'अपनो का दिया हुआ तोहफ़ा संभाल के रखना।'
बचपन में मां कहा करती थी,
ता-उम्र निभाई है मैने ये बात
और
ये उदासी,
आखों की नमी
इसका प्रमाण है।
-
मै “किसी का” बेहतर करूं बहुत फर्क पड़ता है..... read more
তাই কথাবোৰ আৰু আগৰ দৰে
উকা কাগজৰ বুকুত তুলি দি বুজাব নোৱাৰা হ'ল...
নোৱাৰা হ'ল ভাঙিব চৌপাশে
আগুৰি ধৰা এই গভীৰ নীৰৱতাবোৰ
তাই বোলে নাজানে, জানে নেকি কোনোবাই...
প্ৰেমৰ বজাৰ বোৰত এখন সঁচা হৃদয়ৰ
আচলতে কিমান দাম ?
স্বাৰ্থৰে আৱৰা আধুনিক গলি বোৰত তাইৰ এই
পুৰণিকলীয়া নিস্বাৰ্থ মৰমবোৰৰ নো কি কাম ?
নাই, তাই নকই ,তেৱো নুবুজে
তেওঁ যেন কয়, তাই হে চাগে নুশুনে
তেওঁ তাইৰ অনুভূতিবোৰক তেনেকেই ভিত্তি হীন
সাধাৰণ কিছুমান বাক্য বুলি ভাৱে
যেনেকে আনৰ সৈতে দেখা তেওঁৰ
সপোনবোৰক তাই তাইৰ বাবে বুলি ভাৱি মিছাতেই ৰং কৰে ।
-
নিজান উজাগৰী ৰাতি কঢ়িয়াই ফুৰা এই হুমুনিয়াহে গোপনে আহি সুধি যায় মোক মোৰ কাম্যৰ কথা
মই সজল দুচকুৰে উচ্চাৰিত কৰো এটি শব্দ- 'সুখ'
মোৰ উত্তৰত সিহঁত অজানিতে দাস হৈ পৰে নিৰৱতাৰ
আৰু মই,
আৰু মোৰ
আশাবোৰ পুনৰ বন্দীনী হৈ পৰে দুখৰ সজাঁৰ
(Rough translation in caption)-
শুনিছা,
আজি পুনৰ ভিজিলো
মাথো তোমাক এবাৰ লগ পোৱাৰ হেপাঁহত
আৰু নো কি কৰিম কোৱা?
মই যে দেখো তোমাৰেই প্ৰতিচ্ছবি
এই মতলীয়া বৰষুণৰ প্ৰতি টোপালত-
যদি বিচাৰিছা তুমি উজ্জ্বলি উঠিব
তেন্তে সামান্য উত্তাপত কিয় নিৰাশ তুমি
যদি বিচাৰিছা চাব পুৱাৰ সূৰুযটি
তেন্তে ৰাতিৰ আন্ধাৰত কিয় হতাশ তুমি
সমগ্ৰ বাধা নেওচি তুমি আগবাঢ়িব লাগিব তোমাৰ পথত
তুমি জীয়াই থাকিব লাগিব নিজৰ সাহসত
-
এতিয়াও তেওঁৰ দুচকুত ভাহি উঠিছে স্মৃতিৰ কত টুকুৰা ছবি...
নঙলা মুখৰ পৰা শুনা ল'ৰা দুটাৰ চিঞৰ- বাখৰ, গোহালীৰ বলধহালৰ হেম্বেলনি,কাকিনী তামোল জোপাৰ পৰা শালিকি জনীৰ কিচিৰ মিচিৰ মাত.. চাৰিওফালে কোলাহল তথাপিও আছিল
তেওঁৰ মুখত শান্তিৰ শীতল ছাঁ...
চকু দুটা তেওঁৰ মেল খাই গ'ল আৰু তেওঁ নিজকে আৱিষ্কাৰ কৰিলে এটি সুন্দৰ কোঠাৰ সুকোমল বিছনাৰ সোমাঁজত,কাষত বহি আছে সুন্দৰ সুঠাম চেহেৰাৰ এজন ডাক্টৰ..কোঠালীৰ সমস্ত মৌনতা ভেদ কৰি অহা এটি বাক্য তেওঁৰ কাণত পৰিল-"ডক্টৰ,দেউতা বিস্মৃতিত ভূগিছে নেকি বাৰু?"
আৰু তেওঁৰ চকু দুটা পুনৰ মুদ খাই গ'ল,মন টো পুনৰ হেৰাই গ'ল তাহানিৰ স্মৃতি বোৰৰ মাজত
-
আৰু মই যেতিয়া ওলাই আহিলো
সমগ্ৰ বাধাৰ শিকলী ছিঙি,
এখন নতুন পৃথিৱীৰ সন্ধানত...
আৰু মই যেতিয়া ওলাই আহিলো
অন্ধকাৰে আৱৰা পথ নেওঁচি,
সুৰুযৰ কিৰণত উজ্জ্বলি উঠাৰ স্বাৰ্থত...
হয়তো নাই এতিয়া মোৰ কান্ধত এখনো সহাঁৰিৰ হাত
তথাপিও আছে মনত আশা ,
জীয়াই থকাৰ অদম্য হেপাঁহ...
-
এতিয়া তেওঁলোকৰ
পখিলা খেদাৰ বয়স
হ'ব লাগিছিল মনত জন্ম
আকাশ চুব খোজাৰ অদ্ভূদ চখ
কিন্তু পৰাধীন তেওঁলোক
পৰাধীনতাত ডুবি আছে তেওঁলোকৰ শৈশৱ
ভয় শংকা হে যেন
তেওঁলোকৰ জীৱনত সম্ভৱ
মাতৃৰ স্নেহৰ পৰা দূৰত
এমূঠি অন্নৰ বাবে হাহকাৰ
এনে যন্ত্ৰনাৰ ছবি বুকুত বান্ধি
পিতৃয়ে বস্ত্ৰ পিন্ধে নিৰৱতাৰ
কত প্ৰশ্নই মন আলোড়িত কৰে
কেতিয়া ভাঙিব এই বন্দীত্বৰ প্ৰাচীৰ
সুৰুযে চটিয়াবনে বাৰু
এই শিশু সকলৰ জীৱনত শান্তিৰ আবিৰ-
তেওঁ আছিল এগৰাকী শিল্পী...
শিল্পী...নিজৰ সাধনাৰ অস্ত্ৰেৰে
সমাজ পৰিৱৰ্তনৰ সপোন দেখা
এন্ধাৰৰ স'তে প্ৰৱল যুঁজ কৰি
নৱ আালোকৰ স'তে মিতিৰালী পাতা
ৰূপান্তৰৰ শিল্পী..
শিল্পী... জনতাৰ হকে গৰজি
শোষিত শ্ৰেণীক সাৱধান বাণী শুনোৱা
নিজ চিন্তাৰ উত্তৰণ ঘটাই
নতুনত্বৰ স্বাক্ষৰ বহন কৰি চলা
এগৰাকী নতুন যুগৰ শিল্পী-