ক্ৰমান্বয়ে ম্লান হৈ যোৱা তাইৰ ওঁঠৰ হাঁহি কণ দেখি তেওঁ এদিন সুধিছিলে যে তাইৰ কিবা সমস্যা হৈছে নেকি?
বহুত দিনৰ পৰা হতাশাত ভাগি পৰা তাই জনিয়ে অকনমান আশ্বাস পোৱা যেন পাই
ক'ব খুজিলে সিদিনা মনৰ মাজত টোলপাৰ লগাই থকা সেই কথা বোৰ, আৰু তাই কৈ থকা কথাৰ আধা শুনিয়েই তাচ্ছিল্যতাৰে মাত দিলে তেওঁ, "ধেই এইবোৰটো সৰু কথা".. ৰৈ গ'ল তাই
পুনৰ এবাৰ মৌন হৈ পৰিল তাইৰ ওঁঠ যুৰী এইবাৰ সদায়ৰ বাবে।
আৰু সুখ বোৰ শূন্যতাত পৰিণত কৰা, জীৱনৰ ৰং বোৰ কাঢ়ি লৈ যোৱা তাইৰ 'সৰু কথা' বোৰ সম্পূৰ্ণ কৈ শুনিব নোখোজা সেই মানুহ জনে হেনো আজি ষ্টেটাছত লিখিছে
'let's talk about mental health'-
মনৰ কেনভাচখনত
সমগ্ৰ সত্ত্বা কঁপোৱা শিহৰণ এতিয়া
ৰঙবোৰ ৰঙৰ দৰেই হৈ আছে জানো?
অসীম ৰঙীন কল্পনাবোৰো
ধূসৰ হৈ পৰিছে এতিয়া
সেইবাবে কৈছো,
কেতিয়াবা আহিবাচোন!
নিসংগতাৰ সতে কথা পাতিবলৈ
ৰঙীন কৰিবলৈ আহিবাচোন কেতিয়াবা
সেমেকা আবেলি বোৰ মোৰ
তোমাৰ গানেৰে
শৰতৰ সন্ধিয়া একেলগে বুৰ মাৰি পি ল’ম দুয়ো
নানাৰঙী সপোনৰ মদিৰা ।।-
অশ্পৃশ্য নিশাবোৰত
মৰমবোৰে যেতিয়া প্ৰেমৰ ৰূপ লয়
হৃদয়খনে তেতিয়া তোমাৰ ঠিকনা বিছাৰি হাবাথুৰি খায়!-
মাঁ কোনে জানানে
পিটনি পৰা মৰম লৈ
চকূৰ পানীৰ পৰা হাঁহি লৈ
লাঠীৰ পৰা ঔষধ লৈ
আলু পিটিকাৰ পৰা লাৰু লৈ
ত্যাগৰ পৰা বলিদান লৈ
মাঁ কোন বুজিব নোৱাৰিলো
ধৈর্য আৰু স্নেহৰ আশীৰ্বাদ মানিলোঁ
মমতাৰ মহাসাগৰ বুলি তোমাক আদৰিলো
তোমাক সুখ আৰু স্বাস্থ্য জনালোঁ ।-
অপ্ৰকাশিত
তোমাক কোৱা নহল , বুকুত জমা হৈ থকা বহু কথা।
পিছে সেইবোৰত এতিয়া ভেঁকুৰ ধৰিছে ।
শুনাব খোজোঁ, তুমি শুনিবা নেকি, কাঠ চিত ল'ৰাটোৰ অব্যক্ত ভাষা ?
মনৰ বোজ পাতল হব , এদিন আবেলি লগ দিবা ?
তোমাৰ লগৰীবোৰক অলপ কমকৈ জোকাব কবা সিদিনা , নহলে মই নোৱাৰিম , ঘৰত ভাবি অহাজন হব।
কিয় এনে লাগে যে তুমি মোক নুবুজিলা ?
