ইমানেই অভিমান নে ...
কোনোবাজনৰ সঁচা ভালপোৱাকো...
আওকাণ কৰি গুচি গ'ল ....//-
PROUD INDIAN 🇮🇳🇮🇳🇮🇳
নলবাৰী , অসম ...........
MSc student , PG... read more
গোটেই দিনটো মা-মা কৈ
চিঞৰি মনৰ সকলো কথা
এফালৰ পৰা কৈ যোৱা
মাকৰ আলসুৱা ল'ৰাটোৰ
আজিকালি দুদিনৰ মূৰত
মাকক এষাৰ মাত দিবলৈ
কিছু সময়ৰ অভাৱ।।
দিনটোত এঘন্টা সময়
তাইৰ মাতটো নুশুনাকৈ
থাকিব নোৱাৰা মানুহজনৰ
আজিকালি গোটেই দিনটোত
এষাৰ মৰমৰ মাত দিবলৈ
কিছু সময়ৰ অভাৱ।।
দিনে-নিশাই গান গায়
ফুৰা ল'ৰাজনৰ আজিকালি
এবাৰ গীতাৰখন চুবলৈ
কিছু সময়ৰ অভাৱ।।
ধন-সোণ, নাম-যশ বিচাৰি
আপোন মানুহৰ পৰা আতঁৰি
নিজৰ অস্তিত্ব বিসৰ্জন দি
নিসংগতাকেই একমাত্ৰ সংগী কৰি
কপালত পেলালে মাথোঁ
নিৰাশা আৰু হতাশাৰ চাপ।
আজিকালিৰ যান্ত্ৰিক জগতত
নিজস্বতা হেৰুওৱাবোৰৰ যে
নিজৰ বাবে উলিয়াবলৈ ও
কিছু সময়ৰ অভাৱ।।-
বেজাৰ মনে কৃষক ককাই
কয় ভাৰ্য্যাজনীক চাই
"হ'ৰা ভাখৰীত দুখুন আৰু
আকপাল্লা চাউলো নাই।"
আজিকালি পথাৰৰ ধানবোৰ
পোনে পোনে বস্তাত সোমাই,
খেতিয়কৰ ভঁৰালৰ পৰিবৰ্তে
সুলভ মূল্যৰ দোকানহে পায়।।
বিধিৰ বিপাক, খাটি খোৱা
দুৰ্ভগীয়া মানুহবোৰে নিজৰ
কষ্টৰ ফচলবোৰ আকৌ
দুই-তিনি টকা দি কিনি খায়।।
ধনীবোৰ দিনে দিনে আৰু ধনী হৈ যায়
দুখীয়াবোৰ মাথোঁ আছে জীয়াই
মধ্যবৃত্তবোৰৰ আজি মৰিবলৈও ঠাই নাই,
বজাৰৰ জুই নুমাবও পৰা নাই
জুইৰ ফিৰিঙতিবোৰৰ পৰা
নিজক বচাবও পৰা নাই।।
"হে সুবিধাবাদীৰ দ'ল তোৰ মিছা হ'ব কৌশল"
কথাষাৰ আকৌ এবাৰ জুকিয়াই চাবৰ সময় হ'ল।
এজাক সুবিধাবাদীৰ কূট কৌশলৰ ফলশ্ৰুতিত
আজি জাতি-মাটি নি:শেষ হোৱাৰ উপক্ৰম হ'ল।।-
উৰুকা (অনুগল্প)
মা আজি চাৰিওফালৰ পৰা মাছ-মাংসৰ ইমান ধুনীয়া গোন্ধ আহি আছে । আজি সকলোৱে কিয় মাংস বনাইছে ? জোনৰ প্ৰশ্ন শুনি মাক মাকনে তাক ক'লে, আজি উৰুকা। আজি সকলোৱে মাছ-মাংসৰে লগভাত খায়। এয়া আমাৰ অসমীয়াৰ পৰম্পৰা। মা, আজি ৰাতিপুৱাৰে পৰা দেখিছোঁ সকলোৱে হাতত ডাঙৰ ডাঙৰ মাছ আৰু মোনা ভৰাই বজাৰ কৰি নিছে। আজি দেউতায়ো আমাৰ বাবে মাংস আনিব হয়নে ? সদায় সদায় নিমখ ভাত খাই মোৰ বৰ আমনি লগা হৈছে। তাৰ আশাভৰা অবাস্তৱ কথাষাৰৰ উত্তৰত মাকৰ মাথোঁ দুটোপাল চকুলো নিগৰি আহিল। কিছু সময় পিছত দেউতাকে ঘৰ সোমাই হাঁহি হাঁহি মাকনক ক'লে, হেৰা আজি এপোৱা ডাইল আনিছো হে। ভালকৈ বনোৱা। উৰুকা বুলি তিনিও আজি একেলগে বহি ভাত কেইটা খাম। তেওঁৰ কথা শুনি মাকনে আৰু চকুপানী বোৰক বাধা দি ৰাখিব নোৱাৰিলে। হুক-হুকাই কান্দি কান্দি তেওঁ ঘৰৰ পাছফাললৈ গুচি গ'ল। জোনৰ দেউতাকে অসহায় চাৱনিৰে মাকনৰ মুখলৈ চাই থাকিল।
ৰাতি ভাত খাবলৈ মাতিব গৈ মাকনে জোনক ক'লে, আজি দেউতাৰে তই ভাল পোৱা মছুৰ দাইল আনিছে। মই দাইলতে তোৰ বাবে ডাঙৰকৈ আলু এডোখৰ দিছোঁ। আহ সোন তিনিও একেলগে উৰুকাৰ ভাতসাঁজ খাওঁ।-
UNTITLED
আজি নৈপাৰৰ বিৰিণাবোৰে
তাইৰ নামতেই নাচি উঠিছে ।
প্ৰভাতী সূৰুযেও আজি আকাশত
তাইৰ নামৰে ৰঙা ৰহণ সানিছে।
তাইৰ প্ৰিয় গীতৰ কলিটি আজি
চৰাইজাকেও সমস্বৰে গাইছে।।
তাইৰ প্ৰতি মোৰ থকা
মোৰ মৰম আৰু বিশ্বাস
কিমান বেছি গভীৰ
সেয়া তাই ভালকৈয়ে জানে।
সেই কথা নৈখনেও জানে,
সুনীল আকাশখনেও জানে,
পৰিভ্ৰমী চৰাইজাকেও জানে,
মোৰ প্ৰিয় বিৰিণাবোৰেও জানে..
মোৰ অপ্ৰকাশিত মনৰ বতৰা
সিহঁতে হয়তো ভালদৰেই বুজে।।
মোৰ মনৰ বতৰা লৈ
নৈখনে মিঠা হাঁহি মাৰি
খৰ গতিত আগবাঢ়ে,
সুবিশাল সাগৰৰ বুকুলে
হয়তো মোৰ কোমল মনৰ
গুপুত বাতৰি জনাবলে।
সেই একে মিঠা সুৰেৰে
ঘৰমুৱা চৰাইজাকেও
মোলৈ কেৰাহিকৈ চাই
ধীৰ গতিৰে উৰা মাৰে
আকৌ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে।।-
অনুভৱ (কবিতা)
মোৰ কলমেৰে আৰু নামি নাহে
তেওঁৰ সেই চিনাকি কবিতাৰ ছন্দ।
যাৰ প্ৰাণ চঞ্চল হাঁহিয়েই মোৰ প্ৰেৰণা,
আজি তেওঁৰ অবিহনে মোৰ হাতৰ আঙুলি নিঠৰ।।
আজি মোৰ মুখেৰে আৰু শুনিব নাপাবা
তেওঁৰ সেই ভালপোৱা গীতৰ কলিটি।
যাৰ মৰম আকলুৱা চকু যুৰিয়েই মোৰ একমাত্ৰ প্ৰেৰণা,
তেওঁৰ অবিহনে এতিয়া মোৰ হৃদয়ত নুঠে সপ্ত সুৰৰ লহৰ।।
মোৰ মনৰ আকাশত আজি বিষাদৰ
গধুৰ কলীয়া ডাৱৰৰ হাঁহাকাৰ।
তেওঁক আৰু কাহানিও ওচৰত নোপোৱাৰ দুখত
হয়তো মেঘবোৰে দুনয়নেৰে তপত বৰষা হৈ নিগৰিব।।
কিছুদিন বৰ অসহ্য লাগিব, হৃদয়েও উচুপি উঠিব
