আজিকালি তেওঁ ব্যস্ত ,
নিজৰ জীৱনটোৰ সৈতে ,
তেওঁ হেনো ব্যস্ত
" তেওঁৰ আপোনবোৰৰ সৈতে "
তেতিয়াহে ভাৱ হৈছিল,
" মোক সময় দিবলৈ
মই চোন তেওঁৰ কোনোৱেই নাছিলোঁ ॥ "-
কোৰ্হাল শুনিছা মোৰ চহৰত?
নিৰৱ কোৰ্হাল?
ষড়যন্ত্ৰৰ চক্ৰবেহুত সোমাই পৰোতে
মই আটাহ পাৰিবলৈ সুযোগ নাপালোঁ!
সৰ্বস্বান্ত হৈ চেঁচুকীয়া আলিত বাগৰি
বিবেকে কোৰ্হাল কৰি উঠিল নিৰৱে___
যি কোৰ্হাল তুমি নুশুনা, নেদেখা
মাথোঁ নিজস্বতাৰ ৰস চুপি থাকিলে(!)
সেমেকা চুলি (মোৰ) কাণত গুজি দি
আশাৰ মৌপিয়াই কাণে কাণে ক'লে;
বহাগৰ গছ লতিকাৰ দৰেই এদিন
সূৰুযে ঠন ধৰিব তোমাৰ চহৰত__
ওঁঠ যুগলত ৰ'দে হাঁহিব সিদিনা___
আৰু তুমি উৰুৱাই দিবা সুখৰ বুটা বচা ৰিহা__
(*তোমাৰ কোৰ্হাল নুশুনা আপোনবোৰৰ সৈতে)
**অকথ্য তথা সত্য।-
ᗕতেজৰ গোন্ধᗒ
পিছদুৱাৰেদি শ্মশানৰ পৰা চিধাই আহি
নাকত লাগিছিল এটা ফিৰফিৰিয়া গোন্ধ।
বহুদিনৰ মূৰত পাইছিলো বতাহৰ কৃপাত
চিনাকি চিনাকি লগা এক পাহৰা সুগোন্ধ।।
সেয়া হেনো মৰা মানুহৰ পুৰণা তেজৰ গোন্ধ,
যাৰ তেজৰ ঢৌত নাচিছিল মনুষ্যত্বৰ জিঞা।
মোৰ চৌপাশৰ জীৱন্ত আপোন মানুহখিনিৰতো
উতলা তেজত পাওঁ কেঁচা মঙহৰ দুৰ্গোন্ধ(??)-
//অচিনাকি//
এই যে আমাৰ আশে-পাশে থকা অচিনাকিবোৰ!
কেতিয়াও কেৰাহিকৈও নাচাওঁ তেওঁলোকৰ ফালে,
চামেই বা কিয়? কোন হয় তেওঁলোক আমাৰ?
কিন্তু কেতিয়াবা ভাবিছেনে, তেওঁলোকেই আমাৰ আপোন(?)
সময়ৰ কোবাল সোঁতত প্ৰতিপলে হেৰুৱাইছো আপোনত্বৰ সংজ্ঞা।
প্ৰতিশ্ৰুতিৰ প্ৰলেপ সানি কোনোবাই সোঁৱৰণি উপহাৰ দি গৈছে,
কোনোবাই আকৌ খোজেপতি সংগী হৈ আঁৰে আঁৰে ষড়যন্ত্ৰ ৰচিছে ।
অথচ আপোনত্বৰ সংজ্ঞা বুলিলে তেওঁলোককে বুজিছিলো।
ভাবিবও পৰা নাছিলোঁ নিজেও যে নিজৰ আপোন নহয়,
নহ'লেনো পুনৰ কষ্ট পাম বুলি জানিও কাৰোবাৰ এষাৰ
মিঠা মাততেই প্ৰতাৰণাবোৰ পাহৰি নিজে আকৌ আদৰি আনোনে?
এই যে আমাৰ আশে-পাশে থকা অচিনাকিবোৰ!
