পখিলাৰ পাখি পিন্ধি
উৰি যাম মই,
চিত্ৰলেখা হৈ,
সুদূৰ দিগন্তৰ,
সেই অজান দেশলৈ !
মোৰে সৈতে যাবানে
ৰং বুতলিবলৈ ?!-
তোমাৰ নামতেই আজি
হৃদয়তখনি পখিলাৰ দৰে
মূহুৰ্ততেত উৰি যাব খোজে,,
অজান নিৰৱ ঠাইলৈ
তোমাৰ নামতেই আজি
খৰালিৰ শুষ্কতাতো ভৰ বাৰিষা নামে,,
ভাল লগাবোৰ সৰে বৰষুণ হৈ,
অন্তৰৰ গভীৰৰ পৰা গভীৰলৈ।
তোমাৰ নামতেই চোন আজি
শীতৰ চেঁচা বতাহজাকেও
মন চুই যায় গোপনে।
বুকুত সাবতি লও সকলো....
বৰষুণৰ প্ৰটিটো টোপাল
আৰু মনৰ পখিলাটিৰ সৈতে
তুমি তুমি যেন লগা
শীতল বতাহ জাকৰ স্পৰ্শ।।
-
মন নাই, হেৰুওৱাবোৰৰ আঁত বিচাৰিবলৈ,
হেপাঁহ নাই আনে যোৱা বাটত যাবলে,
কামনা নাই, এৰি অহা দুখবোৰ পুনৰ পাবলে,
বাসনাও নাই, উজাগৰে ৰাতি নিসংগে কটাবলৈ,
কি পালোঁ, কি হেৰুৱালোঁ, সকলোবোৰ পুনৰ অনুকিয়াই চাবলে মন যে অকনো নাই ,
কেবল বেদনা তিক্ত জীৱনৰ পৰা আঁতৰিব বিচাৰোঁ,
দুখবোৰক নেদেখা নদীত উটাব খোজো,
মুক্ত পৃথিবীত প্ৰান খুলি জীয়াব বিচাৰো,
পোহৰ দেশৰ পখিলা জনী হৈ,
মৰমেৰে সুখৰ ফুলপাহৰ ন ন আশাৰ ৰস পান কৰি,
গোটেই জীৱন ভাল লগা অনুভুতি বোৰক নিজৰ কৰি লব বিচাৰোঁ.... 💖-
ফুলো ফুলো গোলাপৰ কলিটিত
পখিলিয়ে ৰঙ মনেৰে মৰম যাচিলে,,,
পখিলিৰ মৰম পাই গোলাপটোৱেও
মৰমতে যেন ঠেহ পাতিলে,-
পখিলা আজি আকৌ মোৰ কান্ধত পৰিল,
ৰামধেনু ডেউকা মেলি হৃদয় মোৰ উৰিল l
A butterfly again touched my shoulders,
My heart flew in rainbow coloured wings.-