি ৰখা গামোচা খন
তোমালৈ চাই খুলি দিম ।
আউল লগা চুলিৰ যঁট ভাঙিৱলৈ
আকোঁৱালি ল'ম তোমাক,
বুকুৰ চৌপাশৰ উমাল মৰমেৰে
সাবটি ল'ৱ আমাক ।
শেষ নিশাৰ মৰমৰ ছবি নিদিবা পুনৰ
ভাঁহিৱলৈ মোৰ দু-চকুত,
এন্ধাৰে ঢাকি ৰখা লজ্জ্যতাবোৰক
ধৰি ৰাখিৱ নোৱাৰিম বুকুত ।
কুহুঁমবুলিয়া গধূলিতেই খিৰিকী জপাই
তোমাক ব্যাকুল কৰিম,
সকলো আওকাণ কৰি মই মাথো
তোমাকেই সোৱৰিম ।-
তুমিটো নোহোৱা মোৰ কোনোকালে
মোৰ মুখৰ প্রকাশ্য চাৱনিত
হাঁহি হাঁহি পাৰ কৰিব পৰা
জীৱনৰ সংজ্ঞা নিবিচাৰিবা তুমি...!
মাতাল পৃথিৱীত এতিয়া মোৰ দুখৰ সময়
নিষ্ঠুৰ জীৱনটোৰ বাবেও এতিয়া
প্রয়োজন এজন অধিবক্তাৰ,
নালাগে মোক তোমাৰ
শূন্যতা প্রাপ্তিৰ ওজৰ আপত্তিবোৰ,
নিঃকিন হৃদয়ৰ মৃত ব্যথা শুনাবলৈ
নাযাওঁ তোমাক কোনোদিনে
কাৰণ,
তুমিতো নোহোৱা মোৰ কোনোকালে ।
-
তুমি নকলেও মই মোৰ
বান্ধি থোৱা চুলিকোচা
মুক্ত কৰি দিম
তোমাৰ নামত
মাথো ঠেহ পাতিবলৈ নিদিবা
মোৰ নিলাজ মান-অভিমানবোৰাক-