তেওঁলোকে কিন্তু নকৰে পিছৰ পৰা আমাক চুৰিৰ আঘাত,
নকৰে ষড়যন্ত্ৰৰ গুণা-গঁথা কিম্বা প্ৰতিদ্বন্দ্বী হোৱাৰ আখৰা,
বিশ্বাসৰ খোপেৰে অন্তৰত প্ৰৱেশ কৰি ভাঙিও থৈ নাহে সপোনবোৰ।
তেন্তে এই অচিনাকিবোৰ আমাৰ আপোন নহৈ হয় কোন??-
তুমি দিয়া আশাৰ বতৰাবোৰ
মই বুজিৱে নাপালোঁ।।
সেই আশাত যে ৰঙীন আশা সলনি,,
এক ক'লা আশাহে আছিল বুলি।।-
ক্ষমা কেৱল ভুলৰহে থাকে___
আপোনালোকেতো ভুলবোৰক
বদাভ্যাস কৰি ৰাখি থয়(?)
পাহৰি নেপেলাব::
নিচেই আপোনজনৰ হ'লেও
বদাভ্যাসক মানুহে এৰাই চলায়!!-
হয়, ঠিকেইতো...
মইনো কোন?
মোক পাহৰি নাযাবলৈ!
আৰু তয়োনো কোন?
তোক মনত ৰাখি থ'বলৈ!
ওঁহো, নাই নাই...
ভাল নালাগে কিবা এটা!
এনেকৈয়োতো ভাবিব পাৰোঁ...
মইনো তোৰ কোন?
তই মোক নাপাহৰিবলৈ!
কিন্তু তইজন যে আপোন...
এটি পুৰণি চিনাকি সপোন...।।-
(ব্যস্ততা: একপ্ৰকাৰৰ দুখ!)
ব্যস্ততাৰ পাৰত কোন হতভগীয়াইনো ঘৰ সাজে?
মিথ্যা ব্যস্ততাৰ দোহাই দি আপোনত্ব চিঙি
আপোন মানুহ হেৰাই যোৱা নিষ্ঠুৰ সময়ত
হাঁহিবোৰ কবৰস্থ কৰি লোতক সামৰি থাকোতেই,
আলেঙে-আলেঙে ব্যস্ততাই মোকো আগচি ধৰে!
__ব্যস্ততাৰ পাকঘূৰণিত পুনঃ হেৰুৱাম এচাম চিনাকি!!-
••••••জন্মদিন••••••
"উশাহবোৰ দীৰ্ঘস্থায়ী হোৱাৰ তুলনাত
প্ৰাপ্য খামুচিওৱা দুহাত সৰু হ'ব"
__তেনেকুৱা এটা চুক্তিতেই মোৰ জন্ম!
স্বাক্ষৰিত চুক্তিত আপোনবোৰৰ মনোকষ্ট,
যদিওবা মই এনেকৈয়ে সন্তোষিত।।
নাই কোনো বিদ্ৰোহ, কোনো আক্ষেপ;
আনৰ অযথা প্ৰাপ্যক লৈও ঈৰ্ষা নকৰোঁ,
নাইবা নিজৰ অপ্ৰাপ্যতো শোক কৰা নাই।
সপোন দেখি গৈছো, দিঠক নহ'লেও নাই!
মুঠিত থকা প্ৰাপ্যখিনিৰেই নিজক সজাম।
লোকে তিৰস্কাৰ কৰিব বুলিও নাই ভ্ৰূক্ষেপ,
দুদিন পলমকৈ হ'লেও আপোনবোৰক
সুখৰ এযোৰ দামী পোছাক পিন্ধাম।।
তেওঁলোকেইতো বছৰৰ নিৰ্দিষ্ট এটা দিনত
সৰু দুহাতত আশীৰ্বাদ এজোলোকা দিয়াৰ উদ্দেশ্যে
উলাহেৰে যুটীয়াকৈ মোৰ কিবা জন্মদিন পাতে।।-