অভিমানী চহৰত,
---কেতিয়াবা শব্দই চিঞৰে---!
নষ্ট কবিতা হোৱাৰ বেদনাত।।-
নৈ খনৰ গৰাহত
সি সিদিনা অকলে থিয় হৈ আছিল
মূৰৰ ওপৰে উৰি গৈছিল_
বিষাদ মিহলি ধূলিৰ বতাহ
উশাহে নিচিনা আন শৰীৰৰ গোন্ধ_
চৈ বান্ধি বান্ধি নাৱৰীয়াই গাইছিল :-
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"
"তোৰ বুকুতে বিধাতাৰ বুকু দুৰু দুৰু"
"এই পানীকে মই সাৱতি মৰো মৰো"
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"-
চকা মকা ফাগুনত
বলিয়ালি নকৰিবি_
নষ্ট যোৱা ৰঙাখিনিৰ সান্নিধ্যত_
তৰুণ কবিৰ স্পৰ্শতে
আকাশত জুই জ্বলে_
অপেক্ষাৰ প্ৰান্তত
ফাগুন তই নিলাজ নহ'বি_
🖋জোনাক-
প্ৰেমৰ ফালে
আগবাঢ়ি যোৱা প্ৰতি খোজত
এতিয়া মেৰ খাই ৰোৱা শিলুৱা এন্ধাৰ_
সি বহি আছে
ফৰিংফুটা জোনাকৰ হাবিত
নৈশব্দে নিসংগতাৰ চোলা খুলি
এজাক কবিতাৰ সাঁচতীয়া ধলত_-
তোৰ গৰ্ভত মই নিজক বিচাৰি আছিলোঁ বহুদিন_
তোৰ শিপাত এটা তৰুণ কবিতাই
পোখা মেলিছিল সিদিনা_
মৰাশ সদৃশ তাৰ দেহত
এতিয়া নাকত লগা শব্দৰ তীব্ৰ গোন্ধ_
এন্ধাৰক আচ্ছাদন দিয়া তাৰ বক্ষত
আজি অঘৰী কবিতাৰ অস্ফুট ছন্দ_
এই তৰুণ কবিয়ে
শব্দৰ মিতব্যয়ীতা বুজি নাপাই_-
নেদেখা আবেলিৰ তীব্র দেদাউৰি *
ভগ্ন পথিকৰ মসৃণ আলি *
বিবৰ্ণ সময়ত হেৰুৱা অস্তিত্বক *
ওৰে ৰাতি নিৰ্লজ্জ হৃদয়ে লুকুৱাব জানে *
সময়ে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে আৰ্তনাদৰ সুৰ *
আকৌ এবাৰ যদি নিমন্ত্ৰণ দিয়ে *
জীৱনৰ বিৰুদ্ধে আছে অপৰ্য্যাপ্ত *
এজাপ হালধীয়া দস্তাবেজৰ হাঁহি *
ঠিকনাৰ অন্তৰাললৈকে শুই পৰিম *
অস্তগামী বেলিৰ শেষ দেদাউৰিক ভেদি *-
জোনাকত তিতি বুৰি আহিছিল সি
কৃষ্ণচূড়াৰ দেশত বিচাৰিছিল মোৰ হেৰুৱা ঠিকনা
শীতল সুঁতি হৈ পুনৰ বাৰৰ বাবে সি স্পৰ্শ কৰিছিল
মোৰ আধৰুৱা সপোনবোৰ
বৰষুণ জাক ক্ৰমাৎ বাঢ়ি আহিছিল
সেউজীয়াজাকৰ লগত যেন সিও প্ৰাণ পাই উঠিছিল
