মোৰ প্ৰিয় বান্ধৱী " জেনিফাৰ "লৈ বুলি 🧡
লগ পাইছিলো আকস্মিক ভাৱেই এদিনা সৌ তাতে ...
য'ত নেকি আমি দুয়োজনী আহিছিলো
HS জীৱনৰ আভাস ল'বলে ।
এমহীয়া course এটাত লগ পাইছিলো মাত্ৰ ...
পিছত হৈ পৰিলো এনেকুৱা যেন আমাৰ বন্ধুত্বই
কৰিব ধৰিলে যাত্রা ।
কিন্তু তাৰপিছৰ পৰা আমি আৰু লগালগি হোৱা
নাই ; তথাপিও যেন আমাৰ বন্ধুত্ব
ক'ৰবাত নহৈ ক'ৰবাত এতিয়াও জী আছে ।
অতি সৰল , মৰমিয়াল , দয়ালু আৰু খোলা মনৰ
মোৰ বান্ধৱীজনী ...
সেইবাবেই চাগে আমাৰ বন্ধুত্ব এনেকুৱা এটা গঢ় লৈ
উঠিছে আজি ।
যোৱা দুটা বছৰৰ দৰে অনাগত দিনবোৰতো যাতে
আমাৰ বন্ধুত্ব সদায় সতেজ হৈ থাকে ;
তাৰবাবে মই সদায় চেষ্টা কৰিম অহৰহে ।
-Barasha moni Devi-
অই শুনচোন
তইটো জানই মই তোক কিমান ভাল পাওঁ...
তোৰ পৰাই মই হাঁহিবলৈ শিকিছো অ ....
মোৰ প্ৰতি থকা তোৰ অযুত মৰমে মোক জীয়াই থাকিবলৈ প্ৰেৰণা যোগাই অ...
তোৰ সতে কটোৱা প্ৰতিটো মূহুৰ্ত মোৰ খুব প্ৰিয়...
তই কৰা পাগলামিবোৰ বৰ ভাল লাগে... বিশেষকৈ তোৰ খঙটো ....
তই..তই বৰ অভিমানী জন , অভিমানবোৰ কলপ কমকৈ কৰিবিচোন ...তইচোন জানই মই যে অভিমান ভাঙিব নাজানো...বৰ কষ্ট হয় অ তই অভিমান কৰি মোক নামাতাকৈ থাকিলে..
হয়তো তোক কিবা দিবলৈ মোৰ বিশেষ একো নাই...
কিন্তু অনাগত দিনবোৰত আজীৱন তোৰ সতে খোজে খোজ মিলাই আগবাঢ়িম...
ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা তোৰ মোৰ বন্ধুত্ব চিৰ যুগমীয়া হৈ ৰওক....!!!!-
“বন্ধুত্ব”
এক অভিজ্ঞতা
এক উৎসাহ
হয়তো এহেজাৰ এটা
প্ৰতিশ্ৰুতিৰ নাম !
কিন্তু মোৰ মতে
অলপো সংকোচ নোহোৱাকৈ
যাক ক’ব পাৰি
“তোৰ আন এটা নাম বিশ্বাস”
সেয়াই প্ৰকৃত “বন্ধুত্ব” ।-
বন্ধুত্বৰ শিকলি
বিশ্বাসৰ প্ৰতিচ্ছবি ।
প্ৰতিশ্ৰুতি বন্ধু
বন্ধুত্বক জীয়াই ৰখাৰ।
মন মোৰ উৰি যায়-
টুকুৰা টুকুৰা অভিমানবোৰ
মোলৈ বুলি তোমাৰ,
লগ নকৰা
সময় নিদিয়াৰ অজুহাতত
থুপাই থোৱা--
সকলো বুজি পাওঁ,
বুজি পাওঁ এই বিশেষ বন্ধুত্বৰ সংজ্ঞা
তোমাৰ মোৰ জীৱনক সদায়
উজ্বলাই ৰখা ।-
বহু ৰঙেৰে ৰঙীন
এক ৰং যদি মৰমৰ এক ৰং খঙৰ
এক ৰং যদি যত্নৰ এক ৰং ধেমালিৰ
এক ৰং যদি চিন্তাৰ এক ৰং অভিমানৰ
এই নানা ৰঙী বন্ধুত্বৰ শিকলিৰে বান্ধ খাই আছো তুমি আৰু মই
আৰু চিৰদিন থাকিম !!-