এজন মানুহ সেইদিনাই সলনি হৈ যায়
যেতিয়া কোঁহ মেলা আশাবোৰ ৰুষ্ট বাস্তৱৰ জালাদ্ভৱত ভষ্ম হৈ যায়...
-
কিমান হতাশ হ'লে ভাবিব পাৰে
নিজক শেষ কৰাৰ কথা!
কিমান নিৰুদ্বেগ হ'লে এৰিব পাৰে
আপোন পৃথিৱীৰ মায়া!!-
সপোনবোৰক দিঠকৰ ৰূপ দিব নোৱাৰিলেও,
মনৰ বাসনাবোৰ থান-ৱান কৰি পেলাবটো নোৱাৰি।-
✍️সপোন✍️
পুৱতি নিশাৰ
সপোনটোৰ দৰে
তুমিও আহিছিলা
মোৰ জীৱনলে ...
লগত লৈ আহিছিলা
হেঁপাহৰ এক
আধালিখা কাহিনী
মোৰ সতে পূৰাবলে ...
জীৱন যুঁজৰ খেল খনত
হেৰাই থাকিল সেই সপোনৰ কাহিনী ,
মাথোঁ ৰৈ গ'ল -
বগা কাগজ আৰু কলমৰ চিয়াঁহী ...-
সপোন দেখিছে সকলোৱে !
কিন্তু ... কি পাইছে সপোন দেখি ?
বাস্তবত পৰিণত কৰিছে কিমানজনে ?
মই নাজানো !
কিন্তু ...
মোৰ বহুত সপোন আছে !
যাক মই আকাশৰ তৰাটিৰ দৰে
জিকমিকাব খোজো প্ৰতিপলে ;
তাৰেই চিন্তাত মগ্ন মই অহৰহে ...
সপোনবোৰ পূৰ হ'লে !
কিবা পোৱাৰ , কিবা হেৰুৱাৰ
অকণো আক্ষেপ নাথাকিব
মনৰ ভিতৰত ...
সেয়ে হয়তো সপোনবোৰৰ পিছে পিছে
মইয়ো দৌৰিছো ...
মই দেখা সপোনবোৰ পূৰাবলে ...-
সপোন
মোৰ সপোনবোৰে
নিশাৰ আন্ধাৰত
জোনাকী পৰুৱা হৈ
মোৰ সতে নীৰৱতাৰ
পোহৰ বিলায়...
মোৰ সপোনবোৰে
নিশাৰ আন্ধাৰত
নীৰৱতাৰ সুযোগ লৈ
মোৰ সতে শালীনতাৰ
সুহুৰি মাৰে...
মোৰ সপোনবোৰে
নিশাৰ আন্ধাৰত
সপ্ত সুৰৰ ৰাগিনী হৈ
মোৰ সতে উজাগৰী
গীত গায়...
- Barasha moni Devi
-
বৰণীয়া সপোন
ঠুনুকা সপোন ভাঙে বাৰে বাৰে।
সপোন বোৰ যে-বৰ ঠুনুকা জানা।
কেতিয়ানো কেনেকৈ ভাঙি যায় গমেই নাপায়।
আজিকালি যে-সপোন দেখিবলৈ,
মোৰ বৰ ভয় লাগে।
নিৰিবিলি নিশা জোনাকীৰ দেশত
তৰালীৰ সৈতে ওমলি,
তোমাৰ কথাকে ভাবি ভাবি
সপোন দেখি আছিলো।
যেতিয়া দিঠকলৈ ওভতি আহিলো
তুমি তুমি লগা,
অনুভৱবোৰ আতৰি গ'ল।
সপ্নবিভোৰ হৈ থাকোতে উমানেই নাপালো
কেতিয়ানো তুমিও
এটি সপোন হৈ পৰিলা।
বৰণীয়া সপোন।
-
ভঙা সপোন এটাক যোৰা দিব মই জানো,
মাথো নাজানো কেনেদৰে হেৰুওৱা সপোন এটাৰ মূখামূখি হয়!-
সপোন বন্ধ চকুৱেদি চোৱা
বা মেলা চকুৰে চোৱা,
যেতিয়ালৈ তাক সচা কৰিব নোৱাৰা
তেতিয়ালৈ সপোনবোৰ
সপোন হৈয়েই ৰব।-