-
এ তল্লাটে আর দেখিনা তোকে....
কোন পাড়াতে আটকে গেলো চোখ?
কার বুকেতে লিখলি পদাবলী?
আমার বুকে জ্বালিয়ে দিয়ে শোক?-
▪শোকাৰ্ত ৰূঢ় বাস্তৱ▪
বুজা হোৱাৰে পৰাই হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল দিয়াৰ দিনটো কিবা এক বিশেষ হৈ পৰিছিল।সেইদিনটোত আঙুলিৰ মূৰত গণিছিলো আৰু কিমান বছৰৰ মূৰত মই/আমি এই বিশেষ দিনটো পাম। সেই দিনটোত নিকেতনৰ দাদা-বাহঁতৰ ভাল ভাল ফলাফলবোৰত বিৰাট স্ফূর্তি কৰিছিলো। মনতে জল্পনা-কল্পনা কৰিছিলো কেনেকৈ আহিব লগা বিশেষ দিনটোত মই ভৰি দিম ভয়ো লাগিছিল, ভালো লাগিছিল।
নৱম শ্ৰেণী পোৱাৰে পৰাই সকলোৱেই কৈছিল, "পালেহিয়েই দেই। ভালকৈ পঢ়া। মিঠাই খাবলৈ পাব লাগিব।" উৎসাহিত কৰিছিল এনেবোৰ কথাই।
দশম শ্রেণীৰ দুটিমাহ পাৰ হোৱাৰ পৰাই লাহে লাহে সকলো সলনি হৈ আহিল, তথাপি এনে কিবা এটা ভুলতো আশা কৰা নাছিলো। মেট্রিক পৰীক্ষাৰ তীব্র আশাৰে, ফলাফলৰ দিনটোৰ অগণন সপোন মনত পুহি ৰাখিছিলো। লাহে লাহে ই কক্বকাবলৈ আৰম্ভ কৰিলে আৰু শেষত মৃত্যু হ'ল।
হয়, ফলাফলৰ দিন এটি পাম। কিন্তু ১১-১২ বছৰীয়া সপোনটিৰ সন্তুষ্টি জানো পাম!
ভাগ্যতেই নাই.....! উপায় নাই...! আমি পৰিস্থিতিৰ দাস। পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবই লাগিব।
মোৰদৰে প্ৰতিজনলৈ আগন্তুক নতুন জীৱনটিলৈ অগণন শুভকামনা যাঁচিলো। সকলো আগুৱাই যাওঁক লক্ষ্য প্ৰাপ্তিৰ দিশে।-
ভালোবাসলে প্রমান দেবো? সে ভালোবাসা মিথ্যে হোক,
চাইনা তোকে কাছে আমি হোক না বুকে যতই শোক।-
শান্ত চোখে স্বপ্ন পুড়ে....
নেশায় পোড়ে বুক,
একাকীত্বের রাত্রি জুড়ে,
সব হারানোর শোক।— % &-