QUOTES ON #সুপ্ৰভাত

#সুপ্ৰভাত quotes

Trending | Latest

শালিকী পুৱাতে উঠি
সুৰুজৰ সোণোৱালী
কিৰণ দেখি
মনলৈ আহে
তোমাৰেই প্ৰতিচ্ছবি।
বুকুৰ উশাহ
হিম হৈ থাকে
কিজানি তোমাতেই মন
গলিব পাৰে ।।

-



পূৱ আকাশৰ ৰঙা বেলি
ৰাতিপুৱা আহে তাৰ সোণালী কিৰণ ভাহি
নিতৌ বাহি নোহোৱা প্ৰভাতৰ ফুল মেলে
সেউজী বিৰিষত বহি
পখীকুলে গীত জুৰে
এটি নতুন পুৱাৰ শুভেচ্ছা জনাইহি ।।

-




পাহৰি পেলাইছিলো দেওবাৰৰ গুৰুত্ব । আজি প্ৰায় দুবছৰে ঘৰত সোমাই আছো । না স্কুল ,কলেজ যাব পাৰিছো , না দেউতা - দাদাই অফিচ যাব পাৰিছে । প্ৰতিটো দিনেই আমাৰ কাৰণে হৈ পৰিছে বন্ধ তথা ছুটীৰ দিন । ঘৰত থাকি থাকি কেলেণ্ডাৰ , ঘড়ী চোৱাৰ প্ৰয়োজনীয়তা তথা অভ্যাস প্ৰায় নাইকীয়া হ'ল । বিগত প্ৰায় দুবছৰ সফলতাৰে নষ্ট কৰাৰ পিছত এতিয়া মোৰ ইচ্ছা হৈছে যে সোমবাৰ , বুধবাৰ , দেওবাৰ যি বাৰেই নহওঁক কিয় , মাথোঁ মোৰ মৰমৰ কলেজখনক গৈ সহপাঠীৰ লগত একেলগে বহি ক্লাছ কৰিব পৰা হ'লে .....💔😥😫😭

-



চোৱাচোন সময় কিমান গতিশীল ।একেবাৰে পাখিলগা কাঁড়ৰ দৰে,নহয়নে? নিজৰ কামৰ বাহিৰে আনলৈ চকুকে নিদিয়ে ।ভালেই কৰে,নিজে নিজৰ কাম কৰি যোৱাটোৱে ভাল ।কিন্তু সকলোৱে মনত ৰাখিবা সময় সকলোৰে উৰ্ধত । আমি সকলোৱে কিন্তু সময়ৰ শৰ মৰাত পাকৈত,নহলেযে সময়ত ফল খাবলৈ নাপাম ।আজিকালি সেয়ে সময়ৰ কাম সময়ত নকৰিলে পাছলৈ বৰ সমস্যা হয় ।সময় গ'ল , বছৰ বাগৰিল তাৰ লগে লগে আমিও এখোজ আগবাঢ়িলোঁ । ভাবাচোন আমি পাৰ হৈ যোৱা বছৰ সমূহত কি কি কৰিলোঁ
তাকে ভাবি ভালবোৰ তপাতপে খোৱা আৰু বেয়া বোৰ পেলাই দিয়া , সেয়া হ'ব বুধিয়কৰ কাম ।।

-



টোপনিয়ে আগুৰাৰ আগতেই
অলপ স্মৰণ কৰিবা
পুৰণি স্মৃতি...
তেতিয়াহে যদি
অলপ মনত পৰে
পাৰ কৰি অহা প্ৰতিটো দিনৰ
ৰং ধেমালীৰ সময় খিনি ।
মনত পেলাবা
সেই দিনটোৰ কথা !
যি দিনা ...
আমাৰ মাজত সৃষ্টি হৈছিল এক বন্ধুত্ব।
আমাৰ এই বন্ধুত্বৰ গছ জুপি
হেৰাই যাৱলৈ নিদিও কদাপি
সযতনেৰে ৰাখিম
বন্ধুত্বৰ গছজুপিৰ
ডাল -পাতৰ সৌৰ্ন্দয্য খিনি।

- শিৱানী বৰুৱা

-


15 JUL 2021 AT 12:48

জীৱন পেৰাটোত সমাহিত,
বিক্ষিপ্ত ভগ্ন সময়বোৰৰ মাজত
জিলিকি ৰোৱা,
এক সুৰক্ষিত আৰু সুন্দৰ সময়...।

যাৰ পৰশেই,
জীৱনী শক্তিৰ যোগান ধৰে...
আহত অস্তিত্বৰ
শোকাল শৰীৰক...!

-



খিড়িকীয়ে সোমাই অাহি ৰ'দ জাকে
স্বপ্নময় টোপনি কাঢ়ি নিলে,
মলয়া এছাটিয়ে গা জোৰ পেলাই
নতুন পুৱা অহাৰ বাতৰি দিলে ।

খিড়িকী খুলি , চোৱাহি জুমি
চৰাইবোৰে গীত জুৰে
প্ৰভাতি পুৱাৰ বাতৰি দি
এটা নতুন পুৱাৰ শুভেচ্ছা জনাই হি ।।

-


19 JUL 2021 AT 8:50

ডাৱৰৰ সিপাৰে থকা সাকাৰাত্মক উৰ্জাই
যোগাত্মিকতাৰ শক্তিৰে উদ্ভাষিত
তেজস্বী কিৰণ সহিতে অৰ্পণ কৰা,
প্ৰেৰণাদায়ক অংশুৰ সান্নিধ্যত
বুকুৰ মাজলৈ শিপাই যোৱা,
স্নেহাল শিপাবোৰৰ পৰশত
মন পুলকিত হ'ল ধীৰে ধীৰে...

-


6 JUL 2021 AT 8:47

প্ৰকৃতিৰ বুকুত শিৰ থৈ
ৰ'দালি এজাকত তিতিবলৈ মন
লগত শব্দৰ জোলোঙাখন লৈ

-


13 JUL 2021 AT 10:28

হৈ....
নামি আহে,
নিঃশব্দৈক নিনাদেৰে...
স্পন্দিত কায়াৰ
ৰিক্ত পথাৰলৈ...

-