Syeda Tabiba Zahan   (✍ Tabiba)
181 Followers · 54 Following

read more
Joined 29 March 2018


read more
Joined 29 March 2018
26 DEC 2020 AT 21:31

ভালপাওঁ তোমাক...

হাতৰ স্পৰ্শ নাপাওঁতেই,
এই যে চুই গলা মোৰ হৃদয়খন...
কিনো কম আজি তোমাক!
ভালপোৱাৰ জোৱাৰ উঠা বুকুত,
মৰমৰ ৰং দুয়োয়ে একেলগে সানিম দিয়া।।

সুধিব মন কেতিয়াবা,
কিমানখিনি প্ৰেমেৰে সজাম ভাবিছা এই জীৱন!
অৱশ্যে কোনোবাদিনা তোমাৰ মৰম কমিলেও,
মোৰ পাৰ ভঙা ভালপোৱাখিনিৰেই
দুয়ো সুখী হ'ব পাৰিম দিয়া।।

🖋 চৈয়দা তাবিবা জাহান।
গোলাঘাট।

-


1 AUG 2020 AT 23:26

কবিতা...

(১)অনুভৱ...
নদীয়ে‌ জানে সাগৰৰ ঠিকনা ।
সাগৰেও জানে কিন্তু বৈ যোৱাৰ ৰাষ্টা।
এনেইটো‌ হৈ নাযায় মিলন...
সাগৰেও নিশ্চয় উপভোগ কৰে
শেষ নিশাৰ জোনাকত,
নৈখনিক বুকুত আকোৱালি লোৱাৰ মজা ।

(২)মিলন...
বহুদিন হ'ল,
দেখাই নাই তোমাক।
সময়ৰো যে ইমান নাটক...
অভিমানেৰে ভৰুন এতিয়া দিন-বাৰৰ খেলা।
এহ! লাগিলে দি দিম দিয়া মোৰ সপোন বাটৰ ঠিকনা।
তোমাক চোৱাৰ নিচাত মাতাল মোৰ দুচকু এতিয়া।

(৩)প্ৰেম...
এনেকে নুবুজিবা কিমান ভালপাওঁ তোমাক!
যিমানখিনি‌ মৰমত তুমি সুখী‌ হ'ম ভাবিছা,
তাতকৈ বেছি মৰমেৰে সজাম তোমাক।
কিদৰে কওঁ হাঁহি উচ্চলিত মুখখনেৰে
মোৰ নীলা হৃদয়ত ঢৌ তুলা,
তুমি মোৰ প্ৰিয়তম, সৃষ্টিৰ সোপান।।

‌‌ ✍🏼 চৈয়দা তাবিবা জাহান।
গোলাঘাট।

-


8 MAR 2020 AT 7:32

নাৰী মানেই কেৱল এটি শৰীৰ নহয়।
নহয় নাৰী কাৰোৰে দাস।
নাৰীয়েই হৈছে মানৱ জাতিৰ হৃদয়।
নাৰীয়েই ধৰণী ধৰোতা।
সচাঁ অৰ্থত দমন আৰু শোষণমূলক সমাজ ব্যৱস্থাৰ অপ্ৰয়োজনীয় উৎপাদনক নাৰী বুলি নকয়...
Happy International Women's Day!

-


27 FEB 2020 AT 21:21

*** সুখৰ দলিল ***

-


5 NOV 2019 AT 19:09

প্ৰেমে কি দিয়ে?
নিওঁতে তাৰ দুগুণ নিয়ে।

-


22 SEP 2019 AT 10:00

কিমান ভালপাওঁ নুসুধিবা মোক...
মৰম, ভালপোৱাৰ হিচাপ দিবলৈ
অংকত মই তেনেই কেচাঁ।
পাৰিলে তোমাক তিয়াই যোৱা
বৰষুণজাকৰ টোপালবোৰ গণি চাবা...
মৰমৰ উমান নিজেই পাবা...

-


14 FEB 2019 AT 19:31

ইতিহাস হ'ব নিবিচাৰো...!!

-


26 JAN 2019 AT 20:52

বিনিময়...!

প্ৰেমে যদি মানি লয়
বিনিময় প্ৰথা,
আইৰ শপত-
হৃদয় উদ্যানত
প্ৰতিদিনেই উদযাপন কৰিম
জোনবিল মেলা|

মোৰ সমস্ত সুখৰ বিনিময়ত,
কিনি লম
তোৰ প্ৰতিতো দুখৰ চোলা|

-


20 JAN 2019 AT 19:41

ললিপপ চিকেন
প্ৰেমী ললিপপ
প্ৰেমী

-


20 JAN 2019 AT 19:05

এগৰাকী নষ্ট কবিৰ শ্ৰেষ্ঠ কবিতা
আৰু
কোনো নষ্ট নাৰীৰ শ্ৰেষ্ঠ পতি হোৱা,
দুয়োটা সমানেই কষ্টকৰ...

-


Fetching Syeda Tabiba Zahan Quotes