যেতিয়া আমাৰ জীৱন আৰম্ভ হয় আৰু আমি কণমানি থাকো আমি জোনৰ দেশলৈ যাবলৈ হেপাহ কৰোঁ।
কিন্তু যেনেকৈ দিন আগুৱাই যাই আৰু ধীৰে ধীৰে আমি ডাঙৰ হব ধৰো আমি ভয় কৰিব ধৰো জোনৰ দেশত যাবলৈ। ভয় কৰো আমি বিফল হম বুলি আমাৰ সপোনত।
আজি ভয় লাগিছে মোৰ ডাঙৰ হবলৈ, কিজানি বা মোৰ জোনৰ দেশলৈ যোৱা সপোন আধাতে ভাঙি যায় আৰু মোৰ হাতত থাকি যায় মোৰ ভঙা সপোনৰ দাপোন।
-
উজ্জ্বল ৰ'দজাকক খেদি খেদি
মিছাতে সুধি আমনি কৰি নাথাকিবি,
তই বিচাৰি নোপোৱা মোৰ ঠিকনা...(!)
কোনো এটি নিশি খিৰিকী খুলি
নিৰল অভ্ৰৰ চেঁচা বতাহছাটিত
নিজকে এবাৰ এৰি দি চাবি...
ইমানদিনে খিৰিকীত চেপা খাই থকা
আধা-ছিঙা মৃগাঙ্কই কৈ যাব...
"প্ৰতি সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ
মই তোতেই বিলীন থকাৰ কাহিনী"।।-
তোমাক লগ নোপোৱা হ'লে
প্রেমক কোনোদিনেই সংজ্ঞাকৰণ
কৰিব নোৱাৰিলোহেঁতেন প্রেম হিচাপে l
তোমাক লগ নোপোৱা হ'লে
প্রেমৰ মুকুতাবোৰ গুঠিব নোৱাৰিলো হ'য়
জীৱনৰ মালাডাল l
অচিনাকী হৈ থাকিব লাগিল হ'য়
প্রেমৰ মোহমীয়া জগত খন l
তোমাক লগ নোপোৱা হ'লে
প্রমান্তিৰ স্পন্দন বোৰেৰে
অভিজ্ঞ নহল হেঁতেন
মোৰ হৃদয় ,
অনুভৱৰ নিসংগ কক্ষত বিচৰণ
নকৰিলেহেঁতেন প্রেমৰ মাদকতা ৷
-
"তাইৰ চৰিত্ৰত দাগ লাগিল বুলিয়েই অৱহেলা নকৰিবা| কিয়নো তুমি নাজানা সেই দাগীৰ আঁৰৰ সকলো ৰহস্য| জোনাক নিশাৰ জোনটিৰ গাতো আছে বহু দাগ, কিন্তু সি তাৰ পোহৰেৰেই অন্ধকাৰ নিশাবোৰত পোহৰ বিলাই...
মানুহ কেতিয়াবা শুদ্ধ পথত থাকিও অশুদ্ধ আৰু অশুদ্ধ পথত থাকিও শুদ্ধ প্ৰমাণিত হয়| সেইবাবেই কওঁ, দাগ মানেই কলংক নহয়!"
-
আজি শৰৎৰ প্রথম শেৱালি ফুলিছে
তুমি চাগে শেৱালিৰ পাহি বুটলিছা
তোমাৰ পদুলিৰ কুৱলী গছকি,
এইয়াটো বতৰ শৰৎ শেৱালি আৰু কুৱলীৰ
শৰৎৰ বাবেই যেন শেৱালি
শেৱালিৰ বাবেই যেন শৰৎ ,
পুঁৱতি নিশাৰ শুভ্ৰ শেৱালিয়ে
তোমাৰ উকা চোতাল
আধিক সুৱনি কৰে বুটা বাছি |
মুঠি মুঠি শেৱালিৰ সুবাস সিঁচি
তুমি আহিছিলা মোৰ সপোনত
হৃদয়ৰ কলা মেঘ আঁতৰাই জীৱনটোক
জোনাকী আভাৰে জিলিকাই তুলিবলৈ |
-
কুঁৱলীৰ ফাঁকেৰে জুমি চাওঁ তোমালৈ
কিজানী তোমাক দেখা পাওঁ
পুৱাৰ কাঁচিয়লি ৰদ'ৰ পোহৰত ...-
কি যে মিঠা শিহৰণ সিঁচি দিলা
মোৰ বুকুত
চাই চাই ভাগৰি নপৰো
তোমৰ মুখনি ।
তোমাৰ দু-চকুত
কাজল সনা কি যে চমক
দিনে-নিশাই চালেও যে
তৃপ্তি নপলাই !
নৈৰ সোঁতৰ দ্বাৰে
আঁতৰি নাযাওঁ কেতিয়াও
সদায় তোমাৰ হৈ ৰম ।
ভালপোৱা বোৰ দিনে-নিশাই তোমাৰ নামত,
প্ৰেমৰ কবিতা লিখিম তোমাৰ নামত,
মিঠা মিঠা সপোনেৰে ৰাতি বোৰ পাৰ কৰাম
সাৱটি গাৰুটি শিতানত ।
নিশাৰ সপোনৰ দু-চকুত
দেখো প্ৰেমৰ নাচোন,
মোৰ মনৰ আকাশত ৰোৱাহি তুমি
হৈ পূৰ্ণিমাৰ জোন ।
-
চকুত পৰিল কি নপৰিল ...
গলেই নহয় উৰি
মোৰ মন বিহগী
তোমাৰ বুকুৰ খালী ঠাই বিচাৰি |-
কি যে মিঠা শিহৰণ সিঁচি দিলা
মোৰ বুকুত,
চাই চাই ভাগৰি নপৰো ,
তোমাৰ মুখনি
তোমাৰ দুচকুত....
কাজল সনা কি যে চমক
দিনে নিশাই চালেও যে
হেপাঁহ নপলাই |
নৈৰ সোঁতৰ দ্বৰে
আতঁৰি নাযাওঁ কেতিয়াও
সদায় তোমাৰে হৈ ৰ'ম ,
ভালপোৱা বোৰ দিনে-নিশাই
তোমাৰ নামত ,
কবিতা লিখিম তোমাৰ নামত
মিঠা সপোনৰে ৰাতিবোৰ পাৰ হব
সাৱটি গাৰুতি শিতানত |
নিশাৰ সপোনৰ দুচকুত
দেখো প্রেমৰ নাচোন,
মন আকাশত ৰোৱাহি তুমি
হৈ পূনিমাৰ জোন |
-
যেতিয়া মই অকলে থাকোঁ
এটি নিজান কোঠাত,
তেতিয়া কিছুমান নষ্টালজিয়াই মোক
আনমি কৰে ,
সেই নষ্টালজিয়াবোৰত তুমিও থাকা উমলি |
মোৰ বাঁহ - মাটিৰে সজা ঘৰখনত
তুমি হোৱাহি গৃহিণী ,
সজোৱা মোৰ মৰমৰ ঘৰখনি
কৰাহি ধেমালি মোৰ মনৰ মাজৰ
হৃদয় খনিত |
তোমাৰ বাৰু মনলে আহেনে
মোৰ দ্বৰে নষ্টালজিয়াবোৰ ,
- নিজানত বহিবা
- নিজানত ভাৱিবা
মৰমৰে মাতিবা সেই নষ্টালজিয়া বোৰক |
মই থাকিম তোমাৰ নষ্টালজিয়া বোৰৰ মজত
তোমাৰ হাতত হাত ধৰি |
-