Hectic life. No time. It's the new normal.
Everything seems tough. But a few words, a small conversation can change it all. Some people are like night stars in your life that makes even the darkness beautiful. You start feeling worthy and cared for. That's enough to cheer you up.
Use your light to illuminate people.
Use their light to understand them.
- @mjboruah-
ৰ'দৰ শিপাত ফুলা আকাশ,
পাহাৰৰ দেশ,
নীলা বতাহ,
এন্ধাৰত জ্বলা,
আমাৰ সপোন।
তেজৰঙা...
তুমি ৰঙা, মই ৰঙা।-
একো নাই, মাথো সীমাহীন শূণ্যতা...
তুমি, মই, সকলো মিছা...।-
Can't believe that YQ is shutting down! The community that has grown over the few years with so much hard work and dedication will be lost in a few days. May be all the connections with so many people will go away. Scary to think. Just don't know what to say.....
-
পোহৰৰ পৰা শব্দলৈ। শব্দৰ পৰা লাহে লাহে ভাগ্য পৰীক্ষা। সকলো হেৰাই, সকলো শেষ হয়। এন্ধাৰ ৰৈ যায়...।
#সাঁথৰ-
কেইবাদিনো বৰষুণৰ পাছত বতৰটো মুকলি হৈছে। চাদলৈ উঠি গ'লো। কেতিয়াবা তাতে অলপ সময় ৰৈ থাকোঁ... এনেই। অলপ এন্ধাৰ হৈছে। বতাহত সুগন্ধ এটা ভাঁহি আছে। এটা চিনাকী সুবাস... বহুদিনৰ পুৰণি!
প্ৰথমবাৰ গন্ধটো পাওঁতে উৎস বিচাৰি ইফালে সিফালে চাইছিলোঁ। এটা কোণত এজোপা ফুল দেখা পালোঁ। অচিনাকি... আগতে কেতিয়াও দেখা নাই। আচৰিত হ'লো। মানি লব নোৱাৰিলোঁ। মোৰ চিনাকি প্ৰিয় ফুলপাহৰ গন্ধটো আনে কাঢ়ি ল'ব। হবই নোঁৱাৰে!
আজিকালি নতুন ফুলজোপা ভাললগা হৈছে। কাৰণ সেই সুগন্ধটো মাজে সময়ে মোৰ প্ৰয়োজন হয়। উশাহত লবলৈ। আজিওঁ চাদত ৰৈ কিবা কিবি ভাবি আছোঁ। হঠাৎ মেকুৰী এটা দেখিলোঁ। সিওঁ ফুলজোপালৈ একেথৰে চাই আছে! হয়তো তাৰো প্ৰিয়... সেই সুবাস।।-
শৰৎ আহিল। ৰংবোৰ অন্ধ হ'ল। সকলো যেন ফুল হ'ল - পুৱাৰ শেৱালি, নিশাৰ খৰিকাজাঁই, বকুল, কঁহুৱা। চৌদিশে মাথোঁ বগা। শৰৎ কিয় বগা? সকলো বগা কাৰণেই শৰৎ বগা!!
বিজ্ঞানে উত্তৰ দিয়ে - শৰৎত ৰংৰ অভাৱ হয়। ফুলে ৰংবোৰ সাঁচি ৰাখে। গছে শক্তি সঞ্চয় কৰে। তথাপি ভাবোঁ ৰংৰ অভাৱ বগা হ'ব নোৱাৰে। বগাতেই ৰংৰ জন্ম, বগাতেই শেষ। হয়তো শৰৎ বগা বাবেই সকলো শুদ্ধ, শুভ্ৰ, স্নিগ্ধ। শৰৎ ঈশ্বৰৰ, শৰৎ পোহৰৰ।।-
কোনে দেখে
কাৰ মাতত ৰাতিপুৱায়,
খিৰিকীৰ মুখত
এযোৰ ছাইৰঙী ফিনিক্স
ধোঁৱাত জন্মা।
দিঠক নোহোৱা গান,
ৰাতি ফুলা সুৰ,
দুপৰত অস্ত যায়।
মোক এন্ধাৰ লাগে
পোহৰত অদৃশ্য হয়
সপোনৰ তৰা,
আধাফুটা উশাহৰ আশা।-
Stay as it was all the way,
Stay as it is always,
Stay as it is to the end of time,
Few things doesn't need to be touched,
Few things never meant to be changed,
Few things are forever,
Few things are etched in the lifeline...-
পোঁহৰ অন্ধ,
এন্ধাৰৰ সোঁতত বালিচন্দা,
অসীমত হেৰুৱা এন্ধাৰ,
আকাশ চাবলৈ লগা এন্ধাৰ।
হাতৰ মুঠিত
উজ্বলি উঠা
এপাহ ৰজনীগন্ধা,
সকলো বগা,
সকলো চেঁচা।-