QUOTES ON #ভালপোৱা

#ভালপোৱা quotes

Trending | Latest

হেঁপাহবোৰে তেওঁৰ বুকুত থিতাপি লৈছে
মই অহা দিনৰ পৰাই
মোৰ সপোনৰ স'তে সপোনযোৰাই
খোজ দিছে জীৱনৰ নতুন পথত..
সেই পথৰ সহযাত্রী মই
বিশ্বাস আৰু আস্থাৰ
আমাৰ এই যাত্রা সুদীৰ্ঘ জীৱনৰ বাবে..
উশাহ হেৰালেও ভাগৰুৱা আত্মাই
তেওঁৰ বাবেই জীয়াই তোলক মোক,
মোৰ বাবেই জীয়াই থাকিব তেওঁ
জীৱন-মৰণৰ প্ৰেমৰ সাক্ষী হৈ !

-



প্ৰতিটো পুৱা প্ৰতিটো নিশাৰ শেষ ভাৱনাত তুমিয়েটো ভৰি থাকা মোৰ হৃদয়ত |ইয়াৰ পিছতো তোমাক কওঁ পাহৰি যোৱা মোক,মোৰ সমগ্ৰ অস্তিত্বক |এই যে মোৰ খং,অভিমান তোমাৰ প্ৰতি...আৰু মোক হেৰুৱাৰ ভয়ে কোঙা কৰা তোমাৰ কঁপা কঁপা আৱেগবিহ্বল মাতষাৰি ....এইবোৰৰ মাজতেইটো তোমাৰ প্ৰতি মোৰ হৃদয়ত ক্ষণে ক্ষণে বাঢ়ি আহে সাগৰ সদৃশ বিশালাকাৰ ভালপোৱাবোৰ !!তুমি কি বুজিবা, তোমাৰ ভাৱনাৰ বাহিৰে যে হৃদয়ৰ দুৱাৰ খুলি দিব নোৱাৰো আন কাৰোবাৰ নামত |
@নিলাক্ষী চাংমাই

-



ভালপোৱাই কেৱল হৃদয়ৰ প্ৰয়োজন পূৰণ নকৰে |নিজৰ মাজতে নিজকে বিচাৰি চাবলৈ ,জীৱনৰ ৰংবোৰ বুটলি প্ৰতি মুহূৰ্তকে উপভোগ কৰিবলৈও শিকায়|ভালপোৱাই হৈ পৰে তীব্ৰ ৰ'দৰ পিছত ভাগৰুৱা সময়ৰ জিৰণিৰ ছাঁয়াময় কোলা|সঁচাভালপোৱাই বন্ধ কোঠালীত প্ৰেয়সীৰ উষ্ম আলিংগন নিবিচাৰে ,নিবিচাৰে অন্ধকাৰৰ গলিত প্ৰেমৰ অন্বেষণ কৰিবলে |ভালপোৱাটো জীৱন জীয়াৰ মন্ত্ৰ,ই কাৰোবাৰ জীৱন কাঢ়ি আসুৰিক তৃপ্তি লভিব নোখোজে |ভালপোৱাবোৰ হৈ ৰওক প্ৰেৰণাৰ স্ৰোত...সফলতাৰ জখলাত আগুৱাই যাবলৈ এখনি বিশ্বাসৰ হাত আগবঢ়াই সদায়ে তেওঁৰ বাবে হৃদয়েৰে প্ৰাৰ্থনা এবুকু প্ৰাণময়ী শুভাশিস,জীৱনৰ বাটত সাহস হৈ ধৰা দিয়া মোৰ কণ্টকময় পথৰ সহচৰ হোৱা তেওঁৰ বাবে হৃদয়ত এসাগৰ মৰম এআকাশ ভালপোৱা |
@নীলা

-


17 JUN 2020 AT 18:07

প্ৰণয়পাশৰ সংজ্ঞা বাঙ্ময় নহয় বাবেই সম্ভৱতঃ ..!
মস্তিষ্কৰ আজ্ঞপ্তি নাই যদিও হৃদয় আপোনাৰ প্ৰেমত,
কুৰংগহেন আপোনাৰ দৃকৰ প্ৰগাঢ়তাত বাৰে-বাৰে মই নিজকে
হেৰুৱাই পেলাও জানে ..?
আপোনাৰ কণ্ঠস্বৰত মইজনীৰ হৃৎ কণ্ঠ কিয়
বাৰু হৈ পৰে টলকতে অনুক্ত ..?
আপুনি হয়তো নাজানে য়ে, সংগোপনে.......
জীয়া নিস্বানৰ নীলাবোৰৰ মাজতো খোদিত হয় আপোনাৰেই অনুভুতি ..!
অনুভৱৰ দুৰ্বোধ্যতাৰ অৱগুণ্ঠন ছিঙি কেনেকৈনো বুজাও আপোনাক ,
কিয়নো আপোনাৰ যে হৃৎ অনুভূতি বোধগম্য শকতি নিৰ্বোধ।


