আইতাৰ বিদ্ৰোহ
(কঁপা কঁপা মাতেৰে)
বোপা টিভিছেনলবোৰত দেখি থাকো তোক
বহুত ডাঙৰ নেতা হলি আজিকালি ।
ৰাজ্যৰ শাসন দেখিছোঁ এতিয়া তোৰেই হাতত ,
তোৰ গাড়ী আগভেটি ৰখোৱাৰ বাবে হলে বেয়া নাপাবি ।
এহঃ তহঁতে হেনো ব্ৰহ্মপুত্ৰত সুৰংগ সাজিবি ,
ভাল কথা।
পিছে সেইটো সজাৰ আগতে নদীবোৰৰ পাৰ ভালদৰে বান্ধি দিবি ।
সেয়া নোৱাৰিলে গাঁৱৰ সিটো মুৰৰ ওখ বাটটোত এটা কালভাৰকে সাজি দিবি ।
ছাগলী পোৱালীহাল বানে উটুৱাই নিলে
দেখিছয় নহয় ৰাস্তাৰ ওপৰতে কটাইছো দিন ৰাতি ।
মৰো মৰো যেন লাগে ও ,
পিছে জুই জলাবলৈও যে শুকান খৰি পাবলৈ নাই ।
জীৱনটো এনেকৈয়ে গ'ল ,
জীৱৰ বিলৈ চাই চাই ।
এবাৰ হৰেনৰ বাপেকক নাৱত উঠাই পুৰিবলৈ নিয়াৰ কথা মনত পৰি যায় l
তহঁতৰ কৃপাত বান নহলে অহাবাৰ নাতিটোৰ বিয়াখনকে পাতিব পাৰো বোপাই..... ।
-
এতিয়াও এন্ধাৰ হবলৈ এটা প্ৰহৰ আছে ।
বেলিটো পশ্চিমৰ আকাশত মাৰ যাবলৈ কিছু দেৰি আছে ।
লগত ৰাতিপুৱাৰ স্মৃতি আছে ,বাকচত বুঢ়ীৰ চিঠিবোৰ আছে ।
হতাশ হোৱাৰ কাৰণ নাই ,
এতিয়াও জীৱনটোৰ অধাৰুৱাখিনি জীয়াৰ অৱকাশ আছে ।
এতিয়াও বুঢ়া হবলৈ বহু বাকী আছে ।-
আজিলৈকে তেওঁ মোৰ যত্ন লৈছিল, মোৰ সামান্য জ্বৰত পগলা হৈছিল, মোৰ শিতানৰ কাষটো বনৌষধিৰে মলমলাইছিল তেওঁৰ বাবেই।
আজি মই বাৰে বাৰে তেওঁৰ উশাহৰ উমান লৈছো; কিজানি হেৰাই যায় কৰবাত আৰু মই বিচাৰি নাপাম কোনোদিনেই ।😔-
আইতা আপোনাৰ অনুপস্থিতিত সেই মৰমৰ
অভাব অনুভৱ কৰো যিটো আপুনি
নিস্বাৰ্থত কৰিছিলে।আজি আপোনালৈ
বহুত মনত পৰিছে।আপোনাৰ দৰে
মোক কোনেও বুজি নাপায় সেয়েহে
মই এতিয়া অভিমান কৰা বাদ দিছো।
আপোনাৰ চেচাঁপৰা হাতৰ বুলনিৰ
শিহৰণত শুই যোৱা সেই নিদ্রাক মই
মনত পেলাও।আপুনি কোৱা কথাবোৰ
সছা হৈ গৈ আছে।মানুহ কেৱল প্রয়োজনত
হে মনত পেলাই।সকলোৱে নিজ স্বাৰ্থত হে
মোৰ সৈতে থকাৰ অভিনয় কৰে। যেতিয়া
ভাল পোৱা মৰম ইত্যাদিৰ সংজ্ঞা অৰ্থ
ভালকৈ বুজি পোৱা নাছিলো তেতিয়া
আপোনাক মই চিৰনিন্দাত শুই যোৱা
দেখিছিলো আপুনি আমাৰ মনত সদায়
অতুলনীয় চিৰযুগমীয়া হৈ থাকিব।
আপুনি আমাৰ বাবে সেই ফুল যি শুকাই
গৈ ও সুগন্ধি বিয়পাই আছে।-
আইতা
কেতিয়া আহিবা...
