গুৰু প্ৰণামো তোমাক
ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তী
শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক
প্ৰণাম জনাইছো আমি শতকোটি ।
নিজে এডাল মম বাতিৰ দৰে জ্বলি
আনক কৰা উদ্দীপিত ।
নিজৰ জ্ঞানৰ পোহৰে
সমাজক কৰা আলোকিত ।
জীৱনৰ আন্ধাৰ পথৰ
এগছি বন্তি তুমি
নিজেই জ্বলি জ্বলি বিলাইছা
আমাক দিব্যজ্যোতি ।
জীৱনৰ অমানিশাত জোনাকী পৰুৱা হৈ
তোমাৰ জ্যোতিৰ পোহৰে
জ্যোতিস্মান হৈ আজি আমি
আলোক পোহৰ সন্ধানী যাত্ৰী ।।
চকমাটিৰে লিখা
শব্দবোৰতেই ...
লুকাই আছিল
ভৱিষ্যৎ গঢ়াৰ সঞ্জীৱনী মন্ত্ৰ ।
চকমাটিৰে আঁকি দিয়া
সেই মানচিত্ৰ খনতে
বুজাই দিছিল
জীৱন গঢ়াৰ আদিপাঠ ।।
সেই সকল গুৰুলৈ
অন্তৰৰ কোমল ৰঙৰ সুৱাসেৰে
শিক্ষক দিৱসৰ অফুৰত্ব শুভেচ্ছা
যাঁচিছো আমি শ্ৰদ্ধাৰে ।
-
"""এডাল পোহৰ বিলোৱা দণ্ডিকা"""
মানৱ হোৱাৰ সংজ্ঞা বিচাৰি
এদল জ্ঞান তৃষ্ণাতুৰ পথিক আৰু তেওঁলোক 'এডাল পোহৰ বিলোৱা দণ্ডিকা'
যি জ্বলি আছে দিনে-নিশাই
শত-সহস্ৰ জনক পোহৰ বিলাই
নিজেকে তপত অগ্নিত বিলীন কৰি...
তেওঁলোকৰ পোহৰৰ দিশত ধাৱমান হৈ আগবাঢ়িছিলো এদিন
হিস্তপ্ৰজ্ঞ তেজাল শক্তিৰে জীৱন গঢ়াৰ স্বাৰ্থত
ভয়-ভক্তি সকলো আছিল
অ,আ,ক,খ তেওঁলোকেই শিকাইছিল
তেওঁলোক জ্ঞানৰ সাধক
তেওঁলোক অগণন কিশোৰৰ
শিক্ষাৰ কঠিয়া আৰু জ্ঞানৰ ভঁৰাল
তেওঁলোক পোহৰৰ নিস্বাৰ্থ প্ৰেমিক
তেওঁলোকৰ মনত প্ৰভেদ নাই
ক'লা-বগা আৰু উচ্ছ-নিম্নৰ
নাই কাৰো প্ৰতি ঘৃণাৰ প্ৰতিচ্ছবি মাথো তেওঁলোক এডাল পোহৰ বিলোৱা দণ্ডিকা হৈ
পোহৰ বিলাই সততা,উৎসাহ আৰু প্ৰেৰণাৰে
যাৰ পোহৰত সাৰ্থক হয় আমাৰ জীৱন
য'ত বিচাৰি পাওঁ আমি মানৱ হোৱাৰ সংজ্ঞা।-
অপৰিসীম ধৈৰ্য্যৰ অধিকাৰী হৈ একেটা কথাকে বাৰে বাৰে আমনি নলগাকৈ বুজাই ছাত্ৰৰ মনৰ দুৱাৰেদি মস্তিস্কৰ ভিতৰত প্ৰৱেশ কৰোৱাব পাৰে ।।
"শিক্ষক এডাল মমবাতিৰ দৰে
যি নিজে নিজে গলি
ছাত্ৰক জ্ঞানৰ আলোক দিয়ে " ।।-
গুৰুলৈ একলম
ৰাধাকৃষ্ণনৰ সোঁৱৰণি,
চেনেহৰ গুৰুসৱ তোমাকো
শতকোটি প্ৰণামো।
মহাবিদ্যালয়ৰ মজিয়াত,
শিক্ষক দিৱসৰ
আৰম্ভণিতে স্মৃতিত ভাঁহে
শিশু হৈ আগবঢ়োৱা
সেই গুৰুসৱলৈ কিঞ্চিৎ মৰমৰ ভূষণ।
এই জনমত অজস্ৰ উৎসাহৰ গুপুতে আপোনাসৱ।
জীৱনৰ অমানিশাত, জোনাকী পৰুৱা হৈ
আলোৰ পোহৰ বিলালে আপোনাসৱেই।
জীৱন বাটত এধাপ আগবাঢ়োতেই,
স্নাতক অন্ত হৈছিলেই, হেৰুৱাইছোঁ প্ৰিয় গুৰুক।
(ডক্টৰ প্ৰণৱ কুমাৰ ভাগৱতী ছাৰ)
স্নাতকৰ প্ৰথম ষান্মাষিকৰ প্ৰথম ক্লাচৰ কথা
বৰকৈ আমনি কৰে।
সেইদিনা যে হঠাতে মোৰ মোবাইলটো
কিৰিং কৈ বাজি উঠাত আপুনি সাৱধান কৰি দিছিলে,
মোৰ ক্লাচত এনেকোৱা নচলিব।
আজি সকলো স্মৃতি,
আপোনাৰ অনুপস্থিতি,
আজিও মনে বিচাৰি ফুৰে আপোনাক ক্লাচত,
ডিপাৰ্টমেন্ট অফিচত, লাইব্ৰেৰীত, কলেজৰ
প্ৰতিটো চুকত.....!
অন্তত,
অন্তৰৰ কোমল ৰঙেৰে গুৰুসৱক,
গুৰু দিৱসৰ অফুৰন্ত শুভেচ্ছা।-