বিভ্ৰান্ত পুনৰ আজি
এই মন মোৰ,
হিয়াত আকৌ বাজি
উঠে এই চিনাকী সুৰ।
বৰ্ষাসিক্ত নিশাৰ
এই নিজান সুৰ
যেন কৰি তোলে
প্ৰতি স্মৃতি দূৰ দূৰ।
-
"… তোমাৰ বাহিৰে মোক আৰু কোনে ভালকৈ বুজিছিল প্ৰিয়ানুজ ? কোনে চাইছিল এই মনৰ ভিতৰলৈ ?কোনে বুজি পাইছিল মোক ? যি মানুহে বুজিপায় ,সেই মানুহে জানো পৰিস্থিতিৰ লগত মিলাই নিজৰ ৰূপ সলাই ? বুজি পোৱা মানুহে জানো ক্ষতস্থানত আঘাত কৰি কৰি বিধ্বস্ত মানুহক ৰক্তাক্ত কৰে ? "
-বিভ্ৰান্ত বাস্তৱ --
" ভালপোৱাত জানো প্ৰশ্নৰ ঠাই থাকে ? ভালপোৱাত জানো থাকে অভিমানৰ নামত আঘাত দিয়া হিংস্ৰতা ? ভালপোৱা জানো মৃত্যুৰ পৰা ঘূৰাই আনিব পৰা প্ৰাণদায়িনী শক্তি নহয় ?"
-বিভ্ৰান্ত-বাস্তৱ --
"সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ ।যি বাস্তৱ কেতিয়াও কাকো দেখুওৱা নাযায় ,কেতিয়াও কাকো কোৱা নাযায় ।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকি মৃত্যুৰ এন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য"………
"বিভ্ৰান্ত -বাস্তৱৰ "মাজত পালিত এটি সময়ত ………-
তাইক শব্দই আঘাত কৰে প্ৰায়ে
হৃদয়খনে যাক হেৰুৱাৰ ভয়ত কান্দিছিল
তেওক যোৱা দেখি শ্ৰাদ্ধ পাতিলে হাহি হাহি কান্দি পৰা তাই
এই যে চিনাকীৰ পৰা অচিনাকী হোৱাৰ যাত্ৰাত প্ৰতিদিনে অকলশৰীয়া সংগই নিসংগ কৰিলে তাইক,
তাই ৰাতিৰ আন্ধাৰত নিৰৱতাক সামৰি দিনৰ পোহৰত এমোকোৰা হাহিৰে আবৰি ৰখাৰ পাছতো কয় উঠে
''জীৱন সত্য,সুন্দৰ,সুখৰ আলয়''-