মোৰ প্ৰতিটো উশাহত তোমাৰ নাম
তেজৰ সোঁততো তোমাৰে স্পন্দন।
তোমাৰ এসাৰ মাতে মোক প্ৰাণ দি যায়,
ক'ব খুজিছো... নাই নোৱাৰিম চাগে
কিয় নাজানো!!
এয়া তোমাক পোৱাৰ হেপাহ
নে হেৰুৱাৰ শংকা
হ'ব মন যায় মোৰ তোমাৰ প্ৰিয়াজনী
এটি মূহুর্তৰ বাবে হ'লেও
কিন্তু... নোৱাৰিম ক'ব।।-
মন যায়....
নীলাকাশৰ সীমনাত মেঘবোৰক সংগী কৰি
এদিন জী চাব মন যায়....
ভাগৰুৱা জীৱনৰ মোট সলাই
মুকলি মনে উশাহ ল'বৰ মন যায়....
বিষে ধোৱা কলিজাৰ তমসাবোৰক খেদি
শুকান ৰঙবোৰক আকৌ জীপাল কৰিব মন যায়....
মৰকুঁচীয়া ৰোগে ধৰা শৰীৰক
ঠন ধৰিব দি হেঁপাহবোৰক জী ল'ব মন যায়....
বিৰক্ত কোলাহ'লৰ পৰা আঁতৰি
এদিন পৃথিৱীৰ নিঁভাজী সুৱাসক দুবাহুৰে সাৱটি ল'ব মন যায়....
-
মন যায় তোমাৰ কাষতেই
যেন উৰে জীৱন ৰৈ যাম,
হাবাথুৰি খাওঁ অজুহাতৰ আশাত
খেপিয়াই ফুৰোঁ দুহাত মেলি
পাওঁ নেকি
হেপাঁহৰ আশা...
মোলান পৰি যায় হিয়া
মেলা হাত মেলাতেই ৰৈ যায়
নাই যে কাষত তুমি
এচামকা সপোন হৈ ধৰা দিবলৈ।
-
:: মাৰ্ক শ্বিট
৯৮% বিজ্ঞানত , ৯৯%গণিতত,৯৭%ইংৰাজীত,
১০০ শতাংশ ঐশিকত,,
কিন্তু,,
পাৰিব জানো ,
ভয়াটোৰ আত্মাই অংকৰ তৰোৱালেৰে
জীৱন যুঁজত জয়ী হ'বলৈ,,
Alchohol ৰ formula C ²H ⁵OH,,
পাৰিব জনো মদীৰাৰ নিচাত মাতাল হৈ
গান গাবলৈ,,,,
'H²O' formula জনিলেই জানো পাৰিব,
বুঢ়ালুইতৰ বুকুত সাঁতুৰি,নাদুৰিবলে,,,।
জীৱন লুইত খন আছেই ভৰি,,
পাৰিব জানো বিজ্ঞানৰ ৯৮ শতাংশই
সাঁতুৰি ফুৰিবলৈ,,,??
উম,
কেতিয়াবা হাৰিবলৈ ও দিব লাগে,,
জীৱন পৰীক্ষাত,
কেতিয়াবা ডুবিব দিব লাগে ,
বিশাল বুঢ়ালুইতত,,
কেতিয়াবা নাচিবও দিব লাগে মতলীয়া হৈ
মদিৰাৰ নিচাত,,
এখন কাগজৰ ,
দুটামান গোটা গোটা সংখ্যাই জানো,
বিবেচিত কৰিব পাৰে,
জীৱনটো,,,???
:::- অনুৰাগ
-
কিবা লিখিলে ছন্দবোৰ মিলাব নোৱাৰো,
নিজেও পঢ়ি দূ:খ পাও। লগতে হিয়া ভঙা মনপখিৰ বেদনা
-