QUOTES ON #সুখী_মানুহ

#সুখী_মানুহ quotes

Trending | Latest
19 JAN 2021 AT 23:35

**প্ৰত্যাহ্বান**
এইহেন স্বচ্ছ সুখৰ দিনত
কিয় বাৰু লিখিম দুখৰ ৰচনা?
কাৰ হাতত নাই সাগৰ নীলা মহী?
জোনাক গ'লেও জোনাকী আছে,
পলকতে পোহৰাব এই ৰজনী...।।
নাই মহী, তেজ ল'ম দুবাহু ফালি...
জোনাকী নাপালে চকুত জোনক আঁকিম,
মুঠতে সুখৰ কবিতা লিখিমেই লিখিম...
অকলেই উচাহৰ দীঘলীয়া সুৰ টানিম।।
চাওঁচোন চাওঁ আজি,
দুখে কিদৰে পাই মোক ঢুকি...!!

-


18 AUG 2020 AT 20:31

~মৰম নিচিনাজনলৈ এটি বিশেষ ঘোষণা~
লাগিলে মোৰ মনকাননৰ পৰা
ছিঙি লৈ যাবি সুখৰ পাৰিজাত
চুলিখিনি গুচাই কাণত গুঁজি ল'বলৈ,,
তথাচ তই নিপিন্ধিবি দেই
মোৰ অজ্ঞাতেই দুখৰ কেয়ূৰ
আনে পুতৌ কৰিব পৰাকৈ।।

-


14 NOV 2020 AT 23:36

```জীৱনটো নিজৰেই যেতিয়া
কৰিবই লাগিব উদ্‌যাপন
নিজে বিচৰা ধৰণেৰে।।```

বাৰে-বৰণীয়া কবিতাৰ ছন্দৰ লয়ত
ছন্দোবদ্ধ হওঁক সপোনবোৰ জীৱনৰ...
শুভকামনাৰ দহীৰে চুঁচৰি আহক
প্ৰতিটো অভিনৱ আশা হেঁপাহৰ...
দুখবোৰ বন্ধকীত থৈ,
সুখৰ খিলখিল হাঁহিত,
সুখী থাকক, সুখী মানুহ।।

-


19 AUG 2020 AT 23:40

আচৰিত কিয় হৈছ মোক সুখী দেখি?
তই ভাবিছিলি নেকি তোৰ অবজ্ঞাবোৰেৰে
মোৰ মৰম আকলুৱা হিয়াখন এতিয়াও দহিব?
```পাহৰি কিয় গৈছ প্ৰতিদিনে আকৃতি সলোৱা
চন্দ্ৰমাটি লুকালেই আকাশখন খহি নপৰে,
আকাশক উজলাবলৈ সূৰুযটি ক'ৰবাত ৰৈয়ে থাকে।।
______আৰু মোক প্ৰশ্ন সুধি আমনি নকৰিবি!!
•••••সম্প্ৰতি মই বৰ ব্যস্ত•••••
নিজক লৈ ৰচা সপোনবোৰ সজোৱাত।

-



বিষাদে আজিও বিন্ধে জানা !
আগতে তোমাক দেখা নোপোৱাৰ দুখে
আৰু আজি ,
তোমাক দেখা নিদিবলৈ কৰা অভিনয়ে ।।

-


21 OCT 2020 AT 16:38

গতানুগতিকভাবে অলপ
বাহিৰলৈ ওলাই দেখিলো ,
মোলৈ অপেক্ষাৰত
এক নষ্টালজিক ঠিকনা ....
তেওঁ মোৰ হাতত গুজি দিছিল
স্বপ্নিল প্রেমৰ শিৰোনামা এটি
আহ্ _
কিযে পৰাণ জোৰোৱা অনুভূতি !
কোনে আখ্যা দিব,
প্রাপ্তিকেই সমাপ্তি বুলি
দূৰে দূৰে থাকিও সুখী আমি.......

-



আপোনাক ভালপোৱাৰ এনে এক হেঁপাহ আছিল যে আপোনাক হেৰুৱাই দিয়াৰ কোনো সাহস নাছিল।
সেইবাবেই হয়তো সম্পৰ্কটোও এদিন একপক্ষীয় ভাৱেই অন্ত পৰিল।
থাকি গʼল মোৰ চৌপাশে মাথোঁ শূণ্যতা আৰু কিছুমান মিঠা সোৱৰণী ।।🙂

#সুখী_মানুহ

-



মোৰ স্মাৰ্ট জেলৰ চিয়াঁহীৰ দৰে সস্তীয়া মৰমৰ বোৰ আপোনাৰ পাৰ্কাৰ পেন্-ৰ দৰে উচ্চাকাংক্ষী হৃদয়খনত চাপৰ্ট নকৰে ঠিকেই । কিন্তু আপোনাৰ অভিমানী মনৰ কথাবোৰ মই নামৰ উকা কাগজখনৰ বুকুতেই-টো প্ৰতিদিনে লিপিবদ্ধ কৰি আহিছে আপুনি । চাঁওক না, নজনাকৈও, নভৱাকৈও কিমান আপোন আমি দুয়ো দুয়োৰে । তাৰ পিছতো আপুনি নুবুজাৰ অভিনয় কৰে সদায়ে.....🥺
#Ae_Dill_Hain_Mushkil...

#সুখী_মানুহ

-



মোৰ জীৱনৰ সৈতে প্ৰেমৰ নাটকখনত সুন্দৰ ৰূপত অভিনয় কৰাৰ বাবে তোমাক ধন্যবাদ ।
আৰু অভিনন্দন, কাৰণ মই সঁচা ভাল পাই হাৰি গ'লো আৰু তুমি অভিনয় কৰি জিকি গ'লা ।
মাত্ৰ এটাই অনুৰোধ, ইমান নিখুত ভাৱে যাতে কাৰোৰে হৃদয়ৰ লগত আৰু পুনৰ খেলা নকৰা। কাৰণ ধুমুহাত বিধস্ত হোৱা পঁজা এটাক ন-ৰূপ দিবলৈ কিমান কষ্টকৰ, সেই কথা মই ভালদৰেই জানো । যাৰ সংজ্ঞা তোমাৰ বাবে একেবাৰে অপৰিচিত.....🙂

#সুখী_মানুহ 🤘

-



ছাল্লা, ৰাতিবোৰো বৰ জটিল .......
কিমান হাঁহি থকা মানুহে ৰাতিৰ আন্ধাৰত উচুপি উঠে,
মাত্ৰ দিনৰ পোহৰত তেওঁলোকৰ মিছা হাঁহিৰ আৱৰণৰ আৰৰ বিষাদগ্ৰস্ততাক কোনেও অনুভৱ হে কৰিব নোৱাৰে।
#সুখী_মানুহ

-