-


11 FEB 2021 AT 18:36

এমুঠি আৱেগ খামুচি------
কোনে লিখে...?
এন্ধাৰ কাৰেংত ভালপোৱাৰ দিনলিপি।

এজাক "আমাৰ সপোন"ৰ খতিয়ান...
কিমান আপোনত্বই আঁকিব পাৰে.....?
ৰুগ্ন কায়াৰ কঁপা আঙুলিৰ পৰশেদি,
এহেজাৰ অনুভৱৰে ভালপোৱাৰ কিংকিনী গাঁঠি।।

-



কিমান আৰু ৰচিব আকাশৰ ইতিকথা ----
নাইবা শব্দৰে আঁকিব জীৱন মঞ্চত এখনি বিষাদৰ নাটিকা।
এমুঠি মাথোঁ সময় ময়োটো আমাৰ হোৱাটো বিচাৰো,
শুধিব বিচাৰো--
"আপোনাৰ ভালপোৱা কি".. ?

//গান নে কবিতা//

-



মৰমবোৰ ৰৈ গ'লে, ইতিহাসেও মাত দিব।
হৃদয়ৰ কাহিনী এটিয়ে.....
আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব।

যদি আস্থাবোৰ-------
শোতোৰা পৰা হাতখনিৰ
ভাঁজলৈকে শিপাই যায়।
যদিহে আৱেগবোৰেও------
বয়সে চুই যোৱা দুকপোলকো
পৰশি যায়।।

তেন্তে
কিংবদন্তি হৈ পৰিব----
(এই আধ্যা )।
এই হৃদয়ৰ কাহিনী যুগৰ শেষলৈ শিয়াব।।

-


23 OCT 2020 AT 20:37

তোমাৰ অবিহনে নিদিওঁ মই সুখৰ মূল্য,
তোমাৰ চিঠি আহিলে হয় হাজাৰ সুখৰ তুল্য।
ঘূৰি ফুৰিছোঁ দুখঃ বোৰ লৈ হৃদয়ত,
ওচৰত বহিবা, মাথা ৰাখি কান্দিম তোমাৰ কান্ধত।
দুখৰ বুজা চকুৰ পানীৰ জৰিয়তে পাতল কৰিম,
তোমাৰ সৈতে আলাপ কৰি হৃদয়ত প্ৰেম ভৰিম।
এনেকুৱা নকৰিবা যাতে,
তোমাৰ কথা মনত পৰিলে চকুৰে পানী ওলাই আহে!
সদায় মোৰ চকুৰ ওচৰত থাকিবা যাতে,
চিৰজীৱন মোৰ মুখত মিঠা হাঁহি বিৰিঙি থাকে।

-



কাৰোবাক ভালপোৱা...?
তেনেহলে স-হৃদয়েৰে ভালপোৱা...!
তেখেতৰ গুণকে নহয়...দোষবোৰো স্বীকাৰ কৰা..!
সপোনৰ অন্ত নেপেলাবা...
এদিন সেই সপোনবোৰ পূৰ্ণ অৰ্থাৎ দিঠকলৈ পৰিণত হব..!
মাথোঁ অপেক্ষা কৰা... ধৈৰ্য্য ধৰা...
আশাক সদায় আদৰি ৰাখিবা..!
দেখিবা...
এদিন তোমাৰ লগতে একো একোটি পৰিয়ালৰ
সৰ্গ সুখ অনুভৱ কৰিবা...!

-




: শব্দৰ অলংকাৰেৰে অনুভৱৰ পৱিত্ৰ হোমৰ গুৰিত মোক তোমাৰ কইনা সাজি লোৱা‌।
নীলা কবিতাত ৰঙা সেন্দুৰ আঁকিম।
আজীৱন তোমাৰ আশে পাশে বিচৰণ কৰিম‌।
অনুমতি দিবানে?

: মোৰ স্বপ্নমুখী হৃদয়ে তোমাক কেতিয়াবাই কইনা সাঁজিছিল।মাথোঁ প্ৰকাশৰ সীমাবদ্ধতাইহে আউল লগালে।মোৰ শব্দবোৰৰতো আৰম্ভণি তোমাতেই।তুমিহে বুজি নোপোৱা।

: বুজা নুবুজাবোৰ বুকুতে সামৰো দিয়া। আৰম্ভ কৰো পূৰ্ণতাৰ দুটি দীৰ্ঘতম কবিতা। ডায়েৰীৰ পৃষ্ঠাটি মেলি লোৱা।

: মোৰ ডায়েৰীখন কেতিয়াবাই মেলি থৈছো। মাঁথো তোমাৰ অপেক্ষা....।

-