শীতৰ নিছিদ্ৰ কুঁৱলীৰ উৰণি ঠেলি পুৰণি ৰেলখনৰ ৰিনিকি ৰিনিকি উকি সোমাই আহে
পুৰণি ডবা
তাত নতুন মানুহ নুঠে।
ষ্টেচন বোৰো সলনি হল। পুৰণি ষ্টেচন বোৰত নতুন ৰং লাগিল।
কেৱল উকিবোৰহে একেই থাকিল!
মইও আহিছিলো আজি তোমাক বিচাৰি!
পুৰণি ডবাটো চলাথ কৰিলোঁ
নাপালোঁ।
পালোঁ মাথোঁ ৰঙহীন বাতৰি কাকতত তোমাৰ ছবি!
বৰণহীন, মলিন!
উহো, তোমাৰ চকুহাল মই মনিব নোৱাৰিলো।
ঘন কুঁৱলী!!
সময় তাকৰ। পুৰণি ৰেলখন গলগৈ!!
গুচি যাব পাৰিলে ভাল, হেৰাই যোৱাৰ ভয় নাথাকে।
ব্যস্ততাৰ অজুহাতত কিমান জন গুচি যায়!
কাকনো ধৰি ৰাখিবা?
মইহে যাব পৰা নাই
পুৰণিৰ মোহে মোক বাৰুকৈয়ে পালে!
পোহৰৰ বাট বিচাৰি পাকঘুৰণি খায় মই ৰৈ যাও
নিৰ্জন ৰাতিৰ এটি অবাঞ্চিত সূহুৰি হৈ !
-
A writer and a poet by passion, preach humanity by religion.
I've fallen for you!
Without knowing the colour of your eyes!
That tidy brown hair
That charismatic aura you possess
That comfort in your smile
You are the brightest among all the sparkles!
But, I haven't seen any of you!
I do miss our random conversations!
I don't know when it started
I don't know when it ended
But I wish it lasted a little bit longer!
I don't own you
But those eyes are mine, from eternity!
-
কৰবাত নহয় কৰবাত আমি কিবা নহয় কিবা এৰি আহো ।
কৰবাত অকণমান নিজক এৰি আহো, কৰবাত অলপমান স্মৃতি এৰি আহো ।
শিল বোৰ ৰৈ যায়।
নিস্তেজ এখন পাহাৰ বুকুত লৈ শিলবোৰ ৰৈ যায়।
ৰ'দবোৰ পাহাৰৰ সিপাৰ হয়গৈ, শিল বোৰ যাব নোৱাৰে।
শিলৰ ভৰ বেছি।
সোঁতত ভাঁহি যাব নোৱাৰে।
নিজতে নিজক সামৰি শিলৰ লগতে বহুত কিবাকিবি ৰৈ যায়..
কৈ দিয়া কথা বোৰ শব্দ হৈ ,
নোকোৱা কথাবোৰ সাধু হৈ ৰৈ যায়।
-
ওঁঠৰ শব্দ বোৰ টো সকলোৱে বুজে
হেৰাই যোৱা শব্দবোৰ বিচাৰি কেতিয়াবা ওলাবাচোন যাম,
মাত্ৰ এবেঙাৰ বাট।
ভৰসাৰ খাতিৰত বাৰু এটোপোলা আবেগ থৈ যাম বন্ধকত ।
কিমান যন্ত্ৰণাত শব্দ হেৰাই সুধি চাইছা?
কিমান নিৰ্জন হলে নিজলৈ ভয় লাগে ভাবি চাইছা?
আনক বিচাৰি পাবলৈ সহজ,
ভিৰৰ মাজত কেতিয়াবা নিজক বিচাৰি পাইছা?
সকলোঁ দি দিয়াৰ পিছত নিষ্ঠুৰ সময়ে সোধে,
'তই কেনে আছ?'
ঘূৰি চাবলে সাহস নাই।
নীৰৱতায়ে শেল হৈ বুকুত হানে!
উশাহ কেইটা সামৰি উলটি আহো।
মোৰ বাবে অকণমান সাহস হোৱা, বিনিময়ত সকলো শব্দ তোমাৰ।-
আহিব নলগীয়া বাটেৰে আপুনি কিয় আহিছিল?
অকাৰণতে কিয় ৰৈছিল মোৰ পদূলিত?
নহ'বলগীয়া কথা হৈছিল
মনত জোনাক নামিছিল
ৰৈ গৈছিল সময়।
আপুনি যদি মোক সোধে, কিয়??
মই নিৰুত্তৰ।
একপক্ষীয় প্ৰেমত উত্তৰ থাকে জানো?
হঠাৎ এজাক বাউলী ধুমুহা !!
মই জনিছিলো তুলাচনিত মোৰ ভৰ বহুত পাতল..