তোমালৈ আজি বৰকৈ মনত পৰিছে
আমনি লাগিছে মোৰ মা
ইমান দেৰি কিয় কৰিছে তেওঁ দেউতা।
ঐ জোন, মোৰ পাছে পাছে নাহিবি
ককা আইতাক কৈ দিবি...
আজি তেওঁলোকলৈ বাট চাই আমনি লাগি গৈছে
কত বছৰ পাৰ হল দেখা নাই...
তেওঁলোকৰ আমালৈ মনত নপৰে নে
আইতা আইতা...
বুকুখনে ছীয়ৰী উঠিছে মোৰ।
যাওঁ বুলি মাত এটা কিয় নিদিলা মোক
ৰৈ আছো ককাক লৈ আহিবা বুলি মোৰ কাষত।
জোনৰ দেশত কিয় থকা,
গুচি অহা ও আইতা
আইতা আইতা...-
আইতা সাধু কোৱানা
তোমাৰ মুখনিত সন্তুষ্টিৰ হাহিটো আকৌ
আকৌ এবাৰ দিয়ানা-
শীতৰ সেমেকা জুহালৰ উমাল জুইকুৰা,
মায়াসনা গধূলিৰ আছে একোটা ৰূপকথা।
মন দি শুনা আইতাৰ মুখৰ ৰসাল কাহিনী,
বুকুত এতিয়াও শিপাই আছে অনন্য মোহিনী।
ৰজা-ৰাণীৰ কাহিনীৰে ভৰপূৰ সপোনৰ দেশ,
কল্পনাৰ জগতত উটি বুৰি ফুৰা শৈশৱৰ আবেশ।
জোনবাই দেশৰপৰা নামি আহে পোহৰৰ জোনাকী,
মনোজগতত পোহৰ সিঁচি আঁতৰাই তমসাৰ ৰাতি।
সাধু কথাৰ বাটত মায়াময় সন্মোহনী,
পাহৰি যাওঁ প্ৰায়ে গতানুগতিক পৃথিৱী।
— % &-
চকীখন
আজিকালি খালি হৈ পৰি ৰৈ আগফালে বাৰাণ্ডাৰ সেই বিশেষ চকীখন;
চুচৰাই আনি বহিবলৈ যে আইতা নাই।
ৰাতিপুৱা চাহ কণ খাই লৈ আগফালে বহুগৈ বুলি লাখুটি ডাল লৈ উলাই যায়,
গা তিয়াই আহি অলপ বহি লওঁ বুলি চকীতে টোপনিয়াই।
চকীখন চুচৰাই কৰ্কশ মাতত মোৰ খং উঠে, তেতিয়া কওঁ কিয়নো তেনেকৈ কৰে?
তেওঁ জানো এবাৰতে কাণেৰে শুনে?
চিঞৰ মাৰি কলেও ভাবে গালি দিছোঁ নেকি?
ঘৰলৈ আহি গেট খন খুলি সোমাই গলেই হাঁহি মুখেৰে কৈ "মই ভাবি আছিলোঁ তই আহিবি বুলি।"
ভাল পাইছিল খাই তেওঁ পপকৰ্ণ আৰু মেগী,
কৈ মোক মাজে সময়ে মাকৈ লৈ আহিবি বুলি।
সকলো নিজৰ লগত ব্যস্ত তেওঁৰ আপত্তি
কথা পাতিবৰ লগ নাই তেওঁ যে এতিয়া বুঢ়ী।
আজি আইতাও নাই সেই চকীৰ কৰ্কশ শব্দও নাই;
নিজান নিজান লাগে ঘৰখন খালি হৈ থাকে চকীখন,
ভবাটো নাছিলোঁ তেওঁ যে গম নিদিয়াকৈ এৰি গুচি যাব এদিন।
-