গোধৃত
-----------------------
হয়। মই অপেক্ষামাণ ,
নঙলামুখৰ জঁই পৰা কঠনাজোপাৰ দৰেই ...
এজাক স্নিগ্ধ নীৰবহনলে।।
জপাই থবলে মন গৈছে অ'
আধালিখা বিষাদৰ পৃষ্ঠা।
মচি পেলাবলৈও মন গৈছে ,
স্মৃতিৰ জীয়া কবিতা।
সেয়েহে, এতিয়া মাথোঁ মোৰ দগ্ধ হৃদয়ক
প্ৰয়োজন এজাক বৰষুণৰ..
কিয়নো, উটুৱাই দিবলগীয়া আছে মোৰ
প্ৰণয়ৰ মৰহা পাপৰি..!
ধুই পেলাবলৈ মন হৃদয়ৰ বিৰহৰ তুমুৰলি।
মোৰ বিশ্বাস....
এসোপা প্ৰসিত পৰ্জন্যৰ ওন্দোলা আস্যয়ে
বোৱাই আনিব মোৰ হৃদয়লে
এজাক দিব্যোদক।
উটুৱাই লৈ যাব ৰিক্ত কৰি
মোৰ তিক্ত বিষাদৰ অধ্যয়।
সেই কঠনাজোপাৰ দৰেই জীপাল
কৰি থৈ যাব মোৰ ৰক্তাভা হিয়া,
আৰু ...
ছটিয়াই থৈ যাব মোৰ উদাসীন আমঠুত
ৰক্তমল্লিকাৰ সুৱাস।-
এজাক স্বপ্নটোৰ বৰষুণ
এজাক স্বপ্নটোৰ বৰষুণ
নামি আহিছে হৃদয়ৰ পৰা
প্ৰিয় জনৰ কথা ভাবিবৰে পৰা ।
নাজানো .....
নাজানো মই....
সেই প্ৰিয় জন কোন ?
কিন্তু.....
তেওঁৰ কথা ভাবিলেই
মোৰ হৃদয়ৰ পৰা নামে বৰষুণ।
কিন্তু ... কিয় ,
কিয় হয়...??
আজিও এজন অচিনাকী লোকৰ কথাই
হৃদয়ৰ বৰষুণ নমাই ।।-
এজাক প্ৰেমৰ খৰিকাজাই'ৰ
অপেক্ষাত আছোঁ মই
ক'ত দিন যে তিতা নাই
নিশাৰ এই বাৰিষাত
ক্লিষ্ট মনৰ অৱসাদ দূৰ কৰে
এই বাৰিষাজাকে,
নিশাৰ বাৰিষাত কোনোবাই তিতিছেনে?
যেন এজাক শীতল ঢৌৱে
কোবাই যায় মোৰ মনৰ মৰীচিকাক
তেতিয়া হৈ পৰো ...
শৰীৰৰ সকলো দুখ-ভাগৰ সামৰি
বাৰিষাৰ এক পাগল প্ৰেমিক
যাৰ চিয়াঁহীৰ ফাকেৰে
নিগৰিত হয় ৰক্তজবাৰ এই ৰঙীন কাহিনী
যাৰ আৰম্ভণি তুমি, শেষান্ত এতিয়াও অসীম?
-
🍃বৰ্ষাৰ আলাপ🍃
জাকে জাকে নামি অহা বৰষুণৰ টোপালবোৰে বহু কথাই কয় যায় সুখ- দুখৰ
অনামী মায়া সানে এই বৰষুণ জাকে,
মনৰ অৰণ্যত হৃদয়ৰ কোণত।
মেঘালী ৰ'দালিৰ কথকতা হৈ,
সপোন দিঠকৰ ছায়া ছবিৰ দৰে।
বৰষুণ আহিছে, আহিয়েই থাকিব
মাথো গতিবেগ সালসলনি কৰিব
কেতিয়াবা সেউজীয়া উশাহ হৈ, আকৌ কেতিয়াবা হালধীয়া এমুঠি বিষাদ লৈ।⛈️⛈️-