কিন্তু কৰবাত অকণমান পোহৰ বিচাৰিছিলো।
নাজানো এনে কি আছিল !!
ৰং ৰূপে মোহিব পৰা মন এটা আগটো নাছিল,এতিয়াও নাই!
'মোক কিয় ভাল লাগে' বুলি যদি সোধে, ভাবলেশহীন ভাবে হয়তো ক'ম
ৰ'দ ভালপোৱা ছোৱালী, ক'ৰবাত অকণমান ছাঁ বিচাৰিছিলো!-
This is not what I looked for
This is not what I dreamt of
This is not the life, I wished to live.
But,
There's some truth and some dreams
There's some love and some doubts
There's some whys and some rays
There's some thrills and some cries.
This is what I am living.
Not expected, not denied.
A life full of fireflies,
Trying to light something up!!
-
শব্দ বোৰ কেতিয়াবা হেৰাই যায়
বুকুত এখন নদী বৈ থাকে
উদং নদী ।
দিনৰ পোহৰত শিলত চিকমিকণি উঠে
ৰাতি মাথোঁ শূণ্যতা ।
ৰতিবোৰত আকাশলৈ মূৰ তুলি চাব পাৰি
গভীৰ নিশ্বাসেৰে জয়াল কৰি তুলিব পাৰি চৌপাশ!
সকলোৱে এৰি দিলেও নদীখনে নেৰে ।
এৰি নিদিয়াৰ এটা মোহ আছে।
ক'ৰবাত কিবা এটা আশা আছে।
নদীয়ে আশা নেৰে।
উদং নদীৰো আশা থাকে!
-
সপোনবোৰ থাকে মানেই জীৱন।
সকলোৰে সপোন বোৰ সজীৱ হওঁক। আশাবোৰ পূৰ্ণ হওঁক।সুখবোৰ নিজৰ হওঁক।
শুভ নৱবৰ্ষ, ২০২৩-
কোনোবা এদিন একেলগে বহি সূৰ্যাস্ত চাম দিয়া!
আকাশত যেতিয়া ৰং বোৰে নিজক বিলীন কৰিব
যেতিয়া বেলিতো অতীত হ'ব
তেতিয়া আমি কথা হ'ম..
সময়ৰ কথা পাতিম,
ৰঙৰ কথা পাতিম,
জোনাকৰ কথা পাতিম।
কথাবোৰ লুইতত এৰি দিম।
জানানে? লুইত সদায়েই সাহস।
আহিবাচোন, এদিন একেলগে বহি সূৰ্যাস্ত চাম!!-
অহাৰ বাটে তুমি যেতিয়া উভতিলা সপোন বোৰ সেই বাটেৰে উভতি নগ'ল।
সপোন বোৰ থাকি গ'ল লঠঙা গছত সেউজীয়া প্ৰেম হৈ ।
আধুনিকতাৰ দুবাহুত প্ৰেম সহজ জানো?
নিঃস্ব জীৱনৰ ধূলি-মাকতি বোৰ আঁতৰাই আধুনিকতাৰ চূণ-তেল সানো মানে প্ৰেমে দেখোন বাগৰেই সলাই!!
আনমনা সময়ৰ এটি উশাহতে নিবিড় প্ৰেমে লহপহকৈ বাঢ়িব খোজে..
সাধাৰণ এটি চাৱনিতে বুকুত অচিন বা-মাৰলী আহে ..
"মই তোমাক ভালপাঁও"বুলি নোকোৱাকৈয়ে জীৱনৰ শেষ উশাহলৈকে সহচৰ এক সাহসৰ প্ৰাচীৰ গঢ়ে!
মাটি চাকিৰ ধিমিকি পোহৰত সৰু সৰু সপোনৰে জীৱনৰ সাঁকো বান্ধে!!
পিছে নতুনৰ সুৰে সময়ক আঁতি আঁতি বান্ধে।
নিয়ন লাইটৰ জিকমিক পোহৰে চাকিৰ ধিমিকি পোহৰক ম্লান কৰে!
হেৰাই যায় ৰান্ধনীঘৰৰ খিল্ খিল্ হাহিবোৰ!
হেৰাই যায় হঠাৎ প্ৰিয়জনক দেখি ৰঙা পৰা উৰণিৰ আঁৰৰ মুখবোৰ।
হেৰাই যায় বকুল তলৰ চিঠিবোৰ!
তুমি অহাৰ বাটেৰে উভতিলা।
শাওনৰ পথাৰৰ মলিন বোকা আঁতৰাই আজিৰ প্ৰেম চিকুন হল।
পিছে আমাৰ বুকুৰ বঁকিয়াত ৰৈ গল সেই পুৰনি বকুলৰ গোন্ধ!
ৰৈ গল বুকুতে ৰি-ৰিয়াই থকা এটি সহজ প্ৰেমৰ সুৰ!-