সৰাপাত(:-সেউজীয়াৰ পৰা হালধীয়ালৈ……
…………………………………………
ভিন্ন ঋতুত অভিন্ন প্ৰেমাৱেশৰে
আত্মিক তন্ময়তা ।
যাৰ বিশ্বমুখী অনাৱিল হাঁহিত প্ৰাণৱন্ত হয়
জগতৰ আয়ু ।
জীৱাত্মক মৃত কৰাৰ অভিসন্ধি !
চকুৰ পলকতে আউলি বাউলি চুলিৰে
বতাহৰ খৰিয়ালী চিত্ৰবৃত্তি ।
জীৱাতুৰ সেউজীয়াৰ অন্তিম শয়ন !
সেউজীয়াই স্বকীয়তা হেৰুৱায়
শূন্যতাৰ জখলাৰে ধৰাৰ বুকুলৈ
হালধীয়াৰ বিষাদৰ অন্ত্যস্বৰাগম ।
আত্মাৰ উচুপনি !
সৰ্বশৰীৰত তাৎক্ষণিক বিষজ্বৰ ।
………………………
উত্তম হাতী বৰুৱা
০৬/০২/২০১৯
-
এধানী হাঁহি বান্ধি
সেউজী ৰূপহী,
পথৰ দাঁতিত প্ৰাণ জুৰি নাচে।
কৰতৰ অসহনীয় শবদত
নিস্প্ৰাণ হৈ ফেকুঁৰে!-
এটি সেউজ সনা স্মৃতিৰ টোপোলা
আৰু
সোতোৰা পৰা কেইখিলামান নীলাভ পৃষ্ঠা;
কৃত্রিম বতাহজাকে যদি
কেতিয়াবা জাপবোৰ খোলে,
উৰি আহে হেৰাই যোৱা সেউজীয়া বোৰ,
হেৰাই যোৱা কৰবীৰ হালধীয়া বোৰ
আৰু....
বাস্তৱলৈ কঢ়িয়াই আনে
যান্ত্রিক কোলাহলবোৰ।
-
নাহৰৰ বুকুত সেউজ উশাহ বিচাৰি থাকোতে
আকাশে হেলনীয়া হৈ কাণে কাণে ক'লে,
ক'ত পাবা সেউজৰ মাজত সেউজ উশাহ?
মোৰ বোকোচাত আজি উঠি ব'লা...
তোমাৰ বাবে সিদিনাই সি মোৰ আঁচলত
যতনাই থৈছে এগালমান সেউজ উশাহ।।-
নীলাৰ বুকুত সেউজীয়াবোৰ বিচাৰি থাকোতে
সমীৰে মিচিকিয়াই কাণে কাণে ক'লে,
আজি নীলাবোৰকে সাৱটি লোৱাচোন;
তোমাৰ হালধীয়া হাঁহিবোৰ নীলাৰে মালা গাঁঠি
চৌপাশ সেউজী কৰিব।।
-
প্ৰতিনিশা শব্দময় নিৰৱতাত সপোনৰ কলৰোল
তৃষিত হৃদয়খনত প্ৰহেলিকাময় স্নিগ্ধ সুখৰ সুবাস ৷
বিশ্বাস কৰক………
মোৰ জীৱন্মৃত কলাসুলভ মনতো আচম্বিতে জী উঠে
সেই কল্লোলিত সপোনৰ সুহুৰিৰ পটধ্বনিত
আৰু বুকুৰ নিৰ্বাক শব্দবোৰক শিল্প মানি বিচাৰি ফুৰে
শুভ্ৰ দলিচাৰ বুকুত জীৱনৰ নতুন ছন্দ ৷
বিঃদ্ৰঃ
_____মই কিন্তু নাজানো_____
আচ্ছন্ন বিষণ্ণতাৰ ক’লা ধোঁৱাৰে অন্ধকাৰ
সেই কোলাহলবোৰৰ মাজত