হতাশ হৈ পৰিছিল যদিও হাৰ মনা নাছিল সি
বিচাৰিছিল সি দূৰ্বাৰ ঘাটৰ পানীৰে জোনাকৰ চোতালত
খলখলাই গা ধুই গুচি যোৱা
উন্মাদ সপোনজাক মোৰ ঘূৰাই আনিব
পুনৰ বাৰৰ বাবে বিচাৰিছিল সি শৰতৰ শেৱালীডালৰ
তলত মোৰ সতে বহি চেক্সপীয়েৰ ট্ৰেজেডী পঢ়িব
বিষাদগ্রস্ত হৃদয়ে তাৰ বিচাৰি ফুৰিছিল
মোৰ হেৰুৱা অস্তিত্ব
শূণ্যতাৰ মাজত সপোনৰ পয়োভৰত গাৰু তিতিছিল তাৰ
অনুভৱবোৰ অনুভৱ হৈয়ে ৰৈ গৈছিল
আলফুলে আহি কোলাত শুই যোৱা সপোনজাক মোৰ
সি গ'ম নোপোৱাকৈয়ে বৰপেৰাৰ কাপোৰৰ
ভাঁজে ভাঁজে গৈ বুকুৰ মাজত নাইকিয়া হৈছিলগৈ
সেইবাবেই চাগে সি বিচাৰি আহিছিল পাহৰা দেশত হেৰুৱা
মইজনীৰ অস্তিত্ব
মই যে নাছিলোঁ, কেতিয়াও নাছিলোঁ
সি বুজি পাব জানো কেতিয়াবা?
এনেদৰেই শেষ হৈ যাব দিনৰ পিছত ৰাতি
ক্ৰমাৎ শুকাই যাব ভৰা কলঙৰ পানী
পাখি সৰি লীন হৈ যাব মোৰ সপোনজাক
মোৰ স'তে তেজ পানী আৰু
মাটিৰ বুকুত-
~~~~~~~~~~প্ৰেম~~~~~~~~~~
প্ৰতি পলে সলনি কৰা এক দুৰ্দান্ত নিচা
জীৱনৰ বাট আজি উন্মত্ত ।।
নীৰৱছিন্ন বৈ যোৱা যৌৱনৰ বা
কিহৰ কামনাত প্ৰতাৰিত হোৱাৰ ভয়__??
নিখুঁত হৃদয়ত বিলাসীকতাৰ চোলা পিন্ধা
উন্মাদৰ ঠিকনা বিচাৰি প্ৰেমৰ নামত
এই তৃষ্ণা আকৌ কিয়__??
জীৱনে জানে , সময়ৰ সৈতে
ক্ষণিকত হেৰাব এই প্ৰেমৰ আসক্তি ।।
তথাপিও আকৌ এবাৰ প্ৰেমত পৰাত
অপৰাধীৰ নাম আজি মোক কিয়__??
প্ৰেমৰ পবিত্ৰতাক কলংক নাসানি
যদি , কৃত্ৰিমতাৰ ব্যতিক্ৰম গৈ হৃদয়ৰ প্ৰেমত পৰা ।।
মই কথা দিছোঁ ,
প্ৰতাৰকৰ দাগ মই কাহানিও নাসানো ।।-
সময়ৰ বাউসীৰে *
বাকী জীৱনে বিৰক্তিৰে নামে *
কবিতাৰ প্ৰেমত শত্ৰুতা ক্ৰমশঃ বাঢ়ে *
মনৰ প্ৰতিবিম্বত ভীষণ অভিযোগ *
নীলা চিয়াঁহীয়ে হেনো বেশ সলাইছে *
স্তৱক বোৰে প্ৰেমক গিলিছে *
অস্তৰাগেৰে উৰিছে জীৱনৰ গাত *
এখনি নীলা চাদৰ নিশাহৰ ছাঁত *
হুমুনিয়াহবোৰত মলিয়ন শাৰী *
নীৰৱতাৰ ফাঁকেৰে জীৱনৰ মিচিকিয়া হাঁহি *
~~~~~~~~~~~~~~~~~~~~~~~~~~~-