জনাবাচোন মোৰ মাতৰ অনুৰণন তোমাৰ হৃদয়ত কিমান সময় বাজে ।
সমুখত কব নোৱাৰা কথাৰ মেটমৰা বোজাটোৱে ফুলৰ থোপাটো হৈ কৈ যাব খোজে অলেখ অকথিত গাঁথা ।
পাৰা যদি নিজানতে লগ দিবা .....l-
সপোনৰ বাট...
সপোনতে সপোনৰ ডেউকা ভাঙে,
সপোনতে সপোনবোৰ খহি পৰে,
দিঠকৰ উশাহত আউঁসী নামে,
উভতাৰ বাটবোৰ দুচকুতে হেৰাই,
তথাপি তাত আকৌ সপোন গঁজে।
সাৰ পালেই এজাক উন্মাদ শব্দই খেদে,
অচিন আখৰ... অবুজ ভাষাৰে...
কিবা ক’ব খোজে?
সপোনবোৰ আঁতৰি যায়,
এন্ধাৰৰ বাটত মোক এৰি।
শূণ্যতাবোৰকে বুটলি সাঁচি থঁও,
ৰ’দ চোৱাৰ হাবিয়াস বুকুত বান্ধি।
এযোৰ ছাইৰঙী সাজ পিন্ধি.... সপোন আকৌ আহে,
এটা ফিনিক্সৰ কান্ধত উঠি,
মোৰ জঁই পৰা ৰাতিতোৰ সংগী হ’বলৈ।
এন্ধাৰ ফালি... পোহৰৰ জখলাৰে বগাই...
এখোজ – দুখোজকৈ সিহঁত আহে...
গোপনে গোপনে.....।।-
:পৰিত্যক্ত এটি বেনামী কবিতা:
তুমি...
তুমি,
কোনো ক্লান্ত কবিৰ
পৰিত্যক্ত এটি বেনামী কবিতা!
ভঙা হিয়াৰ গভীৰতাত খণ্ডিত,
অজানা আৱেগৰ অচিন মালিতা।
স্বপ্নাদিষ্ট কোনো সুৰকাৰৰ
মিথ্যা মিঠা সুৰৰ সংগী হৈ
তুমি কিন্তু নিজকে নিসংগ নকৰিবা,
তাল-লয়ৰ জঙ্গমত নিদিবা
হেৰুৱাই নিজ স্বকীয়তা।
তুমি যে কোনো ক্লান্ত কবিৰ
পৰিত্যক্ত এটি বেনামী কবিতা।
কামনা বিলাসী কোনো দালালৰ
অভিমানী গানৰ শিৰোনাম তুমি ন'হবা,
সকলোৰে আগত উদঙাই নিদিবা না
সেই কবিজনৰ বিদিৰ্ণ বুকুৰ বিবৰ্ণতা!
তুমি,
কোনো 'মৃতকল্প প্ৰেমিকৰ'
আধালিখা জীয়া নীৰৱতা..
এৰা,কোনো ক্লান্ত কবিৰ
তুমি
পৰিত্যক্ত এটি বেনামী কবিতা!!
-
এই সময় পাৰ হ'ব
এই জীবন চলি যাব,
নতুন দিনবোৰ আহিব
বিশেষ কাৰণবোৰত আলিবাটটো বিশেষ হৈ ৰব ।
চিনাকী বাটটোৰ কেঁকুৰিত বিশেষজনৰ দৰ্শনপ্ৰয়াসী হবলৈ লওতে ,কিজানি,
সময়ৰ ধুলিৰে ধুসৰ হোৱা পদুলিটোত তোমাক নাপাই এদিন বুকু উচন হব।
তোমাৰ ঠাই কোনে লব ??
তোমাৰ নামৰ চিঞৰ সিদিনা অন্তৰভাগত প্ৰতিধ্বনিত হ'ব।
অন্তৰৰ কোলাহলত যেন বাটযোৰা প্ৰেমৰ সাক্ষ্যবোৰ জীয়াই উঠিব ।
চিত্ৰপটত কেৱল আপোনজনৰ মধুৰ স্মৃতিবোৰহে ৰৈ যাব ,
এই সময় পাৰ হ'ব ।
-