বিধ্বস্ত নোহোৱাকৈ আলফুলে কেনেকৈ ৰাখিছোঁ
এই দিশহাৰা জীৱনৰ আৱেগশূন্য খৰাং হৃদয়ত
এবুকু সেউজীয়া ৷-
আহাৰমহীয়া সপোন
*****************
আহাৰৰ খৰ ৰ'দজাকিক অজুহাত কৰি
এক্ষন্তেক জিৰাবলৈও আহৰি নাই আমাৰ।
গামোচাখনেৰে খোপাটো আটি আটি বান্ধি
পেহীদেউৰ হাঁচতিৰ তামোল এখন মুখত সোমাই,
খপক জপক খোজেৰে কেঁচা বোকাত নামি
সপোন ফুলোৱা কঠিয়াৰ গোঁজটোলৈয়ে চকু।
ঘামত তিতা দেহা বতাহজাকে শুকুৱাইছে,
আহৰি নাই ঘাম মচাৰ বা ভৰিৰ জোক এৰোৱাৰ
বৰ্ষাইয়ো তভক মানিছে কৰ্মব্যস্ততাৰ আগত।
কঠিয়াৰ মুঠিতো হাতত লোৱাৰ চলেৰে
আলি বান্ধি থকা চেনাইলৈ চকু উৰা মাৰিছে,
যদিও হালোৱা পিতাইৰ ৰঙা দুচকু আৰু
ৰোৱনী আইৰ ওখহা দুচকুলৈ মনত ভয়!
বোকাৰ চিটিকণিয়ে বুটা বাচিছে চেনাইৰ দেহত
সপোন গজা দুচকুৰে ভুমুকিয়াইছে এইপিনে,
কিন্তু আহৰি ক'ত আমাৰ নীলিমাৰ তলত
চকুত চকু ৰাখি উশাহটো দীঘলীয়া কৰাৰ?
বেলি লহিওৱাৰ আগতেই হেঁপাহৰ পথাৰখন
সেউজীয়াৰে ভৰুণ কৰি তুলিব লাগিব।
তাৰপিছত বুকুত এটি এটি সপোন শিপাব,
আই পিতাইৰ সেউজখিনি হিৰণ্ময়ী হোৱাৰ
আৰু মোৰ
চেনাইৰ ৰক্তাভ ফাকুৰে কপালৰ আলিটি বন্ধোৱাৰ..।।-
য'ত সৃষ্টিশীল মানসিকতা আছে,, য'ত সেউজী বৰ্ষাৰ জীপাল বক্ষ আছে...
তাতেই সৃষ্টিৰ বীজ অংকুৰিত হোৱাৰ নিশ্চয়তা লুকাই আছে...-
বৰষুণৰ প্ৰেমিক হে...🌧️🤞
ৰ'দৰ বিৰুধী নহয়...💚
বৰষুণৰ কেঁচা🌧️গুন্ধত...
প্ৰাণ পাই উঠা এসাগৰ💚জীয়া অনুভূতি...😍
আজিও হৃদয়ৰ এচুকত জীপাল❤️হৈ আছে
সেউজীয়াৰ সুবাস বিচাৰি...💚🏃
সময়ৰ চাকনৈয়াত দিক্ভ্ৰুষ্ট হোৱা...😔
সপোন জাকৰ আঘাতত,..
আজিও ওঁঠদুটি শব্দহীনতাত কঁপি উঠে...
নাচাওঁ বুলিও উভতি চোৱা
অশান্ত শাওনৰ⛈️সেই অভিমানী দুচকুৰ...😘
মৌনতাৰ সিপাৰৰ😊একাজলি ৰাঙলী❤️সপোনক
দিথক কৰাৰ আপাহত...💚✌️
"জীৱনে কুৰিৰ দুৱাৰদলি পালেহি"
এতিয়া মোৰ সংগ্ৰামী সত্তাক
পোহৰ লাগে...😊
ৰ'দ লাগে...💚
আজি মই
ৰ'দৰ সন্ধানত🛣️...🏃-