হয়তো তেওঁৰো মোৰ কথা মাজে মাজে মনত পৰিব।
লাহে লাহে সকলো নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিব
কিন্তু অন্তৰৰ একোণত এটুকুৰা ঠাই সদায় খালি হৈ থাকিব।।
অন্তহীন আশা আৰু দীঘলীয়া অপেক্ষাৰ অন্তত
হয়তো আকৌ তেওঁক লগ পোৱাৰ সৌভাগ্য হ'ব।
কিন্তু তেতিয়া আমাৰ মাজত এতিয়াৰ দৰে আন্তৰিকতা নাথাকিব
এজন নৱপৰিচিত আলহীৰ দৰেই আমাৰ কথাৰ সমাপ্তি ঘটিব।।-
শত-সহস্ৰ সংগ্ৰামী জোৱানৰ
সৰ্বোচ্চ ত্যাগৰেই ফল তুমি।
মৃত্যু সন্মুখত দেখিও পিছহুহুকি
নহা অসংখ্য বীৰ-বীৰাংগনাৰ
সততা আৰু সাহসৰ ফচল তুমি ।।
নিষ্ঠুৰ, বৰ্বৰ ইংৰাজৰ কঠোৰ
শাসন আৰু শোষণৰ বিৰুদ্ধে
দেশবাসী সংঘবদ্ধ হৈ ওলাই আহি,
মহাত্মা গান্ধীৰ বলিষ্ঠ নেতৃত্বত হোৱা
অসহযোগ, অহিংসা আন্দোলনৰে
বৃটিছক ভাৰতৰ পৰা পঠালে আঁতৰ কৰি।।
সেই শত সহস্ৰ বীৰ ছহীদৰ বলিদানে
বৃটিছৰ পৰা কাঢ়ি আনিলে দেশৰ স্বাধীনতা,
সেয়ে আজিৰ স্বাধীন দেশৰ স্বাধীন নাগৰিকৰ কৰ্তব্য
নীল আকাশত সসন্মানে ত্ৰিৰংগা পতাকা উৰুওৱা।।-
কিমানজন জোনাক প্ৰিয় মানুহৰ আজি
আন্ধাৰেই একমাত্ৰ সংগী হৈ পৰিল ..!
সমাজ পোহৰাই তোলাৰ সপোন দেখা
কিমানজন আজি আন্ধাৰতেই হেৰাই থাকিল...!!
আঙুলিত ধৰি পোহৰৰ লগত পৰিচয় কৰাই দিয়া জনেই
আকৌ এবাৰ পোহৰ দেখাৰ পৰা বঞ্চিত হৈ পৰিল....!!!
(আক্ষেপ, অসন্তুষ্টি আৰু দুৰ্ভাগ্য)-
শূণ্যতা (অনুগল্প)
ভণীয়েকৰ বিয়াৰ দুদিন পিছত সকলো কামৰ সফল সমাপ্তি ঘটাই যেতিয়া মনোজে অলপ জিৰণি ল'বলৈ তাৰ কোঠাত সোমাল, এক অবুজ বেদনাই তাৰ মনটো বৰ গধুৰ কৰি তুলিলে। তাৰ অনুভৱ হ'ল গোটেই ঘৰখনকেই যেন এক বিশাল শূন্যতাই আৱৰি ধৰিছে। সকলো সময়তে চিঞৰ-বাখৰ কৰি থকা, কোনো অসন্তুষ্টি নোহোৱাকৈ দেউতাক আৰু তাৰ যত্ন লোৱা মাইনাৰ অনুপস্থিতি মনোজে বাৰুকৈয়ে উপলব্ধি কৰিলে। সদায় সৰু সৰু কথাত কাজিয়া কৰি থকা আৰু কথাই কথাই 'বিয়া দি দিলে মজা পাবি' বুলি জোকাই থকা ভণীয়েক মাইনাই সচাকৈয়ে ঘৰখন খালি কৰি থৈ বিয়া হৈ গুচি গ'ল। বিছনাৰ আগত থকা ভণীয়েকৰ ফটোখন চকুত পৰাত দুটোপাল তপত চকুলো মনোজৰ দুগালেৰে নামি